ৰঙিয়াত প্ৰাক্তন আছু সতীৰ্থ সন্মিলনৰ সংবাদ মেলঃ আছুৰ সভাপতিৰ বক্তব্যৰ প্ৰতিক্ৰিয়া কমলেশ ডেকাৰ
নিয়মীয়া বাৰ্তা, ৯ জুন : আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলন গঠনৰ প্ৰক্ৰিয়াক লৈ চলি থকা বিতৰ্কৰ সময়তে আজি ৰঙিয়া প্ৰেছ ক্লাবত প্ৰাক্তন আছু সতীৰ্থ সন্মিলনীৰ আহ্বায়ক সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে প্ৰাক্তন আছু সতীৰ্থ সন্মিলনৰ মুখ্য আহ্বায়ক কমলেশ ডেকাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যক লৈ উক্ত সংবাদ মেলখনৰ আয়োজন কৰে । অসমত আছুৰ প্ৰাক্তন সতীৰ্থ সকলৰ সুখ-দুখৰ সমভাগী হোৱা,অনগ্ৰসৰ প্ৰাক্তন সতীৰ্থ সকলক “ন্যাস” গঠনৰ জৰিয়তে সহায় কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰে সন্মিলনীৰ মুখ্য আহ্বায়ক গৰাকীয়ে । এনে সময়তে যোৱা ৩১ মে’ত এটা বৈদ্যুতিন মাধ্যমত আছুৰ সভাপতি গৰাকীয়ে ‘কা’ আন্দোলনৰ সময়ত চৰকাৰৰ স্থিতিক সমৰ্থন জনাই সেই সময়ৰ মুখ্যমন্ত্ৰীক প্ৰকাৰন্তৰে কমলেশ ডেকাই গামোচা পিন্ধোৱা বুলি মন্তব্য কৰিছিল । সভাপতি গৰাকীৰ এনে বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু বিভ্ৰান্তিমূলক বুলি সংবাদমেল খনত কমলেশ ডেকাই উল্লেখ কৰে । অৰ্থৰ অভাৱত প্ৰাক্তন আছুৰ বহু কেইগৰাকী সদস্য দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে । দৰিদ্ৰ সতীৰ্থ সকলৰ সহায়ৰ বাবে ২০২০ চনৰ ৪ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী গৰাকীক আছুৰ প্ৰাক্তন সতীৰ্থ সকলৰ ৪৫ জনীয়া প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰি আলোচনাত মিলিত হৈছিল । সেই সময়ত ‘কা’ আন্দোলনৰ কোনো কাৰ্যসূচী নাছিল বুলি ডেকাই স্পষ্ট কৰে । প্ৰাক্তন আছু সতীৰ্থ সন্মিলন গঠন কৰাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিকক উদ্দেশ্য নাই বুলিও দোহাৰে । ইফালে প্ৰাক্তন সতীৰ্থ সন্মিলন গঠন কৰাৰ বিষয়টো আছুৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হব বুলি সংবাদমেল খনত উল্লেখ কৰে । এই বিষয়ত আছুৰ লগত মৌখিক আলোচনা হোৱা বুলিও ডেকাই অবগত কৰে ।
প্ৰেৰক ফাৰুক হুছেইন