নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিন্দু-পূর্ণেন্দু হত্যাকাণ্ডৰ গোচৰ: প্রাক্তন ডিএইচডি জুৱেল গোটৰ দুই নেতাক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য পূর্ণেন্দুু লাংথাছা আৰু কার্যবাহী সদস্য নিন্দু লাংথাছাৰ দেশ কঁপোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত যোৱানিশা প্রাক্তন ডিএইচডি জুৱেল গোটৰ দুজন নেতাক গ্রেপ্তাৰ কৰা ঘটনাই সমগ্র জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ধৃত প্রাক্তন উগ্রপন্থী নেতা দুজন হ’ল– মহাজন ডিমাচা আৰু মুন ডিমাচা৷ উমৰাংছ’ আৰক্ষীয়ে দুয়োজন প্রাক্তন উগ্রপন্থী নেতাক গ্রেপ্তাৰ কৰি আজি হাফলং থানালৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে যোৱা ৫ জুনত অসম আৰক্ষীয়ে পূর্ণেন্দু লাংথাছা–নিন্দু লাংথাছাৰ হত্যাৰ গোচৰৰ শপতনামা দাখিলৰ পিছত ২৪ জুনত এই গোচৰটো চলাবলৈ অসম চৰকাৰে অনুমতি প্রদান কৰাৰ উপৰি ২৫ জুনত হাফলং চিজেএম আদালতত চার্জশ্বীট দাখিল কৰিছিল৷

উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাৰ নামো এই চার্জশ্বীটত সন্নিৱিষ্ট হোৱাৰ পিছত ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ হত্যাকাণ্ডকে ধৰি দেশদ্রোহিতাৰ গোচৰত পাঁচখনকৈ চার্জশ্বীটত নাম থকা উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যজনক এতিয়ালৈকে বিজেপিয়ে পদবীৰ পৰা আঁতৰাই নিদিয়াটো সমগ্র ৰাজ্যজুৰি চর্চাৰ বিষয়বস্তু হৈ পৰিছে৷ উল্লেখ্য যে দেৱলাল গার্লোছাক পদবীৰ পৰা আঁতৰাবলৈ ইতিমধ্যে বিৰোধী দল কংগ্রেছে ৰাজ্যপালক সাক্ষাৎ কৰাৰ উপৰি প্রধানমন্ত্রীলৈও পত্র প্রেৰণ কৰিছে৷

You might also like