নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদ মেলঃ ১৩ জুনত ৰাজ্যজুৰি ধৰ্ণা ঘোষণা

নিয়মীয়া বাৰ্তা, ১০ জুন: ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি এক সংবাদ মেল অনুষ্ঠিত কৰি আন্দোলন কাৰ্যসূচী ঘোষণা কৰে । সমগ্ৰ অসমতেই ১৩ জুনত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে । উক্ত দিনাখন প্ৰতিগৰাকী মধ‍্যাহ্ন ভোজন কৰ্মীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ তথা শিক্ষা বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা দিব । সংবাদমেলখনৰ জৰিয়তে মুলতঃ মধ‍্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব‍্যক্তিগতকৰণ কৰি একাংশ এনজিঅ’ক গতাবলৈ ওলোৱাৰ তীব্ৰ বিৰোধিতা কৰে কৰ্মী সকলে । ইয়াৰ উপৰিও যোৱা পাঁচ মাহ ধৰি কৰ্মী সকলে মাননী লাভ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সংবাদ মেলখনৰ জৰিয়তে কৰ্মীসকলৰ মাননী অনতিপলমে মোকলাই দিবলৈ দাবী জনাই কৰ্মী সকলে । যদিহে ইয়াৰ পিছতো চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়া হলে আগন্তুক সময়ত কৰ্মী সকলে ২০১৯ চনৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । আজিৰ সংবাদ মেলত মধ‍্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উপ সভাপতি চিত্ৰা ৰাজবংশী , সহ সম্পাদিকা সুৰমা ডেকা ,মহিদা বেগমৰ লগতে চিটুৰ নেতা বিবেকানন্দ অধিকাৰীও উপস্থিত থাকে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like