বিশেষ বাৰ্তা, ১৭ আগষ্টঃ অসম বিজেপিত ন-পুৰণিৰ সংঘাত বুলি কোনো কথা নাই। কিন্তু বিজেপিলৈ নতুনকৈ অহা একাংশই দলৰ নীতি আদৰ্শৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা নাই। যাৰ বাবে দলত বহু অসুবিধা আহি পৰিছে। দলৰ বেয়া দিনত বহু ত্যাগ স্বীকাৰ দলৰ গুৰি বঁঠা ধৰা কৰ্মীসকলে দলৰ ভাল দিনত মৰ্যদা নাপালে ক্ষোভ হোৱাতো স্বাভাৱিক। এই অভিমত নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ। আজি গোলাঘাট বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত উপস্থিত হোৱা শৰ্মাক সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয়। ইফালে শৰ্মাই শেহতীয়াকৈ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনাৰ লগত প্ৰাক্তন মন্ত্ৰী, দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যক টানি অনাটো তেওঁৰ সামাজিক জীৱনত আঘাত সনা কামহে হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত কৰি একাংশই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভাঙিব বিচৰা কাৰ্য একেবাৰেই সমীচীন হোৱা নাই বুলিও প্ৰকাশ কৰে।
প্ৰেৰক দিগন্ত কুমাৰ বৰা