নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ নতুনকৈ গঠন হোৱা বিটিচি চৰকাৰে অচিৰেই বড়োভূমিত উচ্ছেদ চলাব বুলি শেহতীয়াকৈ চলা প্রচাৰক শুকুৰবাৰে সম্পূর্ণৰূপে নস্যাৎ কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি চিৰাঙত এখন ৰাজহুৱা সভাত শংকিত নহ’বলৈ আহ্বান জনাই মন্ত্রীগৰাকীয়ে কয় যে উচ্ছেদৰ নামত এচামে উৰাবাতৰি বিয়পাইছে৷ যি সময়ত বিটিচিপ্রধান প্রমোদ বড়োৱে ১১ হাজাৰ ভূমিহীনক মাটিৰ পট্টা প্রদানৰ বাবে কাম আৰম্ভ কৰিছে, তেনে সময়ত এচাম লোকে এই উৰাবাতৰিৰে বি টি আৰত এক শংকাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে৷ দৰাচলতে এচামে বি টি আৰত মাটিৰ পট্টা দিয়াটো নিবিচাৰে, এচাম মানুহ আছে বি টি আৰত ৰাস্তা–ঘাট হোৱাটো নিবিচাৰে, এচাম মানুহ আছে, যিয়ে বি টি আৰ চুক্তি হোৱাটো নিবিচাৰে৷ সেইচাম লোকে ভূমিৰ অধিকাৰৰ কথাও চিন্তা নকৰে৷ সকলোৱে বি টি আৰত সমানভাৱে জীয়াই থাকিব পাৰিব৷ বি টি আৰত উচ্ছেদক লৈ কোনো লোক শংকিত হ’ব নালাগে৷
তামুলপুৰত কেইবাখনো আঁচনি মুকলি ড০ হিমন্ত বিশ্ব শর্মাৰ
বিটিচি নির্বাচনৰ সময়ত ৰাইজক দিয়া প্রতিশ্রুতি অনুসৰি আজি তামুলপুৰত বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাখনো আঁচনিৰ শুভাৰম্ভ তথা শিলান্যাস কৰে৷ দিনৰ ভাগত বিত্তমন্ত্রী ড০ শর্মাই তামুলপুৰ মহকুমাৰ অন্তর্গত কুমাৰীকাটাত উপস্থিত হয় আৰু চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ শিলান্যাস কৰে৷ তাৰ পাছতে বৰমা–ধমধমা–তামু পথৰ পাগলাদিয়া নৈৰ ওপৰত নির্মাণ হ’ব লগা এছ অ’ পি ডি আঁচনিৰ দলংখনৰো শিলান্যাস কৰে তেওঁ৷ দলংখনৰ শিলান্যাস কৰি বিত্তমন্ত্রী ড০ শর্মাই পোনে পোনে তামুলপুৰৰ মটঙা চ’কত উপস্থিত হয়৷ মটঙা চ’কত উপস্থিত হৈ ৬১ কিলোমিটাৰ দৈর্ঘ্যৰ তামুলপুৰ–পানেৰী–ওদ্ পথটো ৰাইজৰ বাবে মুকলি কৰি দিয়ে৷ তাৰ পাছতে তামুলপুৰত নির্মাণ হ’ব লগা চিকিৎসা মহাবিদ্যালয়ৰো তেওঁ ভূমি পৰিদর্শন কৰে৷ ইপিনে কুমাৰীকাটাত আদর্শ মহাবিদ্যালয়ৰ শিলান্যাস কার্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন বিশাল সভাৰ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্রী ড০ শর্মাই কয় যে নির্বাচনৰ সময়ত বহু লোক,দল–সংগঠনে বহু প্রতিশ্রুতি দিয়ে৷ নির্বাচনৰ পাছত প্রতিশ্রুতি পালন কৰা মানুহ খুবেই কম বুলি ক’লেও ভুল কৰা নহ’ব৷ আমাৰ মন নিকা আছিল, আমাৰ মন স্পষ্ট আছিল৷ সেয়েহে বিটিচি নির্বাচনৰ সময়ত আমি দিয়া প্রতিশ্রুতিসমূহ পালন কৰিবলৈ এতিয়া আগবাঢ়িছোঁ৷ অহা অসম বিধানসভা নির্বাচনৰ আগে আগে বি টি আৰত যিমান পাৰোঁ উন্নয়নমূলক কাম–কাজ কৰাৰ বাবে আগবাঢ়িছোঁ৷ বি টি আৰত এতিয়া ৰাইজে আৰু মাটি কিনা–বেচাৰ বাবে ভয়–শংকা কৰিব নালাগে৷ মাটি–বাৰীৰ কিনা–বেচাৰ কাম–কাজ এতিয়া চক্র বিষয়াৰ কার্যালয়তে সম্পন্ন হ’ব৷ তামুলপুৰত এখন পশু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্রস্তাৱো চৰকাৰৰ হাতত আছে বুলিও তেওঁ সদৰী কৰে৷ সভাখনত ভাষণ দি তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয় যে আজিৰ এই দিনটো এক লেখত ল’বলগীয়া দিন৷ বিত্তমন্ত্রী ড০ শর্মাই কথা মতে কাম কৰিছে৷ নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰিবলৈ যত্নপৰ হৈছে৷ সভাত উপস্থিত থকা জলসিঞ্চন মন্ত্রী ভবেশ কলিতাই কয় যে বিগত সোতৰ বছৰীয়া অপশাসনৰ অৱসান ঘটি বিটিচি অঞ্চলত এক নতুন সূর্য উদয় হৈছে৷ নতুন ৰেঙনিয়ে চুই গৈছে সকলোকে৷
ইপিনে সভাত অংশগ্রহণ কৰি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে কয় যে আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক দিন৷ বিগত বহু বছৰ ধৰি এই অঞ্চলত হত্যা–হিংসা, ধন দাবী আদি চলি আহিছিল৷ কিন্তু আজি এই অঞ্চলত শান্তি আহিছে, নিৰাপত্তা আহিছে৷ আমাৰ মাজত বডো–বডোৰ সংঘাত চিৰদিনৰ বাবে নাইকিয়া হৈ গ’ল৷ তেওঁ পুনৰ কয় যে বি টি আৰ চুক্তি অকল শান্তিৰ চুক্তি নহয়, বি টি আৰ চুক্তি প্রগতিৰো চুক্তি৷ বি টি আৰত এতিয়া হত্যা–হিংসা চলিবলৈ দিয়া নহ’ব৷ আমি এখন অস্ত্রমুক্ত, হিংসামুক্ত সমাজ বিচাৰোঁ৷ এতিয়াৰ সময় পৰিৱর্তনৰ সময়, সমাজ আৰু জাতি নির্মাণৰ সময়, নিজৰ স্বাভিমান নির্মাণ কৰাৰ সময় বুলি কোৱাৰ উপৰি বি টি আৰত শীঘ্রেই ৭০০ কিলোমিটাৰ পথ নির্মাণ কৰাৰ কথা সদৰী কৰে মুখ্য কার্যবাহী সদস্য বড়োৱে৷ আনহাতে, বি টি আৰত কৃষি ক্ষেত্রত যুগান্তকাৰী পৰিৱর্তন আহিব বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষিকার্যৰ কাৰণে বি টি আৰত ৩৩টা কাষ্টাৰ হায়াৰিং চেণ্টাৰ খুলি তাত ট্রেক্টৰ, ধান কটা, মৰণা মৰা আদি মেচিন সহজতে কৃষকে লাভ কৰিব৷ বি টি আৰৰ যুৱকসকলে আজি আৰু নাঙলেৰে হাল বাব লালাগে, ট্রেক্টৰত উঠি পথাৰত খেতি কৰিবলৈ পাব বুলি মন্তব্য কৰি যুৱ চামক কৃষিত মনোযোগ দিয়াৰ বাবে তেওঁ আহ্বান জনায়৷ ইপিনে অসম চৰকাৰে ছাত্রীসকলক স্কুটী দিয়াৰ পৰিৱর্তে বি টি আৰৰ বাইশ হাজাৰ ছাত্রৰ মাজত বাইচাইকেল বিতৰণ কৰা, ছাত্র–ছাত্রীৰ মাজত কাউন্সেলিঙৰ দিহা কৰি বি টি আৰত মানৱ সম্পদ গঢ়াৰ কাৰণে চেষ্টা কৰাৰ কথা তেওঁ দোহাৰে৷ বর্তমান বিজেপি, জি এছ পি, ইউ পি পি এল চৰকাৰে ৰাইজৰ সমস্যা সৃষ্টি নকৰি সমস্যা সমাধানত গুৰুত্ব দি যোৱাৰ কথা উল্লেখ কৰে বডোৱে৷ মুখ্য কার্যবাহী সদস্য বড়োৱে পুনৰ কয় যে বি টি আৰৰ লোকসকলৰ মাজত মাটি–বাৰীক লৈ সন্দেহ কৰিব নালাগে৷ সকলোৱে মাটিৰ অধিকাৰ লাভ কৰি আনন্দ কৰি জীয়াই থাকি একেলগে শান্তি–সম্প্রীতিৰে সকলোৱে বি টি আৰবাসীৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰি যাব৷ সভাত ৰাজ্যসভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কার্যবাহী সদস্য ৰণেন্দ্র নার্জাৰী, এম চি এল এ ধর্মনাৰায়ণ দাস, হেমন্ত কুমাৰ ৰাভা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
কয়লা ময়লাত চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
চিৰাং জিলাৰ বিজনী মহকুমাৰ অধীনৰ কয়লা ময়লাত আজি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ আদি দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মন্ত্রী ড০ শর্মাই কয় যে বি টি আৰৰ প্রধান সমস্যা হৈছে যাতায়াত, নদীৰ গৰাখহনীয়া, স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ৷ উল্লেখ্য যে চিৰাঙৰ কয়লা ময়লাৰ লণ্ঠিবাৰীত স্থাপন হ’বলগীয়া নিছিমা আদর্শ মহাবিদ্যালয়খন অহা ১৮ মাহৰ ভিতৰত সম্পূর্ণ হোৱাৰ পাছতে কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয়খনৰ শিক্ষাবর্ষ আৰম্ভ হব৷ মন্ত্রী ড০ শর্মাই পৰৱর্তী সময়ত বি টি আৰৰ চল্লিশটা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে৷ ইফালে মন্ত্রী ড০ শর্মাই নির্বাচনত বি টি আৰত ইউ পি পি এলৰ নেতৃত্বত বিজেপি আৰু জি এছ পিয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে দেশে বিগত স্বাধীনতা লাভৰ পাছত কয়লা ময়লাত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হোৱাত অঞ্চলটোলৈ আমূল পৰিৱর্তন আনিব বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বিটিচিৰ পূর্বৰ শাসকীয় বি পি এফ দলে শিক্ষা অনুষ্ঠান অনাত ব্যর্থ হৈছিল৷ নিছিমা অঞ্চলৰ শিক্ষার্থীসকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত ১৭–২৫ কিলোমিটাৰ পথ অতিক্রমি উচ্চ শিক্ষা গ্রহণ কৰিবলগীয়া হৈছিল৷ বি টি আৰ চুক্তিৰ জৰিয়তে বি টি আৰ অঞ্চলত শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্রশাসনে সকলো জাতি–গোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে৷ চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্রদীপ কুমাৰ বায়ন, মাধৱ চন্দ্র ছেত্রী, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনীৰ মহকুমাধিপতি ধ্রুৱজ্যোতি দাস আদি উপস্থিত থাকে৷