নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নন্দিতা হত্যাকাণ্ডঃ হত্যাকাৰী ৰিণ্টু শর্মাৰ পলায়নৰ চেষ্টা, গুলীবিদ্ধ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ  ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা ধেমাজিৰ মৰিধল কলেজৰ ছাত্রী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শর্মাই শনিবাৰে সন্ধিয়া আৰক্ষীৰ অস্ত্র কাঢ়ি পলায়নৰ চেষ্টা কৰে৷ লগে লগে আৰক্ষীয়ে অভিযুক্তগৰাকীক গুলীচালনা কৰি আহত কৰে৷

অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে টুইটাৰযোগে জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া অভিযুক্ত ৰিণ্টু শর্মাই ধেমাজি আৰক্ষীৰ অস্ত্র কাঢ়ি পলায়নৰ চেষ্টা চলায়৷ আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীৰে প্রত্যুত্তৰ দিয়াত ৰিণ্টু শর্মা গুলীবিদ্ধ হয়৷

উল্লেখ্য যে যোৱা ২১ আগষ্টৰ বিয়লি প্রায় ৪ বজাত ধেমাজি চহৰৰ মাজমজিয়াত ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ্ হাউছ নামৰ ফার্মাচীখনৰ সন্মুখত মৰিধল কলেজৰ কর্মচাৰী ৰিণ্টু শর্মাই কলজৰে ছাত্রী নন্দিতা শইকীয়া, কাস্মিনা দত্ত আৰু কাস্মিনাৰ পিতৃক চোকা দাৰে মূৰ–পিঠিত উপর্যুপৰি ঘপিয়াই আক্রমণ কৰিছিল৷

ঘটনাত কাস্মিনা আৰু তেওঁৰ পিতৃ আঘাতপ্রাপ্ত হোৱাৰ লগতে নন্দিতাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল৷ ঘটনা সংঘটিত কৰিয়েই উন্মাদ যুৱক ৰিণ্টু শর্মাই হাতত উদ্যত দাখন লৈ নগৰৰ মাজমজিয়াৰ এঘৰৰ বাৰীৰ গছৰ তলত আশ্রয় লৈছিল৷ পিছত আৰক্ষীয়ে ৰাইজৰ সহযোগত উন্মাদ ৰিণ্টু শর্মাক আটক কৰে৷ যোৱা ২৫ আগষ্টত ডিব্রুগড়ত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত নন্দিতাৰ মৃত্যু হয়৷

আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত ৰিণ্টু শর্মাক শনিবাৰে ধেমাজি আৰক্ষীয়ে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ আনে৷ ওভতাৰ পথত ৰিণ্টুৱে আৰক্ষীৰ অস্ত্র কাঢ়ি পলায়নৰ চেষ্টা চলায়৷ প্রত্যুত্তৰত আৰক্ষীয়ে ৰিণ্টুক গুলীয়াই আয়ত্তলৈ আনে৷

জানিব পৰা মতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতক ছেমিষ্টাৰ পৰীক্ষাৰ বাবে মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুয়োগৰাকী ছাত্রীয়ে অনলাইন পৰীক্ষাত মহাবিদ্যালয়খনত অৱতীর্ণ হৈছিল৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়া আৰু ভগামুখ গাঁৱৰ কাস্মিনা দত্তই পৰীক্ষাৰ উত্তৰবহী মহাবিদ্যালয়ত জমা দি একেখন মটৰচাইকেলত ধেমাজি অভিমুখে আহি আছিল৷ ধেমাজি নগৰত উপস্থিত হৈ একাপ চাহ খাবৰ বাবে উক্ত স্থানত ৰোৱা মাত্রকে স্কুটীৰে অনুসৰণ কৰি অহা ৰিণ্টু শর্মাই দাৰে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিছিল৷

You might also like