নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ স্পষ্ট কৰিলে ভূপেন বৰাইঃ অখিল গগৈৰে মিত্রতা অসম্ভৱ

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ কংগ্রেছৰে মিত্রতা বিচাৰি নতুন দিল্লীত ৰাহুল গান্ধী, মুকুল ৱাছনিকৰ দুৱাৰে দুৱাৰে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে টুকুৰিয়াই ফুৰাৰ সময়তে অখিল গগৈৰে মিত্রতা অসম্ভৱ বুলি মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়– অখিল গগৈৰ লগত একেলগে কাম কৰিব বিচাৰিছিলোঁ৷ বিজেপিবিৰোধী শক্তিসমূহ একলগ কৰাৰ সম্পর্কত আলোচনা চলি থকাৰ সময়তে অখিল গগৈয়ে কংগ্রেছ দলৰ দুগৰাকী সাংসদ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ সম্পর্কত কাল্পনিক কথা ক’লে৷ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে ৰাইজৰ দলৰে মিত্রতাত বাধা দিছিল বুলি অখিল গগৈয়ে কেনেকৈ জানিলে বুলি প্রশ্ণ কৰি কয় যে তেওঁ যি কংগ্রেছ দলৰ সৈতে মিত্রতা কৰিব বিচাৰিছে, সেই দলৰ নেতাৰ বিৰুদ্ধে মন্তব্য কৰিলে স্বাভাৱিকতে ৰাইজৰ দলৰ সৈতে কথা–বতৰা পতাত অসুবিধা হয়৷

তদুপৰি এজনো সাংসদ নথকা আৰু এতিয়ালৈ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি নোপোৱা দলটোৱে ভৱিষ্যতে কোন প্রধানমন্ত্রী হ’ব, সেই সম্পর্কত বক্তব্য কৰাটো উচিত নহয়৷ বদৰুদ্দিন আজমল বা নৱ শৰণীয়াই তেনে কথা ক’ব পাৰে৷ কাৰণ তেওঁলোকৰ এজন হ’লেও সাংসদ আছে৷ অখিল গগৈৰ তেনেধৰণৰ কথা–বতৰাই তেওঁলোকৰ সৈতে মিত্রতা কৰাৰ পৰিৱেশ শেষ কৰি দিছে৷ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ, বীৰেনছিং ইংতি, শৰৎ বৰকটকী, বলীন কুলী, অকণ বৰা, দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন আদিৰ সৈতে অখিল গগৈয়ে মিত্রতাৰ কথা কেনেদৰে এনে অৱস্থাত আৰম্ভ কৰিম বুলি প্রশ্ণ কৰি কয় যে এতিয়া অখিল গগৈৰে মিত্রতা অসম্ভৱ৷ এ আই ইউ ডি এফৰে মিত্রতা ছেদ আৰু অখিল গগৈৰেও মিত্রতা নহয় বুলি স্পষ্ট কৰি দি তেওঁ কয় যে অহা ২০২৪ চনতহে লোকসভা নির্বাচন হ’ব৷ লোকসভা নির্বাচনলৈ বহু সময় আছে৷ সেয়ে কংগ্রেছে এতিয়া প্রতিটো সমষ্টিতে দল শক্তিশালী কৰাত গুৰত্ব দিছে৷

ইপিনে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্রেছ হাইকমাণ্ড আৰু প্রদেশ কংগ্রেছৰ নেতৃত্বৰ ওচৰত আসন্ন উপ–নির্বাচনত বুজাবুজিৰ প্রস্তাৱ দিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাহুল গান্ধী আৰু মুকুল ৱাছনিকে স্পষ্ট ৰূপত বুজাবুজি হ’ব লাগে বুলি কৈছে৷ তেওঁক জিতেন্দ্র সিং আৰু মুকুল ৱাছনিকৰ লগত কথা পাতিব কৈছে৷ প্রদেশ কংগ্রেছে হাইকমাণ্ডৰ কথা মানে নে নাই নাজানো৷ কিন্তু ৰাইজৰ দলৰে কংগ্রেছে বুজাবুজি নকৰিলে আসন্ন উপ–নির্বাচন হ’বলগীয়া সমষ্টিসমূহ বিজেপিক বাট এৰি দিয়া হ’ব৷ বিজেপিক পৰাভূত কৰিব লাগিলে সকলো একলগ হ’ব লাগিব৷ ইফালে এ আই ইউ ডি এফৰে মিত্রতা ছেদ কংগ্রেছৰ ভুল সিদ্ধান্ত বুলি অভিহিত কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামে কয় যে কংগ্রেছ দলে ১৬জনকৈ বিধায়ক থকা দল এটাক এৰি দিয়াটো কিমান সমীচীন হৈছে, তেওঁলোকে জানিব৷ আমি ভাবোঁ, কংগ্রেছৰ সেয়া ভুল সিদ্ধান্ত৷ ইয়াৰ ফলত বিজেপি দলহে অধিক শক্তিশালী হ’ব৷ এ আই ইউ ডি এফৰে সম্পর্ক ছেদ কৰাৰ পাছত কংগ্রেছ দল অকলশৰীয়া হৈ গ’ল৷ এ আই ইউ ডি এফ সদায় একলা চলো নীতিত চলা দল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অসমত বিজেপিবিৰোধী এটা শক্তি লাগে বাবেই যোৱা বিধানসভা নির্বাচনত তেওঁলোকে কংগ্রেছৰে মিত্রতা কৰি মহাজোঁট গঠন কৰিছিল৷

You might also like