নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা অভিযান

নিয়মীয়া বাৰ্তা,  ৭ মে’ : দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণ দিনক দিনে বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ অনুসৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসম আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নির্দেশমর্মে নলবাৰী জিলাত কালিৰে পৰা ঘৰে ঘৰে গৈ প্রতিগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰিব স্বাস্থ্য বিভাগৰ এটি বিশেষজ্ঞ দলে৷

সম্প্রতি ক’ভিড–১৯ৰ প্রাদুর্ভাৱ আৰু জাপানিজ এনকেফেলাইটিছ আৰু মেলেৰিয়া হোৱাৰ সম্ভাৱনাৰ পৰিপ্রেক্ষিতত এই তিনিওটা বেমাৰৰ বাবে জিলাখনৰ সকলো জনসাধাৰণৰক সুৰক্ষিত কৰি ৰখাৰ বাবে সকলো ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰিব বুলি জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্রাপাৰ, কমাৰকুছি, চামতা, মুকালমুৱা আৰু টিহু খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রকে ধৰি মুঠ ৫টা কেন্দ্র আছে৷ ইয়াৰ উপৰি নলবাৰী পৌৰসভা এলেকাৰ বাবে সুকীয়া নগৰীয়া খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র আছে৷

প্রতিটো প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ২৯টা ছেক্টৰ আছে৷ তদুপৰি জিলাখনত ১২২টা উপ–স্বাস্থ্য কেন্দ্র আৰু ৫৫টা প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু সমূহীয়া স্বাস্থ্য কেন্দ্র আছে৷ জিলাখনত ৪৭২খন ৰাজহ গাঁৱৰ প্রায় ৮.৫০ লাখ ব্যক্তিক ক’ভিড–১৯, জাপানিজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ পৰীক্ষাৰ কৰাৰ বাবে গ্রামাঞ্চলত ১৭৭টা স্বাস্থ্য কর্মীৰ দল আৰু নগৰাঞ্চলৰ বাবে ৪টা স্বাস্থ্য কর্মীৰ দল গঠন কৰা হৈছে৷ ৭ মে’ৰ পৰা এমাহজুৰি আৰম্ভ হ’ব ঘৰে ঘৰে গৈ প্রত্যেক লোকৰ এই স্বাস্থ্য পৰীক্ষা কৰা৷ এই সমগ্র প্রক্রিয়া এমাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

You might also like