নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী জিলা উকীল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ বজালী জিলা উকীল সন্থাৰ নৱনিৰ্মিত ভৱনটো কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বজালী জিলা উকীল সন্থাৰ সভাপতি গোপাল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত মন্ত্ৰী দাসে কয় যে বজালী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত নিৰ্মাণ হোৱা এই ভৱনটোৱে জিলা উকীল সন্থা আৰু ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ কৰাৰ লগতে আইন আৰু ন্যায় ব্যৱস্থাৰ সৈতে জড়িত কাম-কাজসমূহ সুন্দৰকৈ আগবঢ়াই নিবৰ বাবে এটা স্থায়ী ঠিকনা প্রদান কৰিলে। বজালী উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বজালী জিলা ছেছন আৰু সত্ৰ ন্যায়াধীশ শ্ববনম চৌধুৰী, মুখ্য ন্যায়িক দণ্ডাধীশ বৰ্ণালী গোস্বামী, প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ সম্ৰাট জ্যোতি বৰা বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তী, বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী, চাণক্য পাঠক, ধনজিৎ দাস, অসম জৈৱিক সাৰ পৰিষদৰ সভাপতি মহেন্দ্র দাস, বিষয় শিক্ষক সনাতন কাকতি সমন্বিতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিশিষ্ট অধিবক্তা তথা বজালী জিলা উকীল সন্থাৰ সভাপতি গোপাল তালুকদাৰে ন্যায় ব্যৱস্থা শক্তিশালী হ’লেহে সার্বভৌমত্ব আৰু গণতন্ত্র শক্তিশালী হয় বুলি মন্তব্য কৰি আইনৰ সম্যক জ্ঞান জনসাধাৰণক দিব পাৰিলে আইন শৃংখলাজনিত সমস্যা হ্রাস পাব বুলি কয়। সভাৰ পূৰ্বে বজালী জিলা উকীল সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি গোপাল তালুকদাৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like