জেলত অপৰাধীৰ পোছাক কিয় পিন্ধিব বিচৰা নাই শ্বিনা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰাণীয়ে…
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ অপৰাধীৰ দৰে পোছাক পৰিধান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে ইন্দ্ৰাণী বৰা ওৰফে ইন্দ্ৰাণী মুখাৰ্জীয়ে। কাৰণ এতিয়াও তেওঁ দোষী সাব্যস্ত হোৱা নাই। মুম্বাইৰ চিবিআই আদালতত এই আবেদন জনাইছে শ্বিনা বৰা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ইন্দ্রাণী মুখাৰ্জীয়ে।
২০১২ চনত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা শ্বিনা বৰা হত্যাকাণ্ডৰ বাবে সম্প্ৰতি বিচাৰাধীন অৱস্থাত আছে ইন্দ্ৰাণী মুখাৰ্জী। অভিযোগ মতে ২৪ এপ্রিলত হত্যা কৰা হৈছিল শ্বিনাক। এই সংক্ৰান্তত ২০০২ চনত বিবাহ হোৱা তৃতীয় স্বামী তথা মিডিয়া বেৰণ পিটাৰ মুখোপাধ্যায়ো জেলত দিন কটাবলগীয়া হয়। এই হত্যাকাণ্ডৰ আন দুই অভিযুক্ত ইন্দ্রাণীৰ প্রাক্তন স্বামী সঞ্জীব খান্না আৰু গাড়ীচালক ৰাই।
চলিত বছৰৰ মার্চ মাহত বোম্বে হাই কোৰ্টত জামিন লাভ কৰে পিটাৰে। চাৰে চাৰি বছৰ আর্থাৰ ৰোড জেলত থকাৰ পিছত ২ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন লাভ কৰে পিটাৰে। সংবাদ সংস্থা এএনআইৰ সূত্ৰ অনুসৰি মঙলবাৰে মুম্বাইৰ বিশেষ চিবিআই আদালতত আবেদনসহ ইন্দ্রাণী বৰাই দাবী কৰে যে তেওঁ এতিয়াও এগৰাকী অভিযুক্তহে। গতিকে অপৰাধীৰ দৰে পোছাক তেওঁ নিপিন্ধে। এই সন্দৰ্ভত অহা ৫ জানুৱাৰীত শুনানিৰ দিন ধার্য কৰিছে ন্যায়ালয়ে।