আৰ জি বৰুৱা পথ–গীতানগৰ তিনিআলিক সংযোগ কৰি হ’ব আন এখন উৰণীয়া সেতু
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: অসমৰ উন্নয়নৰ গতিধাৰাক এক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ এই সংকল্পৰে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থানত আৰম্ভ হৈছে আন্তঃগাঁথনি উন্নয়নৰ প্রক্রিয়া৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ প্রক্রিয়াক নতুন গতি প্রদান কৰি বৃহস্পতিবাৰে জি এছ ৰোডৰ ছুপাৰ মার্কেটত নতুনকৈ নির্মাণ কৰা উৰণীয়া সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উছর্গা কৰি এই মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অতিৰিক্ত ব্যয়ৰ বোজা লাঘৱ কৰা আৰু ৰাজ্যবাসীক প্রকৃত উন্নয়নৰ সোৱাদ দিয়াৰ বাবে আন্তঃগাঁথনি প্রকল্পসমূহ নির্ধাৰিত সময়ৰ পূর্বেই সম্পূর্ণ কৰি তোলাত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰিছে৷ সেয়েহে নির্ধাৰিত সময়ৰ পূর্বেই ছুপাৰ মার্কেটৰ এই উৰণীয়া সেতুখন নির্মাণ কৰি উলিওৱাত সর্বাধিক গুৰুত্ব দিয়া হৈছিল৷
মুখ্যমন্ত্রীয়ে উৰণীয়া সেতুখন নির্মাণ কৰি উলিওৱা বাবে লোকনির্মাণ বিভাগৰ অভিযন্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সেতুখন নির্মাণৰ দিশত সবল ভূমিকা পালন কৰা বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা প্রয়াত দিলীপ দাসৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই ভাষণতে মুখ্যমন্ত্রীয়ে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ দলংখন ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত উদ্বোধন কৰাৰ লগতে চাংসাৰিত নির্মীয়মাণ এইমছখন চলিত বিত্তীয় বর্ষৰ ভিতৰতে মুকলি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
একেদৰে চেৰাবভাটি আৰু মালিগাঁৱৰ নির্মীয়মাণ উৰণীয়া সেতু দুখনো ২০২৩ চনৰ ভিতৰত সম্পূর্ণ কৰি তোলা হ’ব৷ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৰাধা গোবিন্দ বৰুৱা পথ আৰু গীতানগৰ তিনিআলিক সংযোগ কৰি ৰাজ্য চৰকাৰে আন এখন ফ্লাই অভাৰ নির্মাণ কৰিব৷
তদুপৰি বশিষ্ঠ চাৰিআলি আৰু গড়চুকতো আন দুখন উৰণীয়া সেতু নির্মাণ কৰা হ’ব৷ সেইদৰে গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদাম অঞ্চলক সংযোগ কৰি নির্মাণ কৰিবলৈ লোৱা আন এখন উৰণীয়া সেতুৰ বিস্তৃত প্রকল্পৰ প্রতিবেদন প্রস্তুতিৰ চূড়ান্ত পর্যায়ত আছে৷
ইফালে বাইহাটা–ছিপাঝাৰ আৰু কুৰুৱা–নাৰেংগীক ৰাষ্ট্রীয় ঘাইপথৰ লগত সংযোগ কৰি এটা ৬ লেনযুক্ত ৰিংৰোড নির্মাণৰ কথাও পর্যালোচনা কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে যে এই প্রকল্পৰ বিস্তৃত প্রতিবেদন প্রস্তুত কৰি থকা হৈছে আৰু এই কাম ভাৰতমালা প্রকল্পৰ অধীনত হাতত লোৱা হ’ব৷
তেওঁ লগতে কয় যে বর্তমানৰ চৰকাৰৰ পৰৱর্তী পাঁচ বছৰত ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণপাৰৰ ৰাইজৰ যাতায়াতৰ দীর্ঘদিনীয়া সমস্যা দূৰ কৰাৰ পদক্ষেপৰ অংশ হিচাপে বর্তমানৰ শৰাইঘাট দলঙৰ উপৰি নাৰেংগী–কুৰুৱা, নির্মীয়মাণ গুৱাহাটী–উত্তৰ গুৱাহাটী আৰু পলাশবাৰী–শুৱালকুছি সংযোগী আন তিনিখন দলং নির্মাণ হৈ উঠিব৷