বিশেষ বাৰ্তা, ৭ জুলাইঃ প্ৰাগজ্যোতিষপুৰ থানাৰ অন্তৰ্গত ঢেঁকীয়াবাৰীত বুধবাৰে নিশা এখন ধাবাত আগ্নিসংযোগ কৰা চাৰি দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত কেইটা অভিলাস চৌধুৰী (২৭), কুলদিপ শৰ্মা (২৫), জ্যোতিৰ্ময় কাশ্যপ (২০) আৰু প্ৰজ্ঞান জ্যোতি কাশ্যপ (১৮)। জানিব পৰা মতে ধৃত যুৱককেইটা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ। ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা অনুসৰি বুধবাৰে নিশা প্ৰায় দহ মান বজাত ৫-৬ জনীয়া যুৱকৰ দল এটাই ঢেঁকীয়াবাৰীস্থিত হোলোং ধাবাত প্ৰবেশ কৰি খাদ্য গ্ৰহণ কৰে। সুৰাত মত্ত হৈ থকা যুৱক কেইজনে উভোতাৰ সময়ত কিছু অস্বাভাৱিক বাক্যবান নিক্ষেপ কৰে ধাবা কৰ্তৃপক্ষলৈই।তাৰ পিছত দুই পক্ষৰ মাজত কথা কটাকটি হয় যদিও যুৱককেইজনক যাবলৈ কৈ ঘৰাঘৰি হয় ধাবাৰ কৰ্মচাৰী। কিন্তু মাজনিশা ধাবাখনৰ ছটাকৈ কটেজ দাও দাওকৈ জ্বলি থকা খবৰ পাই স্বত্বাধিকাৰী উপস্থিত হয় আৰু সেই সময়ত তাত যুৱককেইজনক প্ৰত্যক্ষ কৰে। স্বত্বাধিকাৰীক দেখি তাৰ পৰা পলায়ন কৰে যুৱককেইজন। পিছত কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত নিশা স্থানীয় আৰক্ষীয়ে মহানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱককেইজনক। যুৱককেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৩৬ ধাৰাত ৯৩ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
প্ৰেৰক বিভাষ দাস