নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হ’ব ভেকচিন নোলোৱা ব্যক্তি

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ ক’ভিড প্রতিষেধক গ্রহণ নকৰিলে যোগ্য ব্যক্তিয়েও ভৱিষ্যতে চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হ’ব৷ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ৷ কামৰূপ জিলাৰ ক’ভিড প্রতিষেধক প্রদান সন্দর্ভত আজি এক পর্যালোচনা সভাত অংশগ্রহণ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে নির্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্রহেৰে জিলাখনত সকলো উপযুক্ত লোকক প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰিব লাগিব৷ কামৰূপ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত মন্ত্রী মহন্তই ছেপ্ঢেম্বৰ মাহৰ ভিতৰতে প্রতিষেধক প্রদান প্রক্রিয়া সম্পূর্ণ কৰিবলৈও নির্দেশ দিছে৷

এই সন্দর্ভত তেওঁ কয়– ‘প্রতিষেধক প্রদানকার্য ভোটকেন্দ্র পর্যায়লৈ প্রয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ বাবে তথ্য সংগ্রহ কৰি বি এল অ’, গাঁওবুঢ়া আৰু আশাকর্মীসকলে সঠিক তালিকা প্রস্তুত কৰিব লাগিব৷ এই অভিযান আৰম্ভ কৰিবলৈ তৎকালে সকলো প্রশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে সকলো দৰকাৰী তথ্য সংগ্রহেৰে প্র–পত্র প্রস্তুত কৰিব লাগিব৷ এইদৰে সংগ্রহ কৰা তথ্যৰ আধাৰত অভিযান হিচাপে লৈ প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বাবে প্রতিষেধকৰ কোনো নাটনি নহয়৷’ এই ব্যৱস্থা সম্পূর্ণ হোৱালৈকে বর্তমানৰ পদ্ধতিৰে প্রতিষেধক প্রদান কার্য চলাই থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে জনসাধাৰণৰ সুবিধাৰ বাবে জিলাখনত ২৪ ঘণ্টাই প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰিব লাগে৷

একে সময়তে বিদ্যালয়–মহাবিদ্যালয় পাঠদান আৰম্ভ কৰাৰ পূর্বে এই প্রতিষ্ঠানসমূহত থকা প্রতিষেধক প্রদান কেন্দ্রৰ উপযুক্ত বিকল্প স্থান নির্ধাৰণৰ ক্ষেত্রত তৎকালে ব্যৱস্থা ল’বলৈ তেওঁ উনুকিয়াই দিয়ে৷ আনহাতে, সভাত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড০ এছ লক্ষ্মণনে এই অভিযানৰ বাবে কমেও ২০০ৰ পৰা ২৩০টা প্রতিষেধক প্রদান কেন্দ্র সক্রিয় কৰি ৰাখিবলৈ পৰামর্শ আগবঢ়ায়৷ ইয়াৰ বাবে প্রয়োজনত এটা খণ্ড প্রাথমিক চিকিৎসা কেন্দ্রৰ কর্মচাৰীসকলক আন কেন্দ্রলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷
ৰাজ্যত ক’ভিডত নতুনকৈ আক্রান্ত ৫৭৩জনঃ মৃত ১১
ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ আজি নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫৭৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৪৩জন কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৭৯,১২১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৭২ শতাংশ৷ ইপিনে, ক’ভিডত আক্রান্ত হৈ আজি প্রাণ হেৰুৱাইছে ১১জন লোকে৷ সুস্থতাৰ হাৰ হৈছে ৯৭.৮৯ শতাংশ৷ উল্লেখ্য যে ৰাজ্যত ক্রমাৎ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিতত আজিৰে পৰা শিথিল কৰা হৈছে ক’ভিড বিধি৷ দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান আদি নিশা ৮ বজালৈ খুলিবলৈ অনুমতি প্রদান কৰাৰ সমান্তৰালকৈ শৈক্ষিক প্রতিষ্ঠানসমূহ পর্যায়ক্রমে খোলাৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ একেদৰে ৰাজ্যত দ্রুতগতিত অব্যাহত আছে ভেকচিন প্রদান প্রক্রিয়া৷

You might also like