ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমত ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷
আজি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে এখন সংবাদ মেলযোগে ক’ভিডৰ নতুন এছঅ’পি প্রকাশ কৰিছে।
সংবাদমেলত চৰকাৰৰ ফালৰ পৰা যুগুতোৱা এই নীতি–নির্দেশনাসমূহক জনসাধাৰণক পালন কৰাৰ আহ্বান জনায় মুখ্য সচিব জিষ্ণু বৰুৱাই।
আজি ঘোষণা কৰা এই এছঅ’পি অনুসৰি-
- মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা বন্ধ বজাৰ, ছুপাৰ মাৰ্কেট
- বন্ধ হ’ব শ্ব’পিং মলৰ দোকান, সাপ্তাহিক বজাৰ
- আজিৰে পৰা প্ৰযোজ্য হ’ব এই নিয়ম
- ৩০ এপ্ৰিল পৰ্যন্ত কঠোৰভাৱে পালন হ’ব এই এছঅ’পি
- এখন দোকানত একেসময়তে থাকিব পাৰিব ৫ জন লোক
- চিটীবাছ, আন্তঃ জিলাৰ বাছত ৫০ শতাংশ যাত্ৰীয়েহে যাতায়ত কৰিব পাৰিব
- বিবাহ বা ঘৰুৱা অনুষ্ঠানত ১০০ জন লোকৰহে অনুমতি
- শেষকৃত্য অনুষ্ঠানত ২০ জনৰ বেছি লোক থাকিব নোৱাৰিব
- ক’ভিড প্ৰট’কলৰে চলিব লাগিব ছেলুন-পাৰ্লাৰ
- প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ অনুমতি
- প্ৰশাসনে অনুমতি দিলেহে পাতিব পাৰিব মুকলি ঠাইত অনুষ্ঠান
- মুকলি অনুষ্ঠানত সৰ্বাধিক উপস্থিতি ৪০০ জন লোক
- চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০% কৰ্মচাৰী
- ৫০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে চলিব শিক্ষানুষ্ঠান
- ক’ভিড নীতি উলংঘাকাৰীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ
- মাস্ক নিপিন্ধাসকলে ভৰিব লাগিব ১০০০ টকা জৰিমনা