মন্ত্রী চন্দ্রমোহনৰ ঘনিষ্ঠ নিতুল বর্মনক গ্রেপ্তাৰ
এছআই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ অভিকেন্দ্র নলবাৰী
নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ সমগ্র ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ অন্যতম খলনায়ক তথা অসম আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড ঘোষণা কৰা বিজেপি নেতা দিবন ডেকাই অৱশেষত বুধবাৰে নিশা নলবাৰীৰ সীমান্তৱর্তী পাটাছাৰকুছিত আত্মসমর্পণ কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই আন এগৰাকী বিজেপিৰ দালাল নিতুল বর্মন আজি নাটকীয়ভাৱে নলবাৰী আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ উক্ত নিযুক্তি কাণ্ডৰ সৈতে সম্পর্ক থকাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে দুই সাংবাদিক আৰু এগৰাকী বিজেপি কর্মীসহ আৰু চাৰিজন লোকক যোৱানিশা আৰু বৃহস্পতিবাৰে গ্রেপ্তাৰ কৰিছে৷ এই লোককেইজনৰ এগৰাকী বিহামপুৰৰ বিজেপি কর্মী নিতুল বর্মন৷ তেওঁ আত্মসমর্পণৰ বাবে আগবাঢ়ি অহাত যোৱানিশাই আৰক্ষীয়ে বিহামপুৰৰ নিজ ঘৰৰ পৰা গ্রেপ্তাৰ কৰিছে৷ এই নিতুল বর্মন আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰিৰ অন্যতম ধন সংগ্রহকাৰী বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ আৰক্ষীয়ে গ্রেপ্তৰ কৰা আন তিনিজন লোক হৈছে বৰপেটাৰ দুই প’র্টেলৰ সাংবাদিক জাহিৰুল ইছলাম, জিতুল হুছেইন আৰু হাজোৰ আদিল খান৷ বৰপেটাৰোডৰ কাটাঝাৰৰ সাংবাদিক জিতুল হুছেইন চাকৰি প্রার্থী হোৱাৰ বিপৰীতে আনগৰাকী সাংবাদিক জাহিৰুল ইছলাম চাকৰিৰ দালাল তথা জিতুলৰ খুৰাক৷ নলবাৰী আৰক্ষীয়ে জাহিৰুল ইছলামক যোৱানিশা নিজ গৃহৰ পৰা আটক কৰাৰ লগতে ভতিজা জিতুল হুছেইনক বৃহস্পতিবাৰে নিজ গৃহৰ পৰা নলবাৰী আৰক্ষীয়ে আটক কৰে৷আনহাতে, চাকৰি প্রার্থী হাজোৰ আদিল খানকো নলবাৰী আৰক্ষীয়ে আটক কৰিছে৷ নলবাৰীৰ আৰক্ষীয়ে থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে৷
উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্র নলবাৰী জিলাৰ শাসকীয় দলৰ কেইবাগৰাকী নেতা–পালিনেতা, দালাল চক্র এই বিয়াগোম কেলেংকাৰিটোৰ স’তে আৰম্ভণিৰে পৰা জডিত থকাৰ সন্দেহ ঘনীভূত হৈ আহিছিল৷ এনে সময়তে জিলাখনৰ বিজেপি নেতা দিবন ডেকাৰ লগতে ধর্মপুৰ সমষ্টিৰ আন দুগৰাকী বিজেপিৰ যুৱ নেতা কুলদীপ ৰাজবংশী আৰু নিতুল বর্মনৰ নাম অধিক চর্চালৈ আহে৷ তাৎপর্যপূর্ণ দিশটো হৈছে নিতুল বর্মন হৈছে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ঘনিষ্ঠ ৰূপে পৰিচিত সর্বেশ্বৰ বর্মনৰ ভতিজা৷ এবছৰ পূর্বে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিতুলৰ লগতে তেওঁৰ ভাতৃ মৃদুল বর্মনৰ তথ্য আৰু জনসংযোগ বিভাগত চাকৰি হৈছিল৷ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তি কেলেংকাৰিত ধর্মপুৰৰ বিজেপি নেতা সর্বেশ্বৰ বর্মনৰ ভতিজা নিতুল বর্মনৰ নাম চর্চালৈ অহাৰ পাছতেই আত্মগোপন কৰে৷ এইজন বিজেপিৰ দালাল নিতুল বর্মনে নলবাৰী আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈ ইতিমধ্যে ৰঙাঘৰৰ আলহী হোৱা চাৰিজন পৰীক্ষার্থী বেলশৰৰ সঞ্জীৱ বর্মন, মাখিবাহাৰ মৃদুল বর্মন, পার্থপ্রতিম পাঠক আৰু ধ্রুৱজ্যোতি বৰুৱাক পৰীক্ষাৰ আগদিনা অনুষ্ঠিত ৰিহার্ছেল পৰীক্ষাৰ বাবে গুৱাহাটীৰ থেংক ইউ লজলৈ মাতি নিয়া বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়াৰ পাছত এইজন দালাল নিতুলক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল৷ আনহাতে, মন্ত্রী পাটোৱাৰীৰ গৃহ মৌজা নতুন দেহৰৰ শোলমাৰীৰ কুলদীপ ৰাজবংশী নামৰ বিজেপিৰ যুৱ নেতা তথা চাকৰিৰ দালালটো এইবৃহৎ কেলেংকাৰিটোত সাঙোৰ খাই ইতিমধ্যে ৰঙাঘৰৰ আলহী হ’ব লগা হৈছে৷ এনে পৰিস্থিতিৰ মাজতে নলবাৰী জিলাৰ এগৰাকী আগশাৰীৰ বিজেপি নেতা দিবন ডেকাৰ নাম সাঙোৰ খাই পৰাৰ পাছতে নলবাৰী আৰক্ষীয়ে আটক কৰিছিল অখ্যাত সংগঠন নৱনির্মাণ ভাৰতৰ ৰাজ্যিক সভাপতি তথা ধর্মপুৰ সমষ্টিৰ বিজেপি নেতা কুলদীপ ৰাজবংশীক৷ কুলদীপৰ ভাষ্যৰ ভিত্তিতে নলবাৰী আৰক্ষীয়ে ইতিপূর্বে ছয়গৰাকীকৈ পৰীক্ষার্থীক আটক কৰে৷