নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আঢ়ৈ বছৰত অসমত কোনেও শুনা নাই বন্দুকৰ শব্দ’

🔹 নলবাৰীৰ বৰভাগত অমৃত কলহ যাত্রাত মুখ্যমন্ত্রী ড০ শর্মা 

নিয়মীয়া বার্তা, ১৬ অক্টোবৰ : ‘যোৱা কিছুদিন বিশেষকৈ চৰকাৰ গঠন হোৱাৰ পাছত অসমৰ ৰাইজৰ মাজত এটা ইতিবাচক চিন্তাৰে ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ বাবে আমি নিৰন্তৰ কাম কৰিছোঁ৷ কেইদিনমান আগতে আমি ৰাইজৰ সহযোগত এক কোটি গছপুলি ৰোপণ কৰিছিলোঁ৷ আজি আমি অমৃত কলহ যাত্রাত ৰাজ্যৰ তিনি কোটি মানুহৰ চোতালৰ পৰা মাটি সংগ্রহ কৰিছোঁ৷ দেশৰ ৰাজধানী নতুন দিল্লীত অমৃত উদ্যানৰ বাবে সমগ্র দেশৰ ৭,৫০০ কলহৰ মাটি স্থাপিত হ’ব৷ য’ত আমিও শ্বহীদসকলৰ সোঁৱৰণীৰ বাবে নির্মিত উদ্যানখনৰ অংশীদাৰ হ’ম৷ কেইদিনমান পিছতে আমাৰ ৰাজ্যৰ সকলো ল’ৰা–ছোৱালীৰ মাজত তেওঁলোকৰ সুপ্ত প্রতিভা জাগ্রত কৰিবলৈ আমি সাংস্কৃতিক মহাসংগ্রাম আৰু খেল মহাৰণ আৰম্ভ কৰিম৷ অর্থাৎ এই বছৰত আমাৰ চৰকাৰে অমৃত বৃক্ষ আন্দোলন, অমৃত কলহ যাত্রা, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্রাম আদি চাৰিটা জনদৰদী আৰু জনভাগীদাৰী কার্যসূচীৰ মাজেৰে আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে প্রয়াস কৰিছোঁ৷’ –এই মন্তব্য মুখ্যমন্ত্রী  ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি নলবাৰী জিলাৰ মৰোৱা শংকৰদেৱ ক্ষেত্রত অমৃত কলহ যাত্রা উপলক্ষে আয়োজিত এখন বিশাল জনসভাত ভাষণ দি ড০ শর্মাই কয়-  মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এইবোৰ প্রচেষ্টাৰ বাবে আৰু অসমৰ ৰাইজৰ আশীর্বাদৰ বাবেহ আমি যোৱা আঢ়ৈটা বছৰ এখন শান্তিৰ অসমত বাস কৰিবলৈ সক্ষম হৈছোঁ৷ যোৱা আঢ়ৈটা বছৰত আমি কোনেও বন্দুকৰ শব্দ শুনা নাই, বোমাৰ ধোঁৱা দেখা নাই৷ যোৱা আঢ়ৈটা বছৰত আন্দোলন দেখা নাই, বন্ধ দেখা নাই, ধর্ণা দেখা নাই, পিকেটিং দেখা নাই৷ অসমৰ চাৰিওফালে উন্নয়নৰ নৱযুগ আৰম্ভ হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয়- যোৱা আঢ়ৈটা বছৰত ২৭ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে৷ অহা ডিচেম্বৰ মাহত অসমৰ প্রতিটো পৰিয়ালত এখনকৈ ৰেচন কার্ড দিয়াৰ ব্যৱস্থা কৰিছোঁ৷ আগতে ৰেচন কার্ডৰ জৰিয়তে চাউল পাইছিল৷ এতিয়া চাউল পোৱাৰ লগতে এখন ৰেচন কার্ড দেখুওৱাৰ লগে লগে মেডিকেল কলেজ বা চৰকাৰী–বেচৰকাৰী হাস্পতালত আমি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পোৱাৰ আমাৰ ব্যৱস্থা থাকিব, যাৰ দ্বাৰা বহু দুখীয়া পৰিয়াল উপকৃত হ’ব৷ কেইদিনমান আগতে চাৰে তিনি লাখ ছাত্র–ছাত্রীৰ হাতত একোখনকৈ চাইকেল তুলি দিয়াৰ কাম সমাপন কৰিলোঁ৷ ভাষণ প্রসংগত তেওঁ কয় যে নির্বাচনৰ সময়ত আমি অসমৰ ৰাইজক কৈছিলোঁ, আমাৰ চৰকাৰ যদি আহে আমি এক লাখ যুৱকক চাকৰি দিম৷ হতিমধ্যে ৯০ হাজাৰ যুৱক–যুৱতীক সম্পূর্ণ স্বচ্ছতাৰে চাকৰি দিবলৈ সক্ষম হ’লোঁ৷ ইয়াৰ লগে লগে আমাৰ চৰকাৰে প্রচেষ্টা হাতত লৈছে যে দুই লাখ যুৱক–যুৱতীক উদ্যোগ আৰু ব্যৱসায় কৰাৰ বাবে দুই লাখ টকা প্রদানৰ আঁচনি লৈছোঁ৷ তেনে এখন আঁচনি আমি অসমৰ যুৱক–যুৱতীসকলৰ বাবে মুকলি কৰিছোঁ, যাৰ পঞ্জীয়ন এতিয়াও চলি আছে৷ অসমত আমাৰ চাৰি লাখ মহিলাৰ আত্মসহায়ক গোট আছে৷ ৪০ লাখ মহিলা এই গোটৰ লগত জড়িত৷ অহা ডিচেম্বৰ মাহত তেওঁলোকে এখন ফর্ম পাব৷ যিসকলে তাঁতশালৰ কাম, হাঁহ–কুকুৰা পালন আৰু কোনোবাই পিঠা–পনাৰ কাম কৰিব খোজে, সেইসকলৰ ৪০ লাখ মহিলাৰ একাউণ্টত দহ হাজাৰকৈ টকা পঠোৱাৰ ব্যৱস্থা কৰিম৷ অসমত এইধৰণে আমি দুখীয়া ৰাইজক উপকৃত কৰিব বিচাৰিছোঁ৷ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে৷

You might also like