নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ অজিত ভূঞাৰ স্বীকাৰোক্তি; অসমত কোনেও অকলে বিজেপিক পৰাস্ত কৰিব নোৱাৰে

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ অসমত বিজেপিক অকলে পৰাভূত কৰিব পৰা কোনো ৰাজনৈতিক শক্তি নাই৷ –এই স্পষ্ট মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷ গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয়– ‘অসমত কোনো দল আৰু শক্তি নাই, যিয়ে বিজেপিক পৰাস্ত কৰিব পাৰে৷ কোনোৱেই নাই৷ কোনো এটা ৰাজনৈতিক দল নাই, ৰাজনৈতিক শক্তি নাই, যিয়ে যুঁজ দি অকলে বিজেপিক পৰাস্ত কৰিব পাৰে৷ সেই দৃষ্টিকোণৰ পৰা চালে ক’ম যে যিসকলে অকলেই বিজেপিক পৰাস্ত কৰিম বুলি ভাবিছে, সেইসকল মূর্খৰ স্বর্গত বাস কৰিছে৷ অথবা জ্ঞাতসাৰে া অজ্ঞাতে বিজেপিৰ হৈ কাম কৰিছে৷’ এই প্রসংগতে অসমতো এক বিজেপিবিৰোধী মহাজোঁট গঠনৰ বাবে কংগ্রেছক এৰাধৰা কৰিবলৈ আহ্বান জনাই সাংসদ ভূঞাই কয় যে বিহাৰৰ নির্বাচনৰ পৰা অসমৰ ৰাজনৈতিক শক্তিসমূহেও শিক্ষা ল’ব লাগে৷

বিজেপিবিৰোধী মহাজোঁট সময়ৰ দাবী৷ এই দাবী উপেক্ষা কৰিলে পৰিৱর্তনকামী জনগণক প্রতাৰণা কৰা হ’ব৷ তদুপৰি বিহাৰৰ নির্বাচনৰ পৰা প্রধানকৈ কংগ্রেছ দলে শিক্ষা লোৱা উচিত৷ অসমত ডাঙৰ দল হিচাপে কংগ্রেছৰ দায়িত্ব আৰু কর্তব্য বেছি৷ গতিকে তেওঁলোকে আঁকোৰগোজ দৃষ্টিভংগী সলনি কৰি বহল মনোভাবেৰে আগবাঢ়িব লাগিব৷ কিন্তু দুর্ভাগ্যজনকভাৱে নৱেম্বৰৰ শেষপর্যন্ত দলটোৱে তেনেধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ অসমত প্রদেশ কংগ্রেছৰ নেতৃত্বৰ দুর্বলতা আছে, তেওঁলোকৰ মাজত বিভেদ আছে৷ গতিকে তেওঁলোকে ইতিহাসৰ পাত লুটিয়াই চাওক৷ ‘আমাৰেই মুখ্যমন্ত্রী হ’ব, আমিয়েই সর্বেসর্বা’জাতীয় মনোভাব এৰি কিছু এৰাধৰা কৰক৷ যদিহে কংগ্রেছ নেতৃত্বই ভাবিছে যে বিজেপিৰ প্রতি মোহভংগ হোৱা বাবে ৰাইজে তেওঁলোকক ভোট দিব, তেনেহ’লে এয়া সম্পূর্ণ ভুল ধাৰণা৷ এসময়ত এই ভুল অসম গণ পৰিষদে কৰিছিল৷

ইফালে, বিহাৰৰ আর্হিত অসমতো এক মহাজোঁট গঠনৰ আহ্বান জনাই তেওঁ কয় যে এইবাৰৰ বিহাৰৰ নির্বাচন আছিল ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ৷ কিন্তু কিছুদিনৰ আগতেহে বিৰোধী দলসমূহ তাত একগোট হৈছে৷ পৰিকল্পনাৰ দিশত এই ত্রুটি নাথাকিলে অনায়াসে বিৰোধীয়ে শাসন দখল কৰিব পাৰিলেহেঁতেন৷ তাৰ পাছতো ৩১ বছৰীয়া তেজস্বী যাদৱে বিৰোধী শক্তিক লৈ ভাল যুঁজ দিছে৷ সেই বাবে নীতিশ কুমাৰ শাসনলৈ আহিলেও তেজস্বীক লৈ সর্বত্র চর্চা হৈছে৷ ৰণকৌশলত থকা বিচ্যুতিৰ বাবে তেওঁলোক পিছহুঁহকি আহিবলগীয়া হ’ল যদিও বিৰোধী ঐক্যবদ্ধ হ’লে যে বিজেপিক প্রতিহত কৰিব পাৰি, সেই সম্ভাৱনাও উজ্জ্বল হৈ উঠিছে৷ গতিকে অসমতো নূ্যনতম কর্মসূচীৰ ভিত্তিত বিৰোধী মহাজোঁট গঠন হ’ব লাগে৷ জাতীয় সমস্যাসমূহক অগ্রাধিকাৰ দি এই মহাজোঁট হওক৷ এক নম্বৰ শত্রুক পৰাভূত কৰিবলৈ দুই–তিনি নম্বৰ একত্রিত হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷

You might also like