নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা নথিৰে এনআৰচিত সোমোৱাসকলৰ নাম হ’ব কর্তন : মুখ্যমন্ত্রী

🔹 ‘বিশেষজ্ঞৰ পৰামর্শ লোৱা আৰম্ভ হৈছে’

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰ : ভুৱা নথি–পত্র দাখিল কৰি জালিয়াতিৰে এনআৰচিত নাম অন্তর্ভুক্ত কৰাসকলৰ বাবে আহি আছে নতুন বিপদ ৷ অচিৰেই চৰকাৰে ভুৱা নথি–পত্রৰ জৰিয়তে এনআৰচিত নাম অন্তর্ভুক্ত কৰাসকলৰ নাম কর্তনৰ ব্যৱস্থা কৰিব৷ কালি গুৱাহাটীত শ্বহীদ দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰি ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰে৷ উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এনআৰচিত ৬৮,৩৭,৬৬০খন আবেদনযোগে নাম অন্তর্ভুক্তৰ বাবে আবেদন কৰা ৩,৩০,২৭,৬৬১গৰাকী ব্যক্তিৰ ভিতৰত ৩,১১,২১,০০৪গৰাকী যোগ্য বিবেচিত হয়৷ ইয়াৰ বিপৰীতে ১৯,০৬,৬৫৭গৰাকী ব্যক্তিৰ এনআৰচিত নাম অন্তর্ভুক্তৰ বাবে অযোগ্য বিবেচিত হয়৷ কিন্তু এই চূড়ান্ত এনআৰচিখনত নাম অন্তর্ভুক্ত হোৱাসকলৰ ভিতৰত অজস্র অযোগ্য ব্যক্তিয়েও জালিয়াতিৰে নাম অন্তর্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত চূড়ান্ত এনআৰচি প্রকাশৰ পাছতো আজি পর্যন্ত দেশৰ মহাপঞ্জীয়কে সেই এনআৰচিখন আনুষ্ঠানিকভাৱে গ্রহণ কৰা নাই৷ ইয়াৰ বিপৰীতে আছুকে ধৰি বিভিন্ন দল–সংগঠনে এনআৰচিখন পুনৰীক্ষণৰ দাবী উত্থাপন কৰি আহিছে আৰু বিষয়টো বর্তমানো উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে৷ এই পৰিস্থিতিৰ মাজতে কালি মুখ্যমন্ত্রী ড০ শর্মাই এনআৰচিখন সংঘবদ্ধ প্রচেষ্টাৰে কৰাৰ কাম হাতত লোৱাৰ কথা উল্লেখ কৰি কয় যে ইতিমধ্যে চৰকাৰে এই সম্পর্কত বিশেষজ্ঞসকলৰ পৰামর্শ লোৱাৰ কাম আৰম্ভ কৰিছে৷ এনআৰচিখনত যিসকলে জালিয়াতি কৰি ভুৱা নথি–পত্রৰে নাম অন্তর্ভুক্ত কৰিছিল, তেওঁলোকৰ নামসমূহৰ তথ্য পোহৰলৈ আনি নামসমূহ বাদ দিয়াৰ পদক্ষেপ গ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে যে অচিৰেই চৰকাৰে পুনৰ এনআৰচিখন বিদেশীৰ নামমুক্ত শুদ্ধ এনআৰচি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব৷ ইপিনে, অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৬নং দফাৰ কামটো সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে হৈয়েই গ’ল৷ মাটি–বাৰী সুৰক্ষাৰ বাবে চৰকাৰখনে কাম কৰিয়ে আছে৷ চৰকাৰী চাকৰিৰ ক্ষেত্রতো আজিকালি এশ শতাংশ অসমীয়াই চাকৰি পায়৷ ৬নং দফাৰ আটাইকেইটা কাম বর্তমানৰ চৰকাৰখনে কৰিয়েই দিছে৷ পশ্চিম বৰাগাঁৱত নির্মীয়মাণ শ্বহীদ স্মাৰক আৰু শ্বহীদ স্তম্ভ নির্মাণৰ কামো আৰু এবছৰৰ ভিতৰত সম্পূর্ণ হ’ব৷ বর্তমান সেই কাম ভালদৰে আগবাঢ়ি আছে৷

ভিত্তিবর্ষ ’৫১ নে ’৭১?

অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ ১৯৫১ নে ১৯৭১ হ’ব, সেই সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে ব্যক্তিগতভাৱে মই ১৯৫১ হোৱাটো বিচাৰোঁ৷ কিন্তু চৰকাৰ হিচাপে চৰকাৰে চৰকাৰৰ মতে যাব৷ সংসদে যদি ১৯৭১ কৈ থৈছে, বিধানসভাই যদি ১৯৭১ কৈ থৈছে, মুখ্যমন্ত্রী হিচাপে তেওঁ ১৯৫১ ক’ব নোৱাৰে৷ সেই কাৰণে আমি চৰকাৰৰ যিটো স্থিতি ন্যায়ালয়ত সেই মতে কথা ক’ব লাগিব৷

You might also like