নিয়মীয়া বার্তা, ৭ আগষ্টঃ দেশৰ কৃষিখণ্ডৰ প্রতি লক্ষ্য ৰাখি জালুকবাৰীৰ সমীপৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছস্থিত কুমাৰ ইঞ্জিনীয়াৰিঙৰ উদ্যোগত অত্যাধুনিক প্রযুক্তিৰে পাৱাৰ টিলাৰ নির্মাণ কৰা হৈছে৷
এই সন্দর্ভত কুমাৰ ইঞ্জিনীয়াৰিঙৰ মুখ্য কার্যবাহী বিষয়া কুমাৰ গৌৰৱে জানিবলৈ দিয়া মতে, জালুকবাৰীৰ পৰা প্রায় ছয় কিঃমিঃ নিলগৰ ধাৰাপুৰ নতুনবস্তিত প্রায় ৮৫ হাজাৰ বর্গফুট এলেকাত যোৱা জুলাই মাহৰ পৰা পেট্ৰ’ল আৰু ডিজেল ইঞ্জিনযুক্ত ইন্ধন ৰাহিকাৰক পাৱাৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷
১৪ এইচ পি (৮৮৮) শক্তিৰ ক্ষমতাযুক্ত পেট্ৰ’লচালিত এই পাৱাৰৰ ওজন মাত্র ২৮০ কেজি৷ তেনেদৰে পৰিৱেশ–প্রদূষণ সংৰক্ষণৰ বাবে ‘ইউৰো–৫’ প্রযুক্তি ইঞ্জিনত ব্যৱহাৰ কৰা হৈছে৷
প্রায় ১.৬৫ লাখ মূল্যৰ পেট্ৰ’লচালিত পাৱাৰ টিলাৰ ৰাজ্যত প্রথমবাৰৰ বাবে কৃষক ৰাইজে লাভ কৰিব৷ কিয়নো ইয়াৰ পূর্বে টিলাৰসমূহ ডিজেলচালিত আছিল আৰু ই শব্দ, বায়ু প্রদূষণ সৃষ্টিত অৰিহণা যোগাইছিল৷ মাটি চহ কৰা, ঘাঁহ কটা আৰু ধান কটাকে ধৰি ভিন্ন সুবিধা থকা এই পাৱাৰ টিলাৰত টেইলৰ সংযোগ কৰি ১৫ কুইণ্টলৰো অধিক ওজন কঢ়িয়াব পৰা সুবিধা ৰখা হৈছে৷
মহিলাসকলেও যাতে পথাৰৰ পৰা উৎপাদিত কৃষিজাত সামগ্রী বজাৰ বা নিজৰ ঘৰলৈ নিব পাৰে, তাৰ বিশেষ ডিজাইন কৰা হৈছে৷ মুখ্য কার্যবাহী বিষয়া কুমাৰ গৌৰৱে সদৰী কৰা অনুসৰি, ধাৰাপুৰত ৬৫জন আৰু জালুকবাৰীত ১৫জনকৈ ধৰি ৮০জন দক্ষ লোক এই পাৱাৰ টিলাৰ নির্মাণত জডিত হৈ আছে৷
ৰাজ্য চৰকাৰৰ কৃষি বিভাগকে ধৰি বিভিন্ন সংস্থা আৰু আত্মসহায়ক গোটৰ দ্বাৰা প্রশংসা লাভ কৰা এই পেট্ৰ’ল–ডিজেলচালিত পাৱাৰ টিলাৰ আজাৰা সমীপৰ বঙৰাৰ খেতিপথাৰত সফলতাৰে খেতি চহ কৰি পৰীক্ষণ কার্য সম্পাদন কৰা হৈছে৷
অধিৰ পঢ়কঃ