নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃধেমাজি জিলা জোনাই মহকুমাত আজি দুপৰীয়া উপস্থিত হৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , সাংস্কৃতিক যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে বানে তচনচ কৰা জোনাইৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শনৰ বাবে উপস্থিত হয়৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে জোনাই মহকুমাত চৰকাৰী বান শিবিৰসমূহত থকা জোনাই বালিকা বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা বৰ্নাত্যৰ সৈতে মতবিনিময় কৰাৰ পিছতে বানে বিধ্বস্ত কৰা বেৰাচাপৰি অঞ্চলত উপস্থিত হয় নাঁৱত উঠি বেৰাচাপৰিৰ বানে বিধস্ত কৰা ঠাইসমূহ পৰিদৰ্শন কৰে । চিয়াং- লালী নদীয়ে সূঁতি সলনি কৰি তচনচ কৰা জোনাইৰ অঞ্চল সমূহ পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেয়ে সাংবাদিকৰ আগত কয়- দুৰ্গত ৰাইজে যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে খাদ্য, চিকিৎসা, আশ্ৰয়, আদিৰ লগতে পশু খাদ্য ক্ষেত্ৰত কোনো অসুবিধা ৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা হাতত লোৱা বুলি জানিব দি কয় যে চিয়াং- লালী সূঁতি সলনি হৈ বিধ্বস্ত কৰা জোনাই মহকুমাৰ সুৰক্ষা বাবে ঐৰামঘাটৰ পৰা চেঙাজানলৈ গৰাখহনীয়াৰ বান প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ দুৰ্যোগ পূজিৰ পৰা বাৰিষা শেষ হোৱাৰ লগে লগে তৎকালীন বাবে কাম কৰিবলৈ ১২ কোটি টকাৰ আৱন্টন দিয়া বুলি প্ৰকাশ কৰে৷ ইয়াৰ উপৰিও জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাটৰ অঞ্চলত চিয়াং নদীয়ে সৃষ্টি কৰা ভয়াবহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬ কোটি টকাৰ আঁচনি হাতত লব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে ব্ৰহ্মপুত্ৰৰ নৈ উপনৈ সমূহৰ জলধাৰা গতিবিধিৰ লগতে কি দৰে বান আৰু গৰাখহনীয়া পৰা নৈ পৰীয়া অঞ্চল সমূহক সুৰক্ষা দিব পাৰি তাৰ বিতংক প্ৰতিবেদন প্ৰস্তুত কৰি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে৷ বানত গৃহহাৰা লোকসকলক বাৰিষাৰ পিছতে প্ৰধান মন্ত্ৰী আবাস যোজনা অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে মহকুমাটোত যোৱা ডেৰ মাহ ধৰি বানৰ কৱলত৷ চিয়াং- লালী , ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ পানী পূৰ্বৰ তুলনাত এইবাৰ জোনাইৰ নৈ উপনৈ সমূহৰ জলস্থৰ অধিক বৃদ্ধি পোৱাত মহকুমাটোত প্ৰায় তিনিশতাধিক গাৱঁৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ এতিয়া চাৰিওফালে কেৱল বৰ্নাত্যৰ অৱস্থা অবৰ্ণনীয় পৰিস্থিতি৷ বানৰ কবলত এতিয়া শ শ পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত আৰু চৰকাৰী আশ্ৰয় শিবিৰত৷ আজিৰ বান পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে বিজেপিৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি প্ৰেম দত্ত, আৰ্টফেডৰ উপাধক্ষ্য ৰূপা কমান, দুলিয়াজান পাইপ লাইনৰ উপাধক্ষ্য অশ্বিনী পাইত , জেষ্ঠ বিজেপি নেতা মাৱব মুছাহাৰী ধেমাজি জিলা আই টি চেলৰ পাৰ্থ ছেত্ৰী, পূৱ জোনাই মণ্ডল বিজেপি সভাপতি আদিত্য বৰুৱা, জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি প্ৰনৱ টায়ে, সম্পাদক প্ৰতাপ পাচাৰ ,পূব জোনাই মণ্ডলৰ উপ সভাপতি কিশোৰ ভাগৱতী, দেউৰী স্বায়ত্ব শাসিতৰ সদস্য হেমন্ত দেউৰী ,অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগী, ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়া, মহকুমা ন্যায়িক দণ্ডাধীশ গায়ত্ৰী পাতিৰ, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, জোনাই মহকুমা কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা, লগতে৷কেবাগৰাকী জেষ্ঠ বিজেপি নেতা উপস্থিত আছিল৷