নিয়মীয়া বাৰ্তা,৩ জুলাই: অসম চৰকাৰে উদ্যোগীকৰণৰ নামত শেহতীয়া কৈ গ্ৰহণ কৰা ভূমি নীতিৰ অধ্যাদেশ বাতিল কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ সিদ্ধান্ত তথা প্ৰস্তাৱিত অধ্যাদেশ বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱব্ৰত মেধি আৰু সাধাৰণ সম্পাদক দিগন্ত বৰুৱা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই ভূমি নীতিয়ে অসম চুক্তিৰ ৬ নং দফা উলংঘা কৰিছে বুলি উল্লেখ কৰি এই ভূমিনীতি অতি সোনকালে বাতিল কৰি অসম চুক্তিৰ ৬নং দফা অটুট ৰাখিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ দেব্ৰব্ৰত মেধি, অমৰজ্যোতি বৰা, প্ৰিয়াংশু ডেকা, দিগন্ত বৰুৱা, বিশ্বজিৎ দাস, নীহাৰ শইকীয়াৰ লগতে সদৰ আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্রতিম শইকীয়া আৰু সম্পাদক অৰ্ণৱ বৰা উপস্থিত থাকে।