নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰিঃ এনএইচএমৰ পৰিচালক ড০ এম এছ লক্ষ্মীপ্রিয়ালৈ কেন্দ্রৰ পত্র

  • অসম নৱনির্মাণ সমিতিৰ অভিযোগৰ ভিত্তিত তদন্তৰ নির্দেশ স্বাস্থ্য মন্ত্রালয়ৰ
  • এনএইচএমৰ পৰিচালক ড০ এম এছ লক্ষ্মীপ্রিয়ালৈ কেন্দ্রৰ পত্র
  • শিৱসাগৰ–ধেমাজি–লখীমপুৰ, নগাঁও জিলাত নিযুক্তি খেলিমেলিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৪ মার্চ: ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ জৰিয়তে স্বাস্থ্য বিভাগত হোৱা তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি অসম নৱনির্মাণ সমিতিয়ে দাখিল কৰা এক আবেদনৰ ভিত্তিত স্বাস্থ্য মন্ত্রালয়ে তদন্তৰ নির্দেশ দিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে যোৱা ২০ ফেব্রুৱাৰীত ৰাষ্ট্রীয় স্বাস্থ্য মিছন (এন এইচ এম) অসমৰ মিছন সঞ্চালকক এখন পত্র প্রেৰণ কৰি শিৱসাগৰ, ধেমাজি, লখিমপুৰ, চৰাইদেউ আৰু নগাঁও জিলাত হোৱা নিযুক্তিসমূহত তদন্ত কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে অসম নৱনির্মাণ সমিতিৰ হৈ দিগন্ত শইকীয়াই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়লৈ এখন পত্র প্রেৰণ কৰি অভিযোগ কৰিছে যে জিলা স্বাস্থ্য বিভাগসমূহত শেহতীয়াকৈ হোৱা তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তিত ব্যাপক অনিয়ম হৈছে৷ বিশেষকৈ লখিমপুৰ, ধেমাজি আৰু চৰাইদেউ জিলাত একাংশ অযোগ্য প্রার্থীয়ে নিযুক্তি  লাভ কৰিছে৷ তদুপৰি নিযুক্তি লাভৰ বাবে যি প্রক্রিয়া চলিছিল, সেই প্রক্রিয়া অনুসৰণ কৰি নিযুক্তি প্রদান কৰা হোৱা নাই৷ অসম নির্মাণ সমিতিৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রেৰণ কৰা অভিযোগৰ ভিত্তিতেই স্বাস্থ্য মন্ত্রালয়ৰ অবৰ সচিব ৰাকেশ কুমাৰ আর্যই অসমৰ মিছন ডাইৰেক্টৰ ড০ এম এছ লক্ষীপ্রিয়ালৈ পত্র লিখি সমিতিৰ সভাপতি দিগন্ত শইকীয়াই উত্থাপন কৰা অভিযোগসমূহ তথা যি পাঁচখন জিলাত অনিয়ম হোৱা বুলি উল্লেখ কৰিছে, সেই জিলাকেইখনত অনতিপলমে বিষয়টোৰ তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷

অসম নির্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই অভিযোগ কৰা মতে, লখিমপুৰ আৰু ধেমাজি জিলাত প্রায় ৩০০ প্রার্থীৰ নিযুক্তিত অনিয়মৰ সৃষ্টি হৈছে৷ সমান্তৰালভাৱে শিৱসাগৰ, চৰাইদেউ আৰু নগাঁও জিলাতে তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তিৰ ক্ষেত্রত কোনোধৰণৰ নিয়ম অনুকৰণ কৰা হোৱা নাছিল৷

You might also like