নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত বিজেপি ছৰপঞ্চক হত্যা

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ   জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ বেছুট বাসভৱনৰ বাহিৰতে অচিনাক্ত সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰিছে এগৰাকী বিজেপি গাঁওপ্রধান বা ছৰপঞ্চক৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ছাজ্জাদ আহমেদ খান্দী নামৰ ছৰপঞ্চগৰাকীক দুর্বৃত্তই গুলীয়াই হত্যা কৰাৰ পাছতে পৰিস্থিতি অস্থিৰ হৈ পৰে৷ উল্লেখনীয় যে সন্ত্রাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত খান্দীক ততাতৈয়াকৈ হাস্পতাললৈ প্রেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ কোনো সন্ত্রাসবাদী সংগঠনে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ ছৰপঞ্চগৰাকীয়ে আন কেইবাজনো গাঁওপ্রধানৰ সৈতে এটা নিৰাপদ শৰণার্থী শিবিৰত কটাই আছিল৷ কালি পুৱাৰ ভাগতে বেছু গাঁওস্থিত নিজ বাসভৱনলৈ গৈছিল ছৰপঞ্চ খান্দী৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ বিজেপি নেতা আৰু গাঁওপ্রধানৰ ওপৰত সন্ত্রাসবাদীয়ে আক্রমণ চলাবলৈ লৈছে জম্মু–কাশ্মীৰত৷ এই ঘটনাক পাক সন্ত্রাসবাদী জড়িত থকা বুলি সন্দেহ কৰিছে প্রশাসনে৷

You might also like