নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট অভিনেতা নিপন গোস্বামীক জীৱনজোৰা সাধনা বঁটা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: বিশিষ্ট অভিনেতা বিজু ফুকনৰ স্মৃতিত বিজু ফুকন স্মৃতি ন্যাস আৰু ৰয়েল এফায়াৰে প্রদান কৰি অহা ২০২১ বর্ষৰ বঁটাপ্রাপসকলৰ নাম ঘোষণা কৰা হৈছে৷ বিজু ফুকন স্মৃতি ন্যাসে সদৰী কৰা মতে, এইবেলি ন্যাসে বিশিষ্ট অভিনেতা নিপন গোস্বামীক জীৱনজোৰা সাধনা বঁটা ইন্দেৰ সিঙক যুৱ উদ্যোগী ৰাহুল বাজাজক উদ্যোগপতি জুবলী ফাউণ্ডেচনক শ্রেষ্ঠ স্বেচ্ছাসেৱী সংগঠন সুৰেশ ফুকনক সমাজকর্মী হিমাংশু বৈশ্যক যুৱ সমাজকর্মী আৰু ৰুণামণি কৌশিকক ফিলানথ্র’পিষ্ট বঁটাৰ বাবে বাছনি কৰিছে৷ একেদৰে লাভলীনা বৰগোহাঁইক খেলুৱৈ পার্থসাৰথি মহন্তক জনসেৱা ‘দৈনিক জনমভূমি’ কাকত গোষ্ঠীক আঞ্চলিক বাতৰিকাকত প্রাগ্ নিউজ নিউজ চেনেল, ৱাছবিৰ হুছেইনক এক্সিলেঞ্চ জার্নেলিজম বশিষ্ঠদেৱ ফুকনক প্রতিশ্রুতিসম্পন্ন সাংবাদিকতা টাইম–৮ক ডিজিটেল মিডিয়া বঁটাৰ বাবে মনোনীত কৰিছে৷

ইপিনে, চিকিৎসা সেৱাত ডাঃ এলবার্ট খিয়াংগেট, ডাঃ ৰীতা ভূঞা, ডাঃ এম এল এ ৰহমান, ডাঃ সাৰদী শ্রীময়ী আৰু ডাঃ ৰূপক গগৈক বাছনি কৰিছে৷ একেদৰে প্রযোজকৰ ক্ষেত্রত জনপ্রিয় অভিনেত্রী আইমী বৰুৱা, ভ্রাম্যমাণ প্রযোজকৰ শিতানত মধুমিতা শর্মা, অভিনেতা–ভিনেত্রী শিতানত আদিল হুছেইন আৰু উর্মিলা মহন্তৰ লগতে অ’টিটি এক্টৰ হিচাপে প্লাৱিতা বৰঠাকুৰক বিজু ফুকন বঁটাৰ বাবে বাছনি কৰাৰ উপৰি আশ্বিক জামানক লেখকৰ শিতানত বঁটাৰ বাবে বাছনি কৰা হৈছে৷ ২০ ডিচেম্বৰত এই বঁটা প্রদান কৰা হ’ব৷ উল্লেখ্য যে ন্যাসে বিশিষ্ট অভিনেতা বিজু ফুকনৰ পৰিয়ালৰ সহযোগত তৃতীয়বাৰৰ বাবে এই বঁটা প্রদান কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে৷

You might also like