নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ ঃ ঘিউ চাকি এগজ জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷
বৃষ ঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ ঃ তুলসীগছৰ গুৰিত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷
মিথুন ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ প্রতিকাৰ ঃ ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কট ঃ শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ ঃ অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহ ঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাৰিলে থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেল গছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
কন্যা ঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ ঃ হনুমান চালিচা পাঠ কৰিব৷
তুলা ঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ ঃ পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷
বৃশ্চিক ঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ ঃ পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনু ঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ ঃ কপালত চন্দনৰ ফোঁট ল’ব৷
মকৰ ঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ সন্তানৰ শুভ৷ প্রতিকাৰ ঃ ভিক্ষাৰীক ভোজন কৰাব৷ পাৰিলে ভাল৷
কুম্ভ ঃ শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ প্রতিকাৰ ঃ তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷
মীন ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ ঃ পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like