নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আজমল নহ’লে নাবাচে কংগ্রেছ’

নলবাৰীত বিশাল কর্মীসভা পাতি অগপৰ শক্তি প্রদর্শন অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ অসম গণ পৰিষদ’ ৰাইজৰ তেজেৰে গঢ়া দল৷ আজিও আমাৰ দল অধিক শক্তিশালী৷ এই দলৰ কর্মীসকলৰ বুকুত আছে সীমাহীন সাহস৷ দলৰ তৃণমূল কর্মীসকলৰ সাহস আছে বাবেই আমাৰ দলৰ পতাকাখন উৰি আছে৷ অনাগত দিনত দল অধিক শক্তিশালী হ’ব৷ আমি থমকি ৰোৱা নাই৷ ৰাইজৰ বিশ্বাসযোগ্য দল কোনোদিনে থমকি নৰয়৷ আমাৰ মাজৰ পৰা বহুতো আঁতৰি গ’ল৷ বহুতো নোহোৱা হ’ল৷ এসময়ত আমি ৮৪খন আসন দখল কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলোঁ৷ এতিয়াও সেই সমষ্টিসমূহত আমাৰ শিপাডাল মজবুত হৈ আছে৷ সেয়েহে আমি সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছোঁ৷ কর্মীসকলৰ লগত মত বিনিময় কৰিছোঁ৷ মনৰ উমান লৈছোঁ৷ পুনৰ আগুৱাই যোৱাৰ প্রয়াস কৰিছেছা, সাৰ–পানী দিছেছা, যাতে দল অধিক শক্তিশালী হৈ পৰে৷– এনেদৰে বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ স্মৃতি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ‘কর্মী সন্মিলনৰ’ সভাত ভাষণ দিয়ে দলটোৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰাই৷ নলবাৰী জিলা অসম গণ পৰিষদ সমিতিৰ সভাপতি আনন্দ ৰাজবংশীয়ে আঁত ধৰা সভাখনত সভাপতি অতুল বৰাই কংগ্রেছক সমালোচনা কৰি কয়– কংগ্রেছ ক্ষমতাত নাথাকিলে বলিয়া হৈ যায়৷ আমাৰ দলক শেষ কৰিবলৈ কংগ্রেছ দলে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ সেইবাবেই তেওঁলোকে বদৰুদ্দিন আজমলৰ দলৰ লগ হৈছে৷ কাৰণ আজমল নহ’লে কংগ্রেছ নাবাচে৷ তেওঁ পুনৰ কয়– অসম গণ পৰিষদ দল হৈছে অসমৰ ৰাইজৰ তেজেৰে গঠিত দল৷ এই দলটো হৈছে ধর্মনিৰপেক্ষ৷ কেন্দ্রীয় সমিতিৰ নির্দেশমর্মে নলবাৰী জিলা অগপৰ উদ্যোগত আৰু কেন্দ্রীয় সমিতিৰ কার্যনির্বাহ সদস্য দিলীপ কুমাৰ দাসৰ নেতৃত্বত আয়োজন কৰা কর্মীসভাখনৰ আৰম্ভণিতে দলৰ তৃণমূল কর্মীসকলে এটি আৰম্ভণী গীত পৰিৱেশন কৰে৷ পৰৱর্তী দলৰ কেন্দ্রীয় কার্যনির্বাহ সদস্য আক্রাম হুছেইনে সম্বর্ধনা অনুষ্ঠান পৰিচালনা কৰে৷

সভাত কর্মীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় মন্ত্রী ফণীভূষণ চৌধুৰী, কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, বিধায়ক সত্যব্রত কলিতা আৰু দলৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই৷ সভাত বিধায়ক সত্যব্রত কলিতাই কয় যে অসম গণ পৰিষদৰ ওপৰেৰে বহুত ধুমুহা পাৰ হৈ গৈছে৷ কিন্তু অসম গণ পৰিষদ দল পূর্বৰ তুলনাত অধিক শক্তিশালী হৈ আছে৷ অগপৰ সহায় নোহোৱাকৈ কোনো দলেই দিছপুৰ দখল কৰিব নোৱাৰে৷ মন্ত্রী কেশৱ মহন্তই দলীয় কর্মীসকলক সম্বোধন কৰি কয়– নলবাৰীৰ ৰাইজ সদায় আপোচবিহীন৷ নলবাৰীৰ ৰাইজে কাৰো ওচৰত আপোচ নকৰে৷ আমি বিজেপি দলৰ চৰকাৰৰ লগতে থাকি থলুৱা লোকৰ ৩ লাখ ৰাইজক মাটিৰ পট্টা প্রদান কৰিছোঁ৷ অসম চুক্তি আমি আখৰে আখৰে মানি আহিছেছা৷ এতিয়া এইবোৰ জানি–বুজি কংগ্রেছ, এ ইউ ডি এফ, চি পি এম আৰু অন্যান্য নতুন দলৰ জন্ম দি আমাৰ দলক শেষ কৰিবলৈ উঠিপৰি লাগিছে৷ কিন্তু নোৱাৰিব, তেওঁলোক সংঘবদ্ধ হোৱালৈ বিধানসভা নির্বাচন শেষ হ’ব৷ আনহাতে, নলবাৰী সমষ্টিটো অগপক দিবলৈ চেষ্টাৰ ত্রুটি নকৰে বুলিও কেন্দ্রীয় নেতাগৰাকীয়ে জানিবলৈ দিয়ে৷ ছয় হাজাৰৰো অধিক লোকৰ কর্মীসভাখনত কেন্দ্রীয় সাংস্কৃতিক সমিতিৰ সভানেত্রী তথা যশস্বী গায়িকা কল্পনা পাটোৱাৰী আৰু জনপ্রিয় কণ্ঠশিল্পী দিক্ষুৱে গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ ৰাইজক আপ্লুত কৰে৷ কর্মীসভাখনত শ্বহীদ পৰিয়ালৰ সদস্যসকলকো সম্বর্ধনা জ্ঞাপন কৰা হয়৷

You might also like