অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে পাব ৬৭খন আসন
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ অসম বিধানসভা নির্বাচন ২০২১ৰ প্রক্রিয়া চলি থকাৰ মাজতে আজি ৰাষ্ট্রীয় সংবাদ মাধ্যম ‘টাইমছ নাও’ আৰু চি ভোটাৰৰ প্রাক্নির্বাচনী সমীক্ষা প্রকাশ পাইছে৷ অহা ২৭ মার্চৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নির্বাচনক লৈ টাইমছ নাও আৰু চি ভোটাৰৰ প্রাক্নির্বাচনী সমীক্ষাত পুনৰ ৰাজ্যখনত বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হ’ব৷ সমীক্ষাত প্রকাশ পোৱা মতে, ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন এন ডি এ আৰু কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হ’ব৷ ১২৬জনীয়া বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডি এই ৬৭ আসন, কংগ্রেছ নেতৃত্বাধীন ইউ পি এই ৫৭ আৰু অন্যান্যই দুখন আসন লাভ কৰিব৷ লক্ষণীয় যে নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিক লৈ বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে প্রবল প্রতিবাদ সত্ত্বেও বিধানসভা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷
অৱশ্যে কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ সৈতে হোৱা তুমুল প্রতিদ্বন্দ্বিতাৰ বাবে অতি কম আসনৰ ব্যৱধানত এন ডি এ জয়ী হ’ব৷ সমীক্ষাত ৪২.৯ শতাংশই বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰকে পুনৰ শাসনলৈ অহাৰ বিপৰীতে ৪০.৭ শতাংশই ইউ পি এক বিচাৰে৷ বিগত বিধানসভা নির্বাচনৰ লেখীয়া বিজেপিয়ে আঞ্চলিক দল অগপৰ সৈতে মিত্রজোঁট বান্ধি নির্বাচনত অৱতীর্ণ হৈছে৷ অৱশ্যে পূর্বৰ বি পি এফক আঁতৰাই বি টি আৰ শাসিত ইউ পি পি এলৰ সৈতে মিত্রজোঁট বান্ধিছে বিজেপি আৰু অগপ মিত্রজোঁটে৷ আনপিনে শতিকা পুৰণি কংগ্রেছ দলটোৱে এইবেলি পূর্বৰ প্রতিদ্বন্দ্বী বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ লগতে বি পি এফ আৰু আন তিনিটা দলৰ সৈতে মহাজোঁট গঠন কৰিছে৷ প্রাক্নির্বাচনী সমীক্ষা মতে এইবেলি বিধানসভা নির্বাচনত এন ডি এৰ পথ মসৃণ নহয়৷
উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত এন ডি এই ৭৪ আসন লাভ কৰাৰ বিপৰীতে ইউ পি এই লাভ কৰিছিল ৩৯খন আসন৷ আনহাতে, প্রাক্নির্বাচনী সমীক্ষাত ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে কোন অধিক পছন্দৰ, সেই সন্দর্ভত ৪৫.২ শতাংশই বর্তমানৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা সর্বানন্দ সোণোৱালকে বিচাৰিছে৷ আনপিনে কংগ্রেছ নেতা গৌৰৱ গগৈক দ্বিতীয় পছন্দ আৰু ৪.৮ শতাংশৰে বদৰুদ্দিন আজমলক তৃতীয় পছন্দ হিচাপে সমীক্ষাত প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে বিজেপি নেতৃত্বাধীন এন ডি এৰ অসম চৰকাৰৰ কার্যকলাপক লৈ ৪১.৪৮ শতাংশ অতি সন্তুষ্ট, ২৯.৬৫ শতাংশ লোক কিছু সন্তুষ্ট আৰু ১৫.৮১ শতাংশ লোক অকণো সন্তুষ্ট নহয়৷ ১৩.০৫ শতাংশ লোকে প্রদর্শনক লৈ কোনো মন্তব্য কৰা নাই৷