নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰিত হ’ব সমগ্র বিটিআৰ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ বিটিআৰ শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ হ’ব৷ উন্নয়ন আৰু প্রগতিৰ এক নতুন ইতিহাস ৰচনা হ’ব৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মঙলবাৰে গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ইউপিপিএল তথা বিজেপি মিত্রজোঁটৰ গোসাঁইগাঁও সমষ্টিৰ প্রার্থী জিৰণ বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ সভা এখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বড়োভূমিত প্রমোদ বড়োৰ নেতৃত্বত বিজেপি, ইউপিপিএল মিত্রজোঁটৰ চৰকাৰে শান্তি প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছে৷ বিটিআৰ যদি ৫টা বছৰ শান্তিত থাকে, অসমৰ ভিতৰতে বিটিআৰৰ সমান উন্নত ঠাই কোনো হ’ব নোৱাৰে৷ বিজেপি আৰু ইউপিপিএলৰ চৰকাৰে বিটিআৰত স্থায়ী শান্তি স্থাপন কৰিব৷

বিটিআৰলৈ অহা শান্তি ঘৰলৈ অহা এগৰাকী বোৱাৰীৰ সৈতে তুলনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিটিআৰৰ শান্তি একেবাৰে বোৱাৰী হৈ আহিছে৷ এই বোৱাৰী ওলাই যাব নোৱাৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই বিটিআৰৰ স্থায়ী বাসিন্দাসকলৰ মাটিৰ সমস্যা সমাধান হ’ব বুলি উল্লেখ কৰাৰ লগতে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত কোনোবাই ধন বিচাৰিলে মাটিৰ দালালৰ দৰে জে’ললৈ পঠিওৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ অহা এটা বছৰত এক লাখ নিবনুৱাক এটকাও নিদিয়াকৈ চৰকাৰী চাকৰিত সংস্থাপন কৰা হ’ব বুলি উল্লেখ কৰে৷ সেইদৰে অহা নৱেম্বৰ মাহৰ পৰা মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱা ১১ লাখ মহিলাৰ তিনিটা পর্যায়ত চেকযোগে ঋণৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা গ্রহণ কৰি নির্বাচনৰ সময়ত দিয়া প্রতিটো প্রতিশ্রুতি আখৰে আখৰে পালন কৰাৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে ৰাজ্যখনৰ ৰাইজৰ মৰম আৰু আশীর্বাদ লৈহে তেওঁ চৰকাৰ চলাব বিচাৰে৷ বিভিন্ন জাতি–ধর্ম–ভাষা–সংস্ পৰিপূর্ণ গোসাঁইগাঁৱৰ উন্নয়নৰ বাবে এইবাৰ উপ–নির্বাচনত মিত্রজোঁটৰ প্রার্থী জিৰণ বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াত ইউপিপিএল মানেই বিজেপি, বিজেপি মানেই ইউপিপিএল৷

কংগ্রেছ, এআইইউডিএফ, বিপিএফৰ চৰকাৰ দিল্লীতো নাই, দিছপুৰতো নাই, কোকৰাঝাৰতো নাই৷ সেয়ে কংগ্রেছ, এআইইউডিএফ, বিপিএফক ভোট দিবলৈ ভোটৰ দিনা ভোটকেন্দ্রত শাৰী পতাতকৈ ঘৰতে পঁইতাভাত খাই শুই থকাই ভাল৷ আনহাতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ–নির্বাচনত মিত্রজোঁটৰ প্রার্থী জিৰণ বসুমতাৰীয়ে বিপুল ভোটত জয়লাভ কৰিব৷ উপ–নির্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিতে মিত্রজোঁটৰ ফলাফল ভাল হ’ব৷ আজিৰ নির্বাচনী প্রচাৰ সভাখনত বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্রী অশোক সিংঘাল, ঊর্খাও গৌৰা ব্রহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী আদি উপস্থিত থাকে৷ উল্লেখ্য যে গোসাঁইগাঁৱৰ উপ–নির্বাচনৰ প্রাক্ক্ষণত কালি দুদিনীয়া ভ্রমণসূচীৰে গোসাঁইগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই মৰনৈ চাহ বাগিচাৰ অতিথিশালাত নৈশ যাপন কৰাৰ লগতে ১০০ৰো অধিক দল–সংগঠনৰ নেতৃত্বৰ লগত অঞ্চলটোৰ বিভিন্ন সমস্যা সম্পর্কত আলোচনাত মিলিত হয়৷
উপ–নির্বাচনঃ ৭,৯৬,৪৫৬জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ
ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনত মুঠ ৭,৯৬,৪৫৬জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ৰাজ্যৰ নির্বাচন বিভাগে আজি এক বিজ্ঞপ্তিযোগে এই তথ্য সদৰী কৰি কয় যে ইয়াৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ, ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪জন তৃতীয় লিংগৰ ব্যক্তি৷ ইয়াৰ উপৰি ৩,১৬৫জন ছার্ভিচ ভোটাৰ আছে৷ আনহাতে ভোটগ্রহণ হ’বলগীয়া ৫ সমষ্টিৰ ভিতৰত ২,১৭,৪৩২জন ভোটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটদাতা আছে৷ চলিত বর্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বর্ষৰ ১১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীযোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত উক্ত সমষ্টিকেইটাত মুঠ ৪৩,২২৯জন ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে৷ এই উপ–নির্বাচনত ৮,৮৬৪জন ৮০ৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷

You might also like