নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকছাৰী আদৰ্শ চিকিৎসালয়ে আজিও নাপালে পূৰ্ণাংগ ৰূপঃ নিশ্চূপ চৰকাৰ-প্ৰশাসনঃ নকছাৰী আছুৰ ক্ষোভ প্ৰকাশ

বিশেষ বাৰ্তা, ৪ মেঃ মৰিয়নি সমষ্টিত স্বাস্থ্য সেৱাই পয়ালগা ৰূপ লোৱা পৰিলক্ষিত হৈছে । নকছাৰীৰ চুঙী লাহিঙত স্থাপন কৰা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ে সমগ্ৰ অঞ্চলটোলৈ আশা কঢ়িয়াই আনিছিল যদিও বৰ্তমান ভালুকৰ সাঙী স্বৰূপ হৈ পৰাহে দেখা গৈছে । চিকিৎসালয়খনে আজিও নাপালে পূৰ্ণাংগ ৰূপ । বহুসমস্যাৰে জৰ্জৰিত নকছাৰীৰ চুঙী লাহিঙত অৱস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ইয়াৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই যোৱা ২৯ মাৰ্চত ৮ ঘন্টীয়া অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল । আনহাতে, এমাহৰ ভিতৰত এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল । উক্ত স্মাৰক পত্ৰত নকছাৰীবাসীৰ জনস্বাস্থ্যৰ প্ৰতি যাতে কোনো ভাবুকি আহিব নোৱাৰে সেইক্ষেত্ৰত ছাত্ৰ সন্থাই উদ্যোগ লোৱা প্ৰতিবাদী কাৰ্য্যসূচীত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰি এক গতি প্ৰদান কৰিছিল । কিন্ত অতি পৰিতাপৰ বিষয় উক্ত প্ৰতিবাদী কাৰ্য্যসূচীৰ এমাহ পাৰ হৈ যোৱাৰ পাছতো চৰকাৰ অথবা প্ৰশাসনৰ পৰা কোনো সঁহাৰি অথবা সুদুত্তৰ লাভ নকৰিলে । ফলত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ নকছাৰী অঞ্চলৰ সচেতন ৰাইজ । এই সন্দৰ্ভত বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভা:সভাপতি ঋতুৰাজ গগৈ আৰু সাধাৰণ সম্পাদক মাধুৰ্য গগৈয়ে চৰকাৰী পক্ষৰ প্ৰতি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি কয়- বৃহত্তৰ নকছাৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে উন্নত চিকিৎসাৰ সুবিধা লাভ কৰাৰ স্বাৰ্থত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনৰ পূৰ্ণাংগৰূপ দিয়াৰ বাবে ছাত্ৰ সন্থাই দাবী জনাই আহিছে । যোৱা ২৯ মাৰ্চত ৮ ঘন্টীয়া অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি দাবীসমূহ পুনৰ দোহৰা হৈছিল । কিন্তু এটা মাহ অতিক্ৰম কৰাৰ পাছতো চৰকাৰ অথবা প্ৰশাসনে কোনো সঁহাৰি প্ৰদান নকৰাত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চৰকাৰ অথবা প্ৰশাসনে ৰাইজৰ দাবীৰ প্ৰতি আওকণীয়া মনোভাৱ প্ৰদৰ্শন কৰি নকছাৰী অঞ্চলৰ ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি যে কোনো দায়িত্ব নাই সেই কথাকে প্ৰমাণ কৰিছে বুলি দুয়ো উল্লেখ কৰে । এই বৃহৎ অঞ্চলৰ ৰাইজৰ জনস্বাস্থ্যৰ সৈতে চৰকাৰ আৰু প্ৰশাসনে হেতালি খেলা পৰিলক্ষিত হৈছে বুলিও দুয়ো ছাত্ৰ নেতাই লগতে উল্লেখ কৰে । অতি সোনকালে এই দাবীসমূহ মানি চিকিৎসালয়খনৰ পূৰ্ণাংগ ৰূপ দিবলৈ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে । ৰাইজৰ সুবিধাৰ্থে ছাত্ৰ সন্থাৰ এনে দাবীসমূহৰ প্ৰতি যদি কোনো সঁহাৰি প্ৰদান নকৰে তেন্তে অনাগত সময়ত আমৰণ অনশনৰ দৰে কঠোৰ গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা বাধ্য হ’ব বুলিও ছাত্ৰনেতাদ্বয়ে লগতে ব্যক্ত কৰে । মন কৰিবলগীয়া যে, চুঙী লাহিং অঞ্চলত এই আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পিছতেই নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক গুৰুত্বহীন কৰি পেলোৱা হ’ল । যাৰ ফলত বহু হাজাৰ লোকে এতিয়া চিকিৎসাৰ বাবে চুঙী লাহিঙলৈ ঢপলিয়াব লগীয়া হৈছে । অথচ চুঙী লাহিঙৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়তো নাই পৰ্য্যাপ্ত চিকিৎসক আৰু চিকিৎসা ব্যৱস্থা ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like