নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰত নতুন এছ’পিঃ স্বাস্থ্যমন্ত্রীৰ ৰাজ্যত নতুনকৈ ক’ভিড পজিটিভ ৫৩৮

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হৈছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে সংক্রমণ৷ সোমবাৰৰ দিনটোত পুনৰ ৫৩৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ আজিৰ দিনটোত ৭৯,১৪০গৰাকী লোকক পৰীক্ষা কৰাৰ অন্তত ৫৩৮গৰাকী লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ০.৬৮ শতাংশ৷ আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১০৩গৰাকী, যোৰহাট জিলাৰ ৩৭গৰাকী, গোলাঘাট জিলাৰ ৩৪গৰাকী আৰু তিনিচুকীয়া জিলাৰ ৩৩গৰাকী৷ আনহাতে আজি ক’ৰোনাত আক্রান্ত হৈ ১৫গৰাকী লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱাসকলৰ তিনিগৰাকী যোৰহাট জিলাৰ, দুগৰাকীকৈ নগাঁও আৰু শিৱসাগৰ জিলাৰ আৰু এগৰাকীকৈ বাক্সা, বৰপেটা, বঙাইগাঁও, ডিব্রুগড়, গোৱালপাৰা, হোজাই, লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ৷ ৰাজ্যত ক’ভিডত আক্রান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ৫,৬১৩গৰাকী লোক৷ অৱশ্যে আজিৰ দিনটোত ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে ৬১২গৰাকী লোক৷
অহা ১ ছেপ্টেম্বৰত নতুন এছ অ’ পি প্রকাশ কৰিব স্বাস্থ্যমন্ত্রীয়ে
অহা ছেপ্টেম্বৰত মাহৰ প্রথম সপ্তাহৰ পৰা ৰাজ্যত পর্যায়ক্রমে খোল খাব শিক্ষানুষ্ঠান৷ আৰম্ভ হ’ব বাছ–নাইট ছুপাৰৰ চলাচলেৰে আন্তঃজিলা যাতায়াত৷ অন্যান্য ক্ষেত্রতো আহিব শিথিলতা৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিততে চৰকাৰে ৰাজ্যত স্বাভাৱিক জীৱনযাত্রা ওভতাই অনাৰ পদক্ষেপ গ্রহণ কৰিছে৷ এই সম্পর্কত প্রকাশ পাবলগীয়া নতুন এছ অ’ পি সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে অহা ১ ছেপ্টেম্বৰত দিনৰ ১১ বজাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই নতুন এছ অ’ পি ঘোষণা কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই ভাষ্যৰ লগে লগে ক’ভিড পৰিস্থিতিক লৈ বর্তমান বাহাল থকা বাধ্য–বাধকতাসমূহ যথেষ্টখিনি শিথিলতা আহি পৰাটো স্পষ্ট হৈ পৰিছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে অহা ছেপ্টেম্বৰৰ প্রথম সপ্তাহৰ পৰা দ্বাদশ চূড়ান্ত বর্ষ, স্নাতক চূড়ান্ত বর্ষ, স্নাতকোত্তৰ চূড়ান্ত বর্ষকে ধৰি কাৰিকৰী শিক্ষাৰ চূড়ান্ত বর্ষৰ পাঠদান প্রক্রিয়া আৰম্ভ কৰাৰ পোষকতা কৰিছে৷ এই সম্পর্কত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকেও সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে শ্রেণীকোঠাত উপস্থিত হ’বলগীয়া প্রতিগৰাকী শিক্ষার্থীয়ে কমেও এপালি ক’ভিড ভেকচিন গ্রহণ কৰাটো বাধ্যতামূলক কৰিছে৷ সেইদৰে শিক্ষক–শিক্ষয়িত্রী আৰু শিক্ষানুষ্ঠানৰ কর্মচাৰীসকলেও ভেকচিন ল’ব লাগিব৷ ইয়াৰ বাবে ইতিমধ্যে খণ্ড প্রাথমিক শিক্ষা বিষয়া, জিলা প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ উপৰি বিশ্ববিদ্যালয় চৌহদসমূহত মেগা ভেকচিন শিবিৰৰ আয়োজন কৰিছে৷ অহা ৫ ছেপ্টেম্বৰলৈ এই ভেকচিন শিবিৰ চলিব৷ একেদৰে ছাত্রাৱাস–ছাত্রী নিৱাসসমূহো খোলাৰ ব্যৱস্থা কৰিছে৷ অৱশ্যে ছাত্রাৱাস–ছাত্রী নিৱাসৰ ক্ষেত্রত দুটা ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে৷ অনুৰূপ ধৰণে নতুন এছ অ’ পিৰ জৰিয়তে আন্তঃজিলা বাছ–মটৰ যাতায়াতো খোলাৰ পদক্ষেপ লৈছে চৰকাৰে৷ নৈশ সান্ধ্য আইনৰ সময়ো নতুন এছ অ’ পিত হ্রাস পাব বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি কি কি খণ্ডত কেনেধৰণৰ শিথিলতা আহে সেই বিষয়ে অহা ১ ছেপ্টেম্বৰত  প্রকাশ পাবলগীয়া নতুন এছ অ’ পিত স্পষ্ট হ’ব৷

You might also like