নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিলতাৰ মাজতো ৰাজ্যৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভৰ চিন্তা

১৫ ছেপ্টেম্বৰৰ ভিতৰত প্রকাশ পাব কেন্দ্রৰ গাইড লাইন

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান পুনৰ মুকলিৰ ক্ষেত্রত চৰম অনিশ্চয়তাই দেখা দিছে৷ নির্ধাৰিত সময়সীমাৰ ভিতৰত শিক্ষক–শিক্ষয়িত্রীস ক’ভিড টেষ্ট সম্পন্ন নোহোৱা বাবেই বিদ্যালয়সমূহ মুকলিৰ ক্ষেত্রত গুৰুতৰ সমস্যাৰ উদ্ভৱ হৈছে৷ এই লৈ খোদ শিক্ষা বিভাগো এতিয়া বিমোৰত পৰিছে৷ উল্লেখ্য যে অসম চৰকাৰে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান পুনৰ আৰম্ভ কৰাৰ লক্ষ্য লৈছিল৷ ইয়াৰ বাবে ২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত বিদ্যালয়, মহাবিদ্যালয়ৰ সকলো শিক্ষক–শিক্ষয়িত্রীক আৰ টি–পি চি আৰ টেষ্ট কৰাবলৈ নির্দেশ দিছিল৷ কিন্তু এই সময়সীমাৰ ভিতৰত ‘ক’ভিড–১৯ টেষ্ট কৰাবলৈ গৈ জিলাই জিলাই ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে শিক্ষক–শিক্ষয়িত্রীস৷ যিহেতু শিক্ষানুষ্ঠানত যোগদানৰ বাবে শিক্ষকসকলৰ হাতত ‘ক’ভিড–১৯ নিগেটিভ’ প্রমাণ–পত্র থকাটো বাধ্যতামূলক৷ গতিকে শিক্ষক–শিক্ষয়িত্রীস পাঁচ–ছঘণ্টালৈকে শাৰী পাতি নিজৰ ছোৱাব পৰীক্ষা কৰায়৷ কিন্তু ইতিপূর্বে ছোৱাবৰ নমুনা দিয়া শিক্ষক–শিক্ষয়িত্রীস কেইবাদিনো পাৰ হোৱাৰ পিছতো পৰীক্ষাৰ ফলাফল লাভ কৰা নাই৷ একে সময়তে বহু ঠাইত পর্যাপ্ত টেষ্টিং কীটৰ অভাৱৰ বাবে আৰ টি–পি চি আৰ টেষ্ট বন্ধ কৰি দিয়া হৈছে৷ জানিব পৰা মতে, টেষ্টিং কীটৰ অভাৱৰ বাবেই ৰাজ্যখনৰ শিৱসাগৰ, গোলাঘাট, দৰং আৰু কার্বি আংলং জিলাত শিক্ষক–শিক্ষয়িত্রীসকল আৰ টি–পি চি আৰ টেষ্ট সম্প্রতি বন্ধ হৈ আছে৷ এনে পৰিস্থিতিত পৰৱর্তী তিনিটা দিনৰ ভিতৰত কেনেদৰে ছোৱাব পৰীক্ষা কৰি তাৰ ফলাফল লাভ কৰিব, ইয়াকে লৈ চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে শিক্ষক–শিক্ষয়িত্রীস৷ ইফালে, বৰাক উপত্যকাত কালিৰে পৰা পুনৰ ৯দিনীয়া লকডাউন ঘোষণা কৰা হৈছে৷ বৃহস্পতিবাৰৰ পৰা বৰাক উপত্যকাৰ তিনিখন জিলাত লকডাউন বলৱৎ হোৱাৰ পিছত শিক্ষা বিভাগে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত শিক্ষকসকলৰ ক’ভিড পৰীক্ষাৰ সমসয়ীমা ১০ ছেপ্ঢেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ বৰাকত কর্মৰত শিক্ষকসকলে ১০ ছেপ্ঢেম্বৰৰ ভিতৰত নিজৰ ছোৱাব পৰীক্ষা কৰি নিগেটিভ প্রমাণ–পত্র লৈ ১১ ছেপ্ঢেম্বৰৰ পৰা বিদ্যালয়ত যোগদান কৰিব লাগিব৷ কিন্তু ব্রহ্মপুত্র উপত্যকাৰ ক্ষেত্রত কি সিদ্ধান্ত লোৱা হ’ব, তাক লৈ বিমোৰত পৰিছে খোদ শিক্ষা বিভাগ৷ বিভাগটোৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই জনোৱা মতে, কেইবাখনো জিলাত আৰ টি–পি চি আৰ টেষ্ট বন্ধ হৈ থকাৰ বিষয়টো শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হৈছে আৰু আজি সন্ধিয়া শিক্ষামন্ত্রীগৰাকীলৈ এই সম্পর্কীয় এটা ফাইল প্রেৰণ কৰা হৈছে৷ গতিকে ব্রহ্মপুত্র উপত্যকাত শিক্ষানুষ্ঠান মুকলি সন্দর্ভত এতিয়াও পূর্বৰ নির্দেশেই বাহাল আছে যদিও দুই–এদিনতে বিষয়টো সম্পূর্ণ স্পষ্ট হৈ পৰিব৷ বিদ্যালয়–মহাবিদ্যালয় পাঠদান আৰম্ভ কৰাক লৈ স্পষ্ট মন্তব্য আগবঢ়াব পৰা নাই খোদ বিভাগটোৰ ৰাজ্যিক মন্ত্রী ভৱেশ কলিতায়ো৷ কালি সংবাদ মাধ্যমৰ আগত মন্ত্রী কলিতাই কয় যে শিক্ষানুষ্ঠান মুকলিক লৈ অহা ১৫ ছেপ্ঢেম্বৰৰ ভিতৰত কেন্দ্রীয় চৰকাৰে গাইডলাইন প্রকাশ কৰিব৷ সেইবাবে চৰকাৰে এই সময়ছোৱাৰ ভিতৰত বিদ্যালয়–মহাবিদ্যালয়  ছেনিটাইজ কৰাৰ নির্দেশ দিছে৷ লগতে শিক্ষানুষ্ঠানত সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্রতো জনমত গঢ়ি তুলিব লাগিব৷ এনে পৰিস্থিতিত ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰা বিষয়টো এতিয়াও অনিশ্চয়তাৰ মাজতে আছে৷ বিশেষকৈ শিক্ষক–শিক্ষয়িত্রীস আৰ টি–পি চি আৰ টেষ্ট কৰাবলৈ গৈ সমস্যাৰ সন্মুখীন হোৱাত এতিয়াও নিশ্চিত সিদ্ধান্ত ল’ব পৰা নাই শিক্ষা বিভাগে৷ তদুপৰি ৰাজ্যত ক’ৰোনা সংক্রমণৰ হাৰ এতিয়াও হ্রাস পোৱা নাই৷ বৰং সংক্রমিত লোকৰ সংখ্যাই ১ লাখৰ সীমা অতিক্রম কৰাৰ উপক্রম হৈছে৷ এনে এক পৰিস্থিতিত অভিভাৱকসকলেও নিজৰ সন্তানক বিদ্যালয় বা মহাবিদ্যালয়লৈ প্রেৰণ কৰিব বিচৰা নাই৷ অৱশ্যে ছাত্র–ছাত্রীৰ ক্ষেত্রত ক’ভিড–১৯ পৰীক্ষা বাধ্যতামূলক নহয়৷ 

You might also like