নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত মাতৃ–কন্যাৰ মৃতদেহ উদ্ধাৰ

মাটি–সম্পত্তিৰ লোভ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ  ক’ভিড–১৯এ ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি অহাৰ সময়তে দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তর্গত মেৰমুখ অঞ্চলৰ জালুককটা গাঁৱত মাতৃসহ কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা এক ৰহস্যজনক ঘটনাই সমগ্র অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ উক্ত ঘটনাৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতে অঞ্চলটোৰ ৰাইজ মৃতকৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে৷ স্থানীয় উত্তেজিত ৰাইজে আৰক্ষীক মৃতদেহ নিয়াত বাধা প্রদান কৰাৰ লগতে প্রকৃত হত্যাকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰাৰো দাবী জনায়৷ জানিব পৰা মতে, প্রয়াত কমল ফুকনৰ পত্নী মঞ্জু ফুকন (৪০) আৰু তেওঁৰ সপ্তম শ্রেণীত অধ্যয়ন কৰি থকা একমাত্র কন্যা প্রস্তুতি ফুকনৰ (১৩) মৃতদেহ নিজা বাসগৃহত সন্দেহজনক অৱস্থাত উদ্ধাৰ হয়৷ উল্লেখ্য যে মঞ্জু ফুকনৰ ১৬ বছৰীয়া পুত্র হেমন্ত যোৱানিশা নিজ ঘৰত নাছিল৷ পুৱা মঞ্জু ফুকনৰ পুত্র ঘৰত উপস্থিত হৈ মাতৃ আৰু ভগ্নীৰ মৃতদেহ প্রত্যক্ষ কৰি হতভম্ভ হয় আৰু স্থানীয় লোকক খবৰ দিয়ে৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া অনুসৰি মঞ্জুৰ মৃতদেহ বিছনাৰ ওপৰত সন্দেহজনক অৱস্থাত ওলমি থকা প্রত্যক্ষ কৰাৰ লগতে তেওঁৰ একমাত্র কন্যা প্রস্তুতিৰ মৃতদেহো বিছনাত মূৰৰ পৰা তেজ নিগৰি থকা অৱস্থাত দেখা পোৱাৰ পাছতে গাঁওখনত তীব্র চাঞ্চল্য সৃষ্টি হয়৷ নিশা শুই থকা অৱস্থাত মঞ্জু ফুকনক হত্যা কৰা ঘটনা প্রত্যক্ষ কৰাৰ বাবে তেওঁৰ কন্যা প্রস্তুতিক হত্যাকাৰীয়ে মূৰত গধুৰ বস্তুৰে আঘাত কৰি হত্যা কৰি পলায়ন কৰে বুলি মঞ্জু ফুকনৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছে৷ ঘটনা সন্দর্ভত স্থানীয় গাঁওবুঢ়া আৰু নাৰায়ণপুৰ থানাৰ আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ক্ষুব্ধ ৰাইজে মঞ্জু ফুকন আৰু তেওঁৰ পৰিয়ালৰ লোকক মাটি–সম্পত্তিৰ লোভত প্রায়ে ভয়–ভাবুকি প্রদান কৰি অহা বৰজনাক তথা নাৰায়ণপুৰ শাখাৰ ষ্টেট বেংকৰ নিৰাপত্তাৰক্ষী দীনাৰাম ফুকনৰ (পেৰ) বিৰুদ্ধে স্থানীয় ৰাইজ আৰু মঞ্জু ফুকনৰ পৰিয়ালৰ লোকে হত্যাকাণ্ডৰ অভিযোগৰ আঙুলি টোঁৱাইছে৷ উল্লেখ্য যে বৰজনাকৰ ভয়–ভাবুকিত যোৱা কেইবাদিনো ধৰি মাতৃ মঞ্জুয়ে তেওঁৰ কন্যা–পুত্রসহ আনৰ ঘৰত আশ্রয় ল’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত দীনাৰাম ফুকনক সোধা–পোছাৰ বাবে আটক কৰে৷ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ ইপিনে, ক্ষুব্ধ ৰাইজে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত অভিযুক্ত দীনাৰাম ফুকনৰ বাসগৃহৰ সন্মুখৰ চোতালত সৎকাৰ কৰাৰ প্রস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে৷

You might also like