নিউজ লাইভ–নিয়মীয়া বার্তাৰ ৪২ সংবাদ কর্মীৰ প্লাজমা দান
নিউজ লাইভৰ উদ্যোগ–প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সৌজন্যত
নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ আক্রান্তৰ বাবে এতিয়া আশীর্বাদস্বৰূপ হৈ পৰিছে প্লাজমা থেৰাপী৷ ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা বহু লোকে প্লাজমা দানেৰে ইতিমধ্যে বহুজনক সুস্থ কৰি তুলিছে৷ এজনৰ প্লাজমাই দুজনক জীৱন দান দিছে৷ ক’ৰোনাকেন্দ্রিক জটিল পৰিস্থিতিৰ সময়ত প্লাজমা দানেৰে আক্রান্তৰ কাষত থিয় দিলে ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ একাংশ সাংবাদিক আৰু কর্মচাৰী৷ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ‘নিউজ লাইভ’ৰ উদ্যোগত আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হয় প্লাজমা দানৰ এক কার্যসূচী৷ কর্তব্যৰত অৱস্থাত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি আক্রান্ত হোৱা ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ ৪২গৰাকী সাংবাদিক আৰু কর্মচাৰীয়ে আজি প্লাজমা দানৰ বাবে নাম পঞ্জীয়ন কৰে৷ প্লাজমা দানৰ বাবে আগবাঢ়ি অহা এই সংবাদকর্মীসকলৰ আজি বিভিন্ন পৰীক্ষাও সম্পন্ন হয়৷ স্বেচ্ছাই আগবাঢ়ি অহা সাংবাদিক আৰু কর্মচাৰীসকলৰ এনে প্রচেষ্টাক আজি বিশেষভাৱে শলাগ লয় প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা (চিএমডি) ৰিণিকি ভূঞা শর্মাই৷
ক’ৰোনামুক্ত হৈ আনৰ আৰোগ্যৰ বাবে স্বেচ্ছাই আগবাঢ়ি অহা ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ সাংবাদিক আৰু কর্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰি চিএমডিগৰাকীয়ে কয়– ‘এজনৰ প্লাজমা দানেৰে দুজনৰ জীৱন ৰক্ষা কৰিব পাৰি৷ গতিকে ইয়াৰ বাবে সকলোৱে স্বেচ্ছাই আগবাঢ়ি অহাটো যথেষ্ট আদৰণীয়৷’ আনহাতে, অনুষ্ঠানত ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইনে আন সংবাদকর্মীসকলকো ‘নিউজ লাইভ’ৰ দৰে প্লাজমা দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ জ্যেষ্ঠ সাংবাদিকজনে প্লাজমা গ্রহণ কৰি সুস্থ হোৱা ক’ৰোনা আক্রান্তসকলৰ এক তথ্য প্রস্তুত কৰিবলৈও জিএমচিএইচ কর্তৃপক্ষক আহ্বান জনায়৷ যাৰ জৰিয়তে প্লাজমা দানৰ সচেতনতা বৃদ্ধি কৰিব পৰা যাব৷
প্লাজমা দানৰ এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই ‘নিউজ লাইভ’ৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে৷ মন্ত্রীগৰাকীয়ে কয়– প্লাজমা দানেৰে যিসকলে আজি মহানুভৱতা দেখুৱালে, তাৰ বাবে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মন্ত্রীগৰাকীয়ে প্লাজমা দানৰ বাবে সমাজত সচেতনতাৰ সৃষ্টি কৰিবলৈ সংবাদকর্মীসকলৰ প্রতি আহ্বান জনোৱাৰ লগতে ক’ৰোনাৰ পৰা মুক্ত হোৱা লোকসকলক স্বেচ্ছাই প্লাজমা দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ আনহাতে, আন এক অনুষ্ঠানত সশস্ত্র সীমাবল (এছএছবি)ৰ জোৱানসকলেও শুকুৰবাৰে জিএমচিএইচত প্লাজমা দান কৰে৷ লোহিতাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আজি প্লাজমা দানৰ বাবে অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে এছএছবিৰ ডিআইজি জগদীপ পাল সিং, সামৰিক বাহিনীটোৰ আন এগৰাকী শীর্ষ বিষয়া চি জিংগটৰ লগতে জিএমচিৰ অধ্যক্ষ অচ্যুৎ বৈশ্য, অধীক্ষক অভিজিৎ শর্মাৰ লগতে কেইবাজনো জ্যেষ্ঠ চিকিৎসক৷ গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত এই প্লাজমা দান অনুষ্ঠানত ১২গৰাকী এছএছবিৰ জোৱানে প্লাজমা দান কৰে৷