নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ পাছতো চিনাক্ত নহ’ল যুৱতীৰ মৃতদেহ নলবাৰীত অব্যাহত চাঞ্চল্য

নিয়মীয়া বাৰ্তা ৬ মেঃ নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত বাটসৰৰ শ্রীশ্রীদুর্গা মন্দিৰৰ ভিতৰত সোমবাৰে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পাছত অঞ্চলজুৰি ব্যাপক চাঞ্চল্য তথা উৎকণ্ঠা অব্যাহত আছে৷ বাতৰি লিখা পৰলৈকে মৃতদেহ উদ্ধাৰৰ ঘটনাৰ প্রায় ২৪ ঘণ্টা পাৰ হয় যদিও এইপর্যন্ত যুৱতীগৰাকীৰ মৃতদেহ চিনাক্ত হোৱা নাই৷ জীনছ–ছার্ট পৰিহিতা প্রায় ২০–২৫ বছৰীয়া যুৱতীগৰাকীক ক’ৰ পৰা আনি উক্ত ঠাইত ঘাতকে হত্যা কৰি থৈ গ’ল সেই সন্দর্ভত বেলশৰ আৰক্ষী বিবুধিত পৰিছে৷ জানিব পৰা মতে, উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ বেগৰ পৰা উদ্ধাৰ কৰা হৈছে ‘হৰপল’ৰ পেকেট, গর্ভনিৰোধক বড়িৰ পেকেটৰ লগতে নগদ প্রায় ডেৰশ টকা৷ আনহাতে, দুর্গা মন্দিৰৰ চৌহদৰ মূল গেটখন বন্ধ থকা হেতুকে বিকল্প সৰু খোলা গেটখনেৰে হত্যাকাৰীয়ে প্রৱেশ কৰে৷ ইপিনে, নিশা প্রায় ৮.৩০ বজাত স্থানীয় লোকে বিকট চিঞৰ শুনিবলৈ পাইছিল৷ ইয়াৰ কিছুসময় পাছতেই ঘটনাস্থলীত মানুহৰ সমাগম ঘটে৷ অৱশ্যে ইতিপূর্বে ঘাটকে উক্ত স্থান এৰি পলায়ন কৰে৷ ইপিনে, কালি ঘটনাস্থলীত বেলশৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে নিশা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়৷ মঙলবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত অহা ৭২ ঘণ্টালৈকে চিকিৎসালয়খনৰ মর্গতে ৰখা হ’ব বুলি বেলশৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰমেন বড়োৱে জানিবলৈ দিছে৷ আনহাতে, ঘটনা সন্দর্ভত বেলশৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৩৬ নম্বৰত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ বাবে ব্যাপক তদন্ত অব্যাহত ৰাখিছে যদিও কোনো ক্লু উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like