নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় তথ্য–সম্প্রচাৰ মন্ত্রীক সাক্ষাৎ নিউজ ব্রডকাষ্টার্ছ ফেডাৰেচনৰ

নিউজ ব্রডকাষ্টিং উদ্যোগৰ সমস্যা

নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ ভাৰতৰ সর্ববৃহৎ ব্রডকাষ্ট নিউজ সংস্থা নিউজ ব্রডকাষ্টার্ছ ফেডাৰেচনে (এন বি এফ) আজি কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত নিউজ ব্রডকাষ্টিং উদ্যোগটোৱে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু বাতৰি সম্প্রচাৰণ খণ্ডৰ শেহতীয়া বিকাশ আৰু ধাৰা সন্দর্ভত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰণ মন্ত্রীগৰাকীক অৱগত কৰে৷ এই বৈঠকৰ সময়ছোৱাত এন বি এফৰ সদস্যসকলে বাতৰিৰ ক্ষেত্রত ‘ভিউৱাৰশ্বীপ ৰেটিংছ’ ব্যৱস্থা তাৎক্ষণিকভাৱে পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়৷ এই সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– ‘অর্ণৱ গোস্বামীৰ নেতৃত্বত অহা এন বি এফৰ পৰিচালন সমিতিৰে সাক্ষাৎ আৰু মত বিনিময় আছিল সুখদায়ক৷ তেওঁলোকৰ সৈতে মত বিনিময় ফলদায়ক আছিল আৰু অনাগত দিনত বাতৰি সম্প্রচাৰণ আৰু গণতন্ত্রক শক্তিশালী কৰাৰ ক্ষেত্রত বাতৰি সম্প্রচাৰণৰ ভূমিকাক লৈ এন বি এফৰ সৈতে অনাগত দিনতো যোগাযোগ ৰক্ষা কৰি চলিম৷’

ইফালে এন বি এফৰ প্রতিষ্ঠাপক অধ্যক্ষ অর্ণৱ গোস্বামীয়ে কয়– ‘ভাৰতৰ সর্ববৃহৎ বাতৰি সম্প্রচাৰক সংস্থা গঠনৰ ক্ষেত্রত আমাৰ পদক্ষেপসমূহ কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰিবলৈ আজিৰ বৈঠকে সুযোগ প্রদান কৰিলে৷ আমাৰ মতামত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অত্যন্ত গুৰুত্ব সহকাৰে শুনিছে৷ আগন্তুক সময়ত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সহযোগত বাতৰি সম্প্রচাৰ ক্ষেত্রখনক অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰা হ’ব৷’

উল্লেখ্য যে এন বি এফৰ সদস্য নিউজ চেনেলসমূহৰ মাজত আত্মনিয়ন্ত্রণ অধিক শক্তিশালী কৰাৰ বাবে গ্রহণ কৰাৰ পদক্ষেপৰ বিষয়ে কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰা হয়৷ এই সাক্ষাতৰ অন্তত এন বি এফৰ উপ–উপাধ্যক্ষ তথা নিউজ–৯ নেটৱর্ক গ্রুপৰ মুখ্য কার্যবাহী বিষয়া বৰুণ দাসেও কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে হোৱা বৈঠক ইতিবাচক বুলি প্রকাশ কৰে৷ এন বি এফৰ আন এগৰাকী উপাধ্যক্ষ তথা ফর্থ ডাইমেনছৰ মুখ্য কার্যবাহী বিষয়া শংকৰ বালাই কয়– ‘কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে হোৱা বৈঠক অত্যন্ত আশাব্যঞ্জক৷ অত্যন্ত ধৈর্য সহকাৰে মন্ত্রীগৰাকীৰে আমাৰ সমস্যাসমূহ শুনিছে৷ সকলো সমস্যাই তেওঁক অৱগত কৰোৱা হৈছে৷’

আনহাতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই এই বৈঠকৰ অন্তত কয়– ‘এয়া অনুৰাগ ঠাকুৰৰ সৈতে সৌজন্যমূলক বৈঠক আছিল৷ বৈঠকখন অত্যন্ত ইতিবাচক আছিল৷ আমি এটা দল হিচাপে এন বি এফৰ তৰফৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু সংশয়ৰ বিষয়ে উপস্থাপন কৰিছিলোঁ, যাতে আমি আগলৈ অগ্রসৰ হ’ব পাৰোঁ আৰু আঞ্চলিক উদ্যোগটোক জীয়াই ৰাখিব পাৰোঁ৷ মন্ত্রী ঠাকুৰে আমাৰ সকলো কথা ধৈর্য সহকাৰে শুনে আৰু আমি তেওঁৰ প্রতি কৃতজ্ঞ৷’

উল্লেখ্য যে কেন্দ্রীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰা সঁজাতী দলটোত আছিল ৰিপাব্লিক মিডিয়া নেটৱর্কৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামী, টিভি–৯ নিউজ নেটৱর্কৰ মুখ্য কার্যবাহী বিষয়া বৰুণ দাস, প্রাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, আইটিভি নেটৱর্কৰ প্রম’টাৰ কার্তিকীয়া শর্মা, ফর্থ ডাইমেনছৰ মুখ্য কার্যবাহী বিষয়া শংকৰ বালা, টিভি–৯ ভাৰতবর্ষৰ নিউজ ডাইৰেক্টৰ হেমন্ত শর্মা, নিউজ নেচনৰ মুখ্য সম্পাদক মনোজ গাইৰ’লা, এমএইচৱানৰ অধ্যক্ষ মহেন্দ্র ভাতলা, নিউজ ফাষ্ট কানাড়াৰ বিজনেছ হেড দিবাকৰ এছ, এন বি এফৰ মহাসচিব আৰ জয় কৃষ্ণ৷ ইফালে ভাৰতৰ সর্ববৃহৎ ব্রডকাষ্ট নিউজ সংস্থা এন বি এফে তেওঁলোকৰ সংস্থালৈ আদৰণি জনাইছে টিভি–৯ নেটৱর্কক৷ এন বি এফৰ অধ্যক্ষ অর্ণৱ গোস্বামীয়ে এন বি এফৰ সদস্য হিচাপে টিভি–৯ নেটৱর্কলৈ আদৰণি জনাবলৈ পাই আনন্দিত বুলি প্রকাশ কৰিছে৷ ইফালে টিভি–৯ নেটৱর্কৰ মুখ্য পৰিচালন বিষয়া বৰুণ দাসে কয় যে এন বি এফত অংশগ্রহণ কৰিবলৈ পাই তেওঁ আনন্দিত৷

You might also like