নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৱা ৬০ বছৰে মপী নদীৰ ওপৰত নিৰ্মাণ নহ’ল পকী দলং

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ  ৰাজ্য চৰকাৰৰ গড়কাপ্টানী বিভাগ আৰু নির্বাচিত জনপ্রতিনিধিসকলৰ অৱহেলাৰ বাবে সাতটা দশকৰ পিছতো এখন দলং নিৰ্মাণ হোৱা নাই জোনাই বিধানসভা সমষ্টিৰ অন্তর্গত ডেকাপাম গাঁওত। ডেকাপাম গাওঁ পঞ্চায়তৰ উদয়পুৰ গাঁওবাসীয়ে বছৰ বছৰ ধৰি  যাতায়াতত দুর্ভোগ ভুগি আহিব লগা হৈ আহিছে৷ ডেকাপাম উদয়পুৰ গাওঁখনৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্রোতা মপী নদীৰ ওপৰত এখন পকী দলং নির্মাণ কৰিবলৈ গঞা ৰাইজৰ লগতে বিভিন্ন দল–সংগঠনে জনপ্ৰতিনিধি তথা গড়কাপ্টানী বিভাগকে কোনো ব্যৱস্থা এতিয়া লৈকে কৰা নাই  । উল্লেখ্য যে অবিভক্ত লখিমপুৰ জিলাৰ ডিব্রুগড়ৰ বিভিন্ন অঞ্চলৰ পৰা আহি ১৯৬২–৬৩ চনৰ পৰাই জোনাই মহকুমাৰ ডেকাপাম অঞ্চলত উদয়পুৰ গাঁও প্রতিষ্ঠা কৰি বসবাস কৰি আহিছে৷ সোণোৱাল জনগোষ্ঠীৰে পৰিপূর্ণ উদয়পুৰ গাঁও প্রতিষ্ঠা কালৰে পৰাই গঞা ৰাইজে প্রায় ছটা দশককাল নিজা প্রচেষ্টাৰে প্রতিঘৰৰ পৰা কাঠ,বাঁহ সংগ্রহ কৰি শ্রমদানেৰে বাঁহৰ দলং নির্মাণ কৰি আহিছে৷ লক্ষণীয় বিষয় যে গড়কাপ্ঢানী পথ বিভাগে পি এম জি এছ ৱাই আঁচনিৰ অধীনত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বিবাৰীৰ পৰা উদয়পুৰ গাঁও হৈ ডেকাপাম মিছামৰা সংযোগী পি এম জি এছ ৱাই পথৰ নাহৰণি গাঁৱলৈ পকী পথ নির্মাণৰ কাম কেইবাবছৰো আগতে সম্পূর্ণ  কৰিলে যদিও পথটোৰ মাজৰ মপী নদীত পকী দলং নির্মাণ কৰা নাই৷ স্থানীয় ৰাইজৰ মতে উদয়পুৰ গাঁৱৰ মাজেৰে বৈ যোৱা মপী নদীৰ ওপৰত দলং নির্মাণৰ কাম পথটো পকীকৰণৰ লগতে আবণ্টত হৈছিল যদিও এগৰাকী জনপ্রতিনিধিৰ চক্রান্তৰ বাবে আন স্থানলৈ লৈ যায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ লকডাউনৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যকবছৰৰ দৰে এইবছৰো উদয়পুৰ গাঁৱৰ প্রতি ঘৰৰ পৰা বাঁহ–কাঠ সংগ্রহ কৰি কেইবাদিনো ধৰি শ্রমদানেৰে এখন বাঁহৰ দলং নির্মাণ কৰি উলিয়াইছে৷ বিভিন্ন কামৰ বাবে গুৰুত্বপূৰ্ণ লগতে দৈনন্দিন জীৱনৰ বিভিন্ন কাম–কাজৰ বাবে অতি গুৰুত্বপূর্ণ পথটোৰ মপী নদীৰ ওপৰত পকী দলং নির্মাণ কৰিবলৈ ডেকাপাম আঞ্চলিক সোণোৱাল কছাৰী ছাত্র সন্থা, উদয়পুৰ আৰু নাহৰণি গাঁও পৰিচালনা সমিতিয়ে চৰকাৰ, গডকাপ্ঢানী বিভাগ আৰু নির্বাচিত জনপ্রতিনিধিক দাবী জনাইছে৷

You might also like