নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷
বৃষ ঃ পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক, সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মিথুন ঃ কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা যাতে সুযোগ সৰকি নাযায়, সাৱধান হওক৷ সন্তানৰ বাবে কিছু চিন্তা৷ দাম্পত্যতো তদ্রূপ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কর্কট ঃ বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু তাতো বৰ সফল নহ’ব৷ সন্তান চিন্তা থাকিব৷ নতুন সংযোগত বিৰাগ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ২৷
সিংহ ঃ দৃঢ় মত পোষণ কৰিলে সুখী হ’ব৷ কিন্তু আপোনাৰ এই মতক সকলোৱে মানি নল’ব৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ১৷
কন্যা ঃ এটাৰ পাছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ আপোনাৰ স্বকর্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ দিব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷
তুলা ঃ মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব৷ লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
বৃশ্চিক ঃ কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যায়৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
ধনু ঃ শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়সস্থসকলে৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ আর্থিক উন্নতিত বাধা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
মকৰ ঃ আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ কোনো প্রশংসনীয় বিষয় বা তেনে লোকৰ লগত সু–সম্বন্ধ গঢ়িব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
কুম্ভ ঃ মনত অত্যন্ত কুটিল প্রশ্ণই তোলাপাৰ লগাব পাৰে৷ অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং বগা৷ সংখ্যা ৩৷
মীন ঃ মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

You might also like