নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মৃত নাহৰফুটুকীৰ ছাল-দাঁত-লাওখোলা উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত আজি এটা মৃত নাহৰফুটুকী বাঘৰ ছাল, দাঁত, লাওখোলা উদ্ধাৰ হোৱাৰ লগতে এজন লোকক আটক কৰা হৈছে । জানিব পৰা মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই উত্তৰ ঢাৰিকাটি গাঁৱত এজন লোকৰ ঘৰৰ বাৰীত পুতি থোৱা অৱস্থাত সন্দেহযুক্ত মৃত নাহৰফুটুকী বাঘৰ ছাল, দাঁত, লাওখোলা আদি জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে, ঘটনা সন্দৰ্ভত বনবিভাগে নামৰ এজন লোকক আটক কৰিছে । আটকাধীন লোকজনৰ নাম বাবলু পায়েং । লোকজনৰ বিৰুদ্ধে বনবিভাগে বন সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত এচাম প্ৰকৃতিবিৰোধী লোকে উদ্যানৰ বনাঞ্চলধ্বংস কৰাৰ লগতে জীৱ-জন্তু চিকাৰ কৰাৰ নজিৰ আছে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like