ভট্টদেৱ বিশ্ববিদ্যালয়ত “বিজ্ঞান আৰু প্ৰযুক্তিৰ সাম্প্ৰতিক উন্নয়ন” বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ অসম বিজ্ঞান সমিতিৰ ৬৭ সংখ্যক বাৰ্ষিক কাৰিকৰী অধিবেশনখন অহা ৬ এপ্ৰিলত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব৷ এই অধিৱেশনক লৈ ইতিমধ্যে অধ্যাপক ড৹ সজল কুমাৰ দাসক সভাপতি আৰু অধ্যাপক ড° জ্যোতিষ্ময় বৰাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে৷ আনহাতে অধিবেশনৰ লগত সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে৷ “বিজ্ঞান আৰু প্ৰযুক্তিৰ সাম্প্ৰতিক উন্নয়ন” (Current Developments in Science and Technology) বিষয়ক আলোচনাচক্ৰখনৰ উদ্দেশ্য হৈছে বিষয়বস্তুৰ ওপৰত মত বিনিময় আৰু মত বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা৷ আলোচনা চক্ৰৰ বিষয়বস্তুৰ এবষ্ট্ৰাক্ট জমা দিয়াৰ শেষ তাৰিখ ২০ মাৰ্চ নিৰ্ধাৰণ কৰাৰ লগতে সম্পূৰ্ণ গৱেষণা পত্ৰ জমা দিয়াৰ দিন ৩১ মাৰ্চ ধাৰ্য কৰা হৈছে৷ ইয়াৰ বাবে বিভিন্নধৰণে পঞ্জীয়ন মাচুল নিৰ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি শিক্ষক অথবা পেছাদাৰীসকলে (গৱেষণা পত্ৰৰ সৈতে) ১২০০ টকা, শিক্ষক অথবা পেছাদাৰী (গৱেষণা পত্ৰ অবিহনে) ১০০০ টকা, ৰিচাৰ্চ স্ক’লাৰ (গৱেষণা পত্ৰৰ সৈতে) ৭০০ টকা, ৰিচাৰ্চ স্ক’লাৰ (গৱেষণা পত্ৰ অবিহনে) ৫০০ টকা আৰু ছাত্ৰ (UG/PG: গৱেষণা পত্ৰ সৈতে/গৱেষণা পত্ৰ অবিহনে) ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ পঞ্জীয়ন মাচুলৰ ধন পৰিশোধৰ বাবে ফ্লাইয়াৰত Registration option ত ক্লিক কৰাৰ পিছত Google Registration Form উপলব্ধ হ’ব। সহ-লেখকত্বৰ অনুমতি আছে, কিন্তু প্ৰতিজন লেখকে পঞ্জীয়ন মাচুল আদায় দিব লাগিব। পঞ্জীয়ন মাচুলৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুঁজি “Bhattadev University MISC Fund” ৰ নামত ধনৰাশি 1755101008800 আৰু IFSC Code CNRB0001755 ত জমা দিব লাগিব৷ ২০ মাৰ্চৰ পিছত কোনো ধৰণৰ পঞ্জীয়ন গ্ৰহণ কৰা নহ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷ উল্লেখযোগ্যযে আলোচনা চক্ৰৰ সময়ত এবষ্ট্ৰাক্ট কিতাপ আকাৰত প্ৰকাশ কৰা হ’ব আৰু নিৰ্বাচিত পূৰ্ণাঙ্গ গৱেষণা পত্ৰ থকা কিতাপ অধিবেশন সম্পূৰ্ণ হোৱাৰ কিছুদিন পিছত ISSN বা ISBN নম্বৰৰ সৈতে প্ৰকাশ কৰা হ’ব। গৱেষণা পত্ৰ উপস্থাপকসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰিবলগীয়া আলোচনাচক্ৰখনত নাম পঞ্জীয়নৰ লিংক https://forms.gle/2B6nvzdoe5ZCS3THA ত উপলব্ধ হব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে৷ আলোচনাচক্ৰৰ বিষয়ে সবিশেষ জানিবৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.bhattadevuniversity.ac.in চাব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা