ৰাজ্যজুৰি চলি থকা ‘কা’বিৰোধী আন্দোলন কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰে
নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ বার্ষিক অধিৱেশনত ভৱজিৎ বেজবৰুৱা
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনেৰে সোমবাৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ একবিংশতিতম বার্ষিক অধিৱেশন দিনজোৰা কার্যসূচীৰে উত্তৰ–পূব খাতা শাখা ছাত্র সন্থাৰ সহযোগত ক্ষুদ্র চেনিকুছিস্থিত উত্তৰ–পূব খাতা বিদ্যাপীঠত অনুষ্ঠিত হয়৷ সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি ৰুবুল বর্মনে৷ শ্বহীদ তর্পণ আৰু মাল্যার্পণ কার্যসূচী ৰূপায়ণ কৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অর্ণৱজ্যোতি আর্য আৰু উত্তৰ–পূব খাতা শাখা ছাত্র সন্থাৰ সভাপতি বিদ্যুৎ ডেকাই৷ তাৰ পিছতে গছপুলি ৰোপণ কার্যসূচী ৰূপায়ণ কৰা হয়৷ পুৱা দহ বজাত প্রতিনিধিৰ নাম পঞ্জীয়নৰ পিছতেই অনুষ্ঠিত হয় নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ন–পুৰণি সতীর্থ সন্মিলন৷ সন্মিলনখন উদ্বোধন কৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্রতিষ্ঠাপক সভাপতি অজিত ভাগৱতীয়ে৷ সঞ্চালনা কৰে প্রতিষ্ঠাপক সাধাৰণ সম্পাদক নগেন ডেকাই৷ সন্মিলনখনত উপস্থিত থাকে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক হৰিমোহন তহবিলদাৰ আৰু প্রাক্তন সভাপতি দ্বিজেন্দ্র নাথ শর্মা৷ ইপিনে, আবেলি অনুষ্ঠিত হয় প্রতিনিধি সভা৷ সভা উদ্বোধন কৰে আছুৰ ৰাজ্যিক কার্যনির্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই৷ ছাত্র নেতাগৰাকীয়ে ভাষণত কয় যে ‘কা’ আন্দোলন চলি আছে, চলি থাকিব৷ কোনো বিভেদকামী শক্তিয়ে ইয়াক ৰোধ কৰিব নোৱাৰে৷ সদৌ অসম ছাত্র সন্থাই সদায় অৰাজনৈতিক স্থিতি অটুট ৰাখিব৷ বেজবৰুৱাই ছাত্র সন্থাৰ সদস্যসকলক অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই সংগ্রামৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ইয়াকো কয় যে জাতিৰ সংকট কালত দিল্লীয়ে সহায় কৰিবলৈ নাহে৷ অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰ দিল্লী–দিছপুৰে সমাধান কৰিব নিবিচাৰে৷ অসমৰ ৰাইজে একত্রিত হৈ জাতীয় জীৱনৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে অগ্রসৰ হ’ব লাগিব৷ ইপিনে, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি ৰুবুল বর্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে উপস্থিত থাকি আছুৰ সাংগঠনিক সম্পাদক হিমান বর্মনে ভাষণত কয় যে আছুৱে সদায় অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখি অসমৰ ছাত্র–ছাত্রীৰ সমস্যাৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে মাত মাতি যাব, খিলঞ্জীয়া লোকৰ প্রভুত্ব ৰক্ষাৰ বাবে আপোচহীনভাৱে যুঁজ দি যাব৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক নিঃশেষ কৰিবলৈ ‘কা’, ই আই এ আদিকে ধৰি যিবোৰ মাৰাত্মক আইন বলপূর্বক জাপি দিছে, তাক সহ্য কৰা নহ’ব৷ ছাত্র–ছাত্রীৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত হ’ব লাগিব৷ সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে উপস্থিত থাকি ভাষণত কয় যে ছাত্র সন্থাই ৰাজপথৰ আন্দোলন কৰাৰ সমান্তৰালভাৱে এতিয়া স্বাৱলম্বিতাৰ ক্ষেত্রত আগবাঢ়ি গৈছে৷ কিন্তু ৰাজনৈতিক মেৰপেঁচৰ বাবে আজি ছাত্র সমাজ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত–ৱহেলিত৷ পাঠকে লগতে ইয়াকো কয় যে ৰাজনৈতিক মেৰপেঁচে কোনোদিনে প্রতিভাক বাধা দি ৰাখিব নোৱাৰে৷ সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকায়ো ভাষণ দিয়ে৷ ইপিনে, সন্ধিয়া অনুষ্ঠিত হয় শ্বহীদ শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ শ্রদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ফণী ডেকা, প্রাক্তন ছাত্র নেতা সুকুমাৰ শর্মা, ৰাতুল চন্দ্র ডেকা, প্রণৱ বর্মন, চন্দন চক্রৱর্তী, সাংবাদিক এম মহিবৰ ৰহমান, শশাংক শর্মা, চম্পক বৈশ্য, হীৰক ডেকা, যুৱ ব্যৱসায়ী গিৰীশ ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি৷