দিল্লীত নাৰায়ণপুৰৰ জীয়ৰী ক’ভিডত আক্রান্ত হৈ মৃত্যু
নিয়মীয়া বার্তা ১৮ জুনঃ সমগ্র বিশ্ববাসীকে ক’ৰোনা ভাইৰাছে কম্পমান কৰি অহাৰ সময়তে আকস্মিকভাৱে দিল্লীত ব্যক্তিগত কোম্পানী এটাত সেৱা আগবঢ়াই অহাৰ অৱস্থাত বুধবাৰে হঠাৎ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ছুনীয়া দেডৰী নামৰ ৩৪ বছৰীয়া এগৰাকী জীয়ৰীয়ে অতি কৰুণভাৱে মৃত্যুক সাবটিব লগা হোৱা ঘটনাই নাৰায়ণপুৰত গভীৰ শোকৰ ছাঁ পেলাইছে৷ প্রাপ্ত অভিযোগ অনুসৰি, কেইবাবছৰ ধৰি দিল্লীত কর্মৰত নাৰায়ণপুৰৰ যুৱতীগৰাকীয়ে ১৯ ঘণ্টা ধৰি কোনো চিকিৎসা পোৱা নাছিল৷ প্রথমে জ্বৰ–কাহত আক্রান্ত হোৱা যুৱতী ছুনীয়া দেডৰীক কোম্পানীটোৰ কর্তৃপক্ষই ইখনৰ পিছত সিখন চিকিৎসালয়লৈ নিয়ে যদিও কোনো চিকিৎসালয়ে দুর্ভগীয়া যুৱতীগৰাকীৰ চিকিৎসাৰ দায়িত্ব গ্রহণ নকৰাৰ ফলতে সুদীর্ঘ ১৯ ঘণ্টাৰ পিছত অৱশেষত বুধবাৰে পুৱা ১০ বজাত অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷ অকালতে মৃত্যুক সাবটি লোৱা যুৱতীগৰাকী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ বৰদেডৰী গাঁৱত৷ উল্লেখ্য যে ছুনীয়া দেডৰীৰ জ্বৰ হোৱাত টেবলেট খোৱাত মাজে মাজে ভাল হৈছিল যদিও অৱশেষত যোৱা সোমবাৰে ছোৱাব পৰীক্ষা কৰাৰ পিছতে ক’ভিডত আক্রান্ত হোৱাৰ ফলাফল পোৱা যায়৷ কিন্তু অতি দুর্ভাগ্যজনকভাৱে ছোৱাব পৰীক্ষাৰ ফলাফল পোৱাৰ আগতেই ছুনীয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু ডশাহ–নিশাহ লোৱাত কষ্ট পোৱাত মেড্র’ হার্ট চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও তিনি ঘণ্টা ধৰি উক্ত চিকিৎসালয়ত কোনো চিকিৎসা নোপোৱাৰ ফলতে অতি কৰুণভাৱে মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছে৷ ক’ভিডৰ লক্ষণৰ বাবেই চিকিৎসালয়ত বাৰে বাৰে অৱহেলা কৰা হৈছিল বুলি সদৌ দেডৰী ছাত্র সন্থাই অভিযোগ তুলিছে৷ ফলত ছুনীয়া দেডৰী মৃত্যু হ’ব লগা হয়৷ বৰদেডৰী গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ জীয়ৰী ছুনীয়াৰ উচ্চাকাংক্ষাৰ বাবেই মাধৱদেৱ মহাবিদ্যালয়ত স্নাতক ডিগ্রী লাভ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু ২০০৮ চনৰে পৰা দিল্লীত থাকি কোম্পানীটোত কাম কৰি আহিছিল৷ ছুনীয়াৰ মৃতদেহ সৎকাৰৰ বাবে নাৰায়ণপুৰৰ বাসগৃহলৈ পঠিয়াবলৈ দেডৰী ছাত্র সন্থাৰ সভাপতি প্রবীণ দেডৰীয়ে দাবী জনাইছে৷