বিটিচিৰ নির্বাচন কেতিয়া, নির্বাচন আয়োগে পোৱা নাই গ্রীন ছিগনেল
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ ভিন্ন প্রান্তত ক’ভিড–১৯ৰ ব্যাপক সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে পুনৰ অনিশ্চয়তা আহি পৰিছে বিটিচি নির্বাচনৰ ক্ষেত্রত৷ স্থগিত হৈ থকা বিটিচি নির্বাচন কেতিয়াকৈ অনুষ্ঠিত হ’ব, সেই সম্পর্কত এতিয়ালৈ স্পষ্ট নহয় ৰাজ্যিক নির্বাচন আয়োগ৷ এই মুহূর্তলৈ আয়োগে বিটিচি নির্বাচন অনুষ্ঠিত কৰা সম্পর্কত চৰকাৰৰ পৰা কোনো সেউজ সংকেত লাভ কৰা নাই৷
উল্লেখ্য যে লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ লোকসকল উভতি অহাৰ প্রক্রিয়া একপ্রকাৰ শেষ হোৱাৰ লগে লগে এইবাৰ বিটিচি নির্বাচনত অৱতীর্ণ হোৱা বি পি এফ, ইউ পি পি এল, গণ সুৰক্ষা পার্টী, বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফকে ধৰি প্রতিটো দল আৰু প্রার্থীয়ে নির্বাচন আয়োগক অচিৰেই নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছে৷ প্রতিটো দল আৰু প্রার্থীয়ে নির্বাচনী প্রচাৰ কার্যও পুনৰ আৰম্ভ কৰিছে৷ ৰাজনৈতিক দল–প্রার্থীৰ এনে তৎপৰতাৰ বিপৰীতে নির্বাচন কেতিয়াকৈ অনুষ্ঠিত হ’ব, সেই বিষয়ে একো ক’ব নোৱাৰে আয়োগে৷
নির্বাচন আয়োগৰ স্পষ্ট কথা– ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে জাৰি কৰা সর্তকতা এতিয়াও অব্যাহত আছে৷ জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্র বিষয়াসকল ক’ৰোনা যুঁজত নিয়োজিত হৈ আছে৷ সামাজিক দূৰত্ব মানি চলাৰ নির্দেশনা এতিয়াও বাহাল আছে৷ চৰকাৰে সেই নির্দেশনা, নিষেধাজ্ঞা শিথিল কৰাৰ পাছতহে আয়োগে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব পাৰিব৷
সম্প্রতি ৰাজ্যখনত ক’ৰোনাৰ সামাজিক সংক্রমণ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচন পুনৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ আনহাতে, যোৱা ২৭ এপ্রিলত অসম চৰকাৰৰ কেবিনেট বৈঠকত উদ্ভাৱনীমূলক ব্যৱস্থাৰে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল, সেই সম্পর্কতো আয়োগৰ সূত্রই কয় যে এই বিষয়ত এতিয়ালৈ চৰকাৰৰ পৰা আয়োগে কোনো গাইড লাইন লাভ কৰা নাই৷