নিয়মীয়া বাৰ্তা, ৬ মে’ : ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতো গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্রথম ৰাষ্ট্রীয় দুর্যোগ সঁহাৰি বাহিনীয়ে (এনডিআৰএফ) গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ বিভিন্ন ৰাজহুৱা স্থান, অনুষ্ঠান–প্রতিষ্ঠান আৰু ইতিহাস প্রসিদ্ধ স্থানসমূহত বীজাণুনাশক ঔষধ ছটিয়াই ছেনিটাইজ কৰি আছে৷
সমান্তৰালভাৱে বাহিনীটোৱে গুৱাহাটীৰ অমৃত ভোগ ভাণ্ডাৰৰ সহযোগত অভাৱী লোকৰ মাজত আহাৰ, মাস্ক আৰু বিস্কুটৰ পেকেট বিতৰণ কৰি আহিছে৷ ৩ মে’ৰ দিনা প্রথম এনডিআৰএফৰ কমাণ্ডেট ৰণধীৰ সিং গীলৰ তত্ত্বাৱধানত বাহিনীটোৰ এটা দলে শক্তিপীঠ শ্রীশ্রীকামাখ্যা মন্দিৰ চৌহদটো বীজাণুনাশক ঔষধ ছটিয়াই ছেনিটাইজ কৰে৷ তেনেদৰে এনডিএফআৰৰ চিকিৎসা কর্মীৰ দলে মন্দিৰ চৌহদত বহু লোকক থার্মেল ইমেজাৰৰ সহায়ত শৰীৰৰ তাপমাত্রা পৰীক্ষা কৰাৰ লগতে মুখত পৰিধান কৰাৰ বাবে মাস্ক বিতৰণ কৰে৷
আনহাতে বাহিনীটোৰ এটা দলে অমৃত ভোগ ভাণ্ডাৰৰ সহযোগত কামৰূপ জিলাৰ বিজয়নগৰৰ সমীপৰ নহিৰা আৰু গুইমৰা, চাংসাৰিৰ সমীপৰ কাটামুৰা, নিজ সেন্দূৰীঘোপা আৰু বাৰেগাঁৱত ১,১২৫ জন লোকক আহাৰ যোগান ধৰাৰ উপৰি মাস্ক আৰু বিস্কুটৰ পেকেট বিতৰণ কৰে৷