মৰিয়নিত নতুন এবাকাছ কেন্দ্ৰ মুকলিঃ মৰিয়নিৰ এঞ্জেলছ হোমৰ উদ্যোগ
বিশেষ বাৰ্তা, ১১ মেঃ মৰিয়নিৰ শিশুসকলৰ অন্যতম শিক্ষানুষ্ঠান এঞ্জেলছ হোমৰ উদ্যোগত আজি বিদ্যালয়খনৰ চৌহদত এটা নতুন এবাকাছ কেন্দ্ৰ মুকলি কৰা হয় । অসমৰ আগশাৰীৰ এবাকাছ শিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ চিন্ময়ী লাৰ্ণিং পইন্টৰ চিপিএল এবাকাছ এণ্ড বেদিক মেথছৰ তত্বাৱধানত এই কেন্দ্ৰটো আজি মুকলি কৰা হয় । এই উপলক্ষ্যে মৰিয়নিৰ লোকনাথ ভৱনৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । যুৱ সমাজকৰ্মী প্ৰাঞ্জল পাওগামে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক – সমাজকৰ্মী নগেন গগৈ, বিশিষ্ট শিক্ষাবিদ- সমাজকৰ্মী নেকিবুল ইছলাম, যুৱ সমাজকৰ্মী দীপেন দাস, চিন্ময়ী লাৰ্ণিং পইন্টৰ প্ৰতিষ্ঠাপক কাকলি মহন্ত ( কুঁকি) আৰু উজনি অসমৰ সমন্বয়ক মুজাম্মিল হকে একোগছিকৈ বন্তি প্ৰজ্বলন কৰি এই এবাকাছ কেন্দ্ৰটো মুকলি কৰে । শিক্ষক নগেন গগৈ, শিক্ষাবিদ নেকিবুল ইছলাম, যুৱ সমাজকৰ্মী দীপেন দাস আদিয়ে মৰিয়নিত শিশু – কিশোৰ সকলৰ সুবিধাৰ্থে এইদৰে নতুনকৈ এবাকাছ কেন্দ্ৰ মুকলি কৰাৰ বাবে এঞ্জেলছ হোম কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই কেন্দ্ৰটোৰ পৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ’ব বুলি মন্তব্য কৰে । আনহাতে, চিন্ময়ী লাৰ্ণিং পইন্টৰ প্ৰতিষ্ঠাপক কাকলি মহন্ত আৰু উজনি অসমৰ সমন্বয়ক মুজাম্মিল হকে এবাকাছ কেন্দ্ৰটোৰ সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে । উল্লেখযোগ্য যে, চাৰি বছৰৰ পৰা ১৩ বছৰৰ ছাত্ৰ ছাত্ৰীয়ে এই এবাকাছ কেন্দ্ৰত নামাভৰ্তি কৰিব পাৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে । তাৰ লগতে শিশুসকলৰ মনস্তত্ব দিশৰ উত্তৰণৰ লগতে আত্মবিশ্বাস বৃদ্ধিৰ ক্ষেত্ৰতো বিভিন্ন দিহা দিয়া হয় বুলি জানিবলৈ দিছে । অনুষ্ঠানটোত মৰিয়নিৰ সংবাদকৰ্মীদ্বয় কল্লোল দেৱ আৰু দীপক দত্ত ( জোন ), প্ৰাক্তন ছাত্ৰ নেতা দিলীপ চাহু, এঞ্জেলছ হোমৰ চাবিনা মালকান ৰহমান, নেছিম ৰহমান, শিক্ষয়িত্ৰী বন্দনা হাজৰিকা পাওগাম, সোমা দাস, ৰামিজা চুলতানা, দিব্যজ্যোতি শইকীয়া আদিৰ ওপৰিও বহুসংখ্যক অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । এই এবাকাছ কেন্দ্ৰত শিক্ষাগ্ৰহণৰ বাবে প্ৰ-পত্ৰ এঞ্জেলছ হোমত উপলব্ধ হৈ আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া