নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৮ এপ্ৰিলঃ জীৱন জীৱিকাই নহয় আধ্যাত্মিক ক্ষেত্ৰত নাৰ্চাৰী নতুবা গছ ৰোপনে আমাক যথেষ্ট সহায় কৰে৷ নাৰ্চাৰী কেৱল ব্যৱসায়ে নহয় সৌন্দৰ্যবৰ্ধন আৰু প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰাতো সহায় কৰে৷ সম্প্ৰতি পৃথিৱীত বায়ু প্ৰদূষৰ লগতে উত্তাপ ভয়াৱহভাৱে বৃদ্ধি পাব ধৰিছে৷ ইয়াক কিছু পৰিমাণে ৰোধ কৰিবলৈ হ’লে গছ ৰোপনেই নহয় একোখন নাৰ্চাৰীও যথেষ্ট সহায় কৰে৷ এই মন্তব্য বালেকানন্দ ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টী বি কে দাসৰ৷ দেওবাৰে সোণাপুৰ নাজিৰাখাটস্থিত ‘সোণাপুৰ নাৰ্চাৰী’ নামেৰে এখন নৱস্থাপিত নাৰ্চাৰী মুকলিৰ পিছতে বি কে দাসে আৰু কয় যে নিৱনুৱা যুৱক-যুৱতীসকলে 20-22 হাজাৰ টকাৰ চাকৰি নিবিচাৰি নিজেই একোখনকৈ নাৰ্চাৰী খুলি স্বাৱলম্বী হ’ব পাৰে৷ কম মাটিতে বৈজ্ঞানীক পদ্ধতিৰে নাৰ্চাৰী একোখন গঢি তুলি যথেষ্ট লাভাম্বিত হ’ব পাৰি৷ নাৰ্চাৰী এখনে বায়ু প্ৰদুষন ৰোধ কৰাত যথেষ্ট সহায় কৰে৷ বায়ু প্ৰদূষন হ্ৰাস পালে মানুহ সু-স্বাস্থ্যৱান হয়৷ স্বাস্থ্য ভালে থাকিলে মানুহৰ কাৰ্যক্ষমতা বাঢ়ে বুলিও কয়৷ উল্লেখ্য যে বালেকানন্দ ট্ৰাষ্টৰ উদ্যোগত নাজিৰাখাটৰ ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষতে ১৪ বিঘা ভূমিত গঢ়ি তোলা হৈছে এখন ফুল-ফলেৰে জাতিষ্কাৰ সুন্দৰ নাৰ্চাৰী৷ ইয়াত ২ বিঘা ভূমিত উন্নতমানৰ নেমু আৰু ১২ বিঘা ভূমিত বিভিন্ন প্ৰজাতিৰ ফুল, সুগন্ধি গছ,চন্দন, নেমু ,আগৰ, আমলখি, কল, নাৰিকলকে আদি কৰি বহু মূল্যবান গছ পুলি কম মূল্যতে পোৱা যায়৷ জানিব পৰা মতে, উত্তৰ পূৰ্বাঞ্চলত নোপোৱা বহু উন্নত মানৰ ফুল আৰু বিভিন্ন উন্নত প্ৰজাতিৰ গছপুলি পুনে আৰু বাংলাদেশৰ পৰা ক্ৰয় কৰি অনা হৈছে৷ ২০-৩০ জন স্থানীয় কৰ্মচাৰীক নাৰ্চাৰীখনত কৰ্মসংস্থাপন দিয়া হৈছে৷ সিদিনা অনুষ্ঠানটো ৰঙা ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদুমনি প্ৰাথমিক শাখাৰ বেলতলাৰ সভাপতি অতুল চন্দ্ৰ দত্ত, সম্পাদক প্ৰবীন শইকীয়া, উপদেষ্টা চন্দ্ৰ কুমাৰ দাস, সোণাপুৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া নৱজিৎ নাথে৷