নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি শাসকীয় বিজেপিয়ে আৰম্ভ কৰা ব্যাপক কুচকাৱাজৰ মাজতে মিত্রদল অগপয়ো আৰম্ভ কৰিছে তৎপৰতা৷ আঞ্চলিক দলটোৰ অভেদ্য দুর্গস্বৰূপ খুমটাই সমষ্টিত আজি শক্তি প্রদর্শন কৰি নির্বাচনলৈ সাজু হ’বলৈ দলীয় কর্মীক আহ্বান জনালে অগপ সভাপতি অতুল বৰাই৷ শেহতীয়াকৈ খুমটাই সমষ্টিত দলটোৰ কেন্দ্রীয় সম্পাদকৰ লগতে ১৮খন পঞ্চায়তে দল ত্যাগ কৰাক লৈ সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে আজি খুমটাই বিধান পৰিষদৰ সতীর্থ সন্মিলনত ভাগ লৈ অতুল বৰাৰ স্পষ্ট মন্তব্য– ‘একাংশ লোকেহে অগপ এৰিছে৷ দল এতিয়াও পূর্বৰ দৰে মজবুত৷ অশ্বমেধ ঘোঁৰাৰ দৰে অগপ তীব্র গতিত আগুৱাই যাব৷’ ইফালে, অগপৰ দখলত থকা একাংশ সমষ্টি বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰিব বুলি চলি থকা চর্চাক নস্যাৎ কৰি অতুল বৰাই কয়– আমি কেতিয়াও সমষ্টি এৰি দিম বুলি কোৱা নাই৷ দখলত থকা এটাও সমষ্টি অগপই এৰি নিদিয়ে৷ উল্লেখ্য যে আজি খুমটাই সমষ্টিৰ কুৰালগুৰিত দুহেজাৰৰো অধিক দলীয় কর্মী–সমর্থকৰ অংশগ্রহণেৰে বৰুৱাবামুণগাঁও নাট্য মন্দিৰত অনুষ্ঠিত সতীর্থ সন্মিলনত ভাষণ প্রদান কৰি অতুল বৰাই কয় যে বর্তমানৰ ৰাজনীতি মিত্রতাৰ ৰাজনীতি৷ মিত্রতা মানে তলত নহয়, লগতহে৷ দলৰ বাহিৰে–ভিতৰে থকা এচাম ষড়যন্ত্রকাৰীয়ে আঞ্চলিক দলটোক লৈ অপপ্রচাৰ চলাই দলটো শক্তিশালী কৰাত প্রাচীৰ হৈ থিয় দি আছে৷ অগপৰ শত্রু কোন, মিত্র কোন, সঁচা কোন, মিছা কোন ৰাইজে চিনি পাব৷ দলৰ বৃহত্তৰ স্বার্থত কৰা মিত্রতাক লৈও এচামে সমালোচনা কৰে৷ যোৱা পঞ্চায়ত নির্বাচনত অগপই অকলেই নির্বাচন খেলি ইয়াৰ ওলোটা ছবি দেখিবলৈ পাইছে৷ আনহাতে, কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা প্রসংগত অতুল বৰাই কয়– ‘ই এক অদ্ভুত মিত্রতা৷ দুয়োটা দলৰে দিন উকলিছে৷ জৰা–ফুঁকা, টেঙা আম আৰু কিমান দিন চলিব৷ অসমৰ বাবে ভয়ংকৰ সময় আহি আছে৷ ৰাইজে শত্রু কোন, মিত্র কোনো সঠিকভাৱে নিৰূপণ কৰিব লাগিব৷ ভুল সিদ্ধান্তৰ বাবে এই দুয়োটা শক্তি দিছপুৰলৈ গ’লে পৰীক্ষিতৰ মূৰত কলি বহাৰ দৰে দ্বিতীয় কলি যুগ আৰম্ভণি হ’ব৷ গতিকে ৰাইজ সাৱধান হ’বৰ হ’ল৷’ দলীয় সতীর্থক নির্বাচনলৈ সাজু হ’বলৈ আহ্বান জনাই সভাপতি অতুল বৰাই কয়– অগপ দল পুনৰ নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হ’ব৷ খুমটাই বিধান পৰিষদৰ সম্পাদক অজিত আহমেদ আৰু যুৱ নেতা মানসপ্রতিম বৰুৱাই আঁত ধৰা সভাত দলৰ উপ–সভাপতি তথা দেৰগাঁৱৰ ভবেন্দ্রনাথ ভৰালীয়ে ভাষণ প্রদান কৰে৷ সতীর্থ সন্মিলনত প্রাক্তন মন্ত্রী তথা অগপৰ জিলাৰ সভাপতি বিনোদ গোৱালা, কেন্দ্রীয় সমিতিৰ সম্পাদক নুৰুল চুলতান, যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁই, ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, ছাত্রী পৰিষদৰ সম্পাদিকা কস্তুৰী কলিতা, জিলা সম্পাদক আছিকুৰ ৰহমান, নৃপেন বৰুৱা, ভোলা হাজৰিকা, প্রাক্তন জিলা সম্পাদক প্রদীপ গোস্বামী, অনিল শইকীয়া, মহিলা নেত্রী বেলোনা মজুমদাৰ বৰা, চিত্রলেখা ৰাজখোৱাকে ধৰি দলৰ কেইবাজনো বিষয়ববীয়া এই সভাত উপস্থিত থাকে৷