শ্লোগান নহয় হাতে–কামে লাগো আহক
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ আপুনি বাটাচীপুৰলৈ গৈছেনে কেতিয়াবা? কেতিয়াবা গৈছেনে লুইতৰ পাৰৰ শিলঘাটলৈ অথবা মৰাণ, তিতাবৰ, কামৰূপৰ শনিয়াদি, বৰপেটাৰ শ’লমাৰী, বাক্সাৰ বালিতাৰা, ধমধমা, গোৰেশ্বৰ কিম্বা ধুবুৰীৰ গোলকগঞ্জৰ শস্য শ্যামলা পথাৰলৈ? কেতিয়াবা ওচৰলৈ গৈ চাইছেনে, অনুভৱ কৰিছেনে সেউজীয়া কিম্বা সোণ হালধীয়া পথাৰৰ মহত্ত্ব কিম্বা মাদকতা পথাৰৰ বুকুত থিয় হৈ নিজৰ বুকুত হাত থৈ কৈছেনে কেতিয়াবা পথাৰ, মানুহ প্রকৃতিৰ সন্তান হয়তো দেখা নাই, যোৱা নাই, কিঞ্চিত অনুভৱো কৰা নাই আপুনি৷ কাৰণ আপোনাৰ সময় নাই, অৱকাশ নাই৷…
‘Agriculture is our wisest pursuit, because it will in the end contribute most to real wealth, good morals, and happiness’৷ থমাছ জেফাৰছনে কৈ যোৱা কথা এয়া৷ আমি হয়তো উজুটি খাইছোঁ, শস্য শ্যামলা পথাৰ, হালধীয়া সৰিয়হতলী, ধাননিৰ মাজত আনন্দৰ সন্ধান আমাৰ বহুতৰে বাবে যেন এক অচল চিন্তা৷
বৰাক–ব্রহ্মপুত্রৰ অন্তহীন জলাকাশ, এই দুই নদী উপত্যকাৰ বিস্তীর্ণ সেউজ ভূমিৰ সন্তান আমি৷ কেতিয়াবা পাহাৰ–পর্বত, কেতিয়াবা ওখ, কেতিয়াবা দ শস্য ভূমিৰে মহিমামণ্ডিত এই ভূখণ্ড৷ এই শস্য ভূমি কিমান সাৰুৱা, ইয়াৰ ভৌগোলিক অৱস্থিতি কি বা ইয়াৰ স্বত্বাধিকাৰী কোন, সেয়া কেতিয়াও ডাঙৰ কথা নহয়৷ ডাঙৰ কথাটো হ’ল আমাৰ সন্মুখত চকুৰে নমনালৈকে পৰি থকা বিস্তীর্ণ পথাৰ আমাৰ জীৱনযাত্রাৰ বিকল্পহীন আধাৰ৷ আমাৰ খেতিয়ক, শিপিনী, পশুপালক এই সেউজ ভূমিৰ পূজাৰী৷ সুৱণখাটাৰ হৰিণ বড়ো, ৰুণীখাটাৰ বাপু দৈমাৰী, কালদিয়াৰ পাৰৰ মনছুৰ আলী, তামুলপুৰৰ সত্য দা, ৰঙাপৰাৰ ৰানাল কুজুৰ, মৰোৱাৰ হালৈ দা, ঢ়েকীয়াজুলিৰ দৈমুু, ধমধমাৰ পংকজ দা ইত্যাদি আমাৰ চিনাকি–চিনাকি লক্ষ লক্ষ উপান্ত খেতিয়ক এই মাটিৰ পূজাৰী৷ তেওঁলোক মাটিক উজ্জীৱিত কৰা নীৰৱ শিল্পী৷ আনহাতে, পৰম্পৰা, সমাজৰ তথাকথিত ব্যাকৰণ ভাঙি শোণিতপুৰৰ গাহৰিৰ খেতি কৰা মনোজ বসুমতাৰী, সীতাজখলাক নেতৃত্ব দিয়া ৰাজীৱ শর্মা, পুষ্পধৰ দাস, গোলাঘাটৰ মোহন গগৈ, ক’লা চাউলৰ খনিকৰ উপেন ৰাভা, নলবাৰীৰ বনজিৎ হুছেইন আদি কিছুসংখ্যক ব্যতিক্রমী লোকে আশাৰ কৃষি উদ্যোগ খণ্ডত নতুন চিন্তা আৰু আশাৰ সঞ্চাৰ কৰিছে৷
প্রবল জাতীয়তাবোধেৰে প্রবুদ্ধ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে পথাৰ আৰু বজাৰ দখল কৰাৰ বাবে অসমীয়াক আহ্বান জনাইছিল৷ সেই আহ্বানৰ মহত্ত্ব আজি যেন আৰু প্রাসংগিক৷ কেৱল পথাৰতে লাগি থাকিলে নহ’ব৷ দখল কৰিব লাগিব বজাৰো৷ পথাৰৰ লগতে বজাৰ দখল কৰাৰ অম্বিকাগিৰিৰ আহ্বান যেন আজিও শ্লোগানতে সীমাবদ্ধ৷ আমাৰ উপান্ত কৃষকৰ বাবে বজাৰ এতিয়াও বহু দূৰ৷ কিন্তু তাৰ মাজতে আমি সম্ভাৱনাৰ সঞ্চাৰ কৰিব লাগিব৷ এটা নতুন বর্ষৰ প্রত্যুষতে ই হ’ব পাৰে আমাৰ এক সামূহিক সিদ্ধান্ত৷ অৱশ্যে এই সিদ্ধান্ত লোৱাৰ আগতে আমি কিছু পৰিমাণে হ’লেও উভতি চাব লাগিব আমাৰ ৰাজ্যখনৰ কৃষিখণ্ডৰ অতীত আৰু বর্তমানৰ বাস্তৱ ছবিখন৷ আচলতে আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ আগতে বা সময়ত অসমৰ কৃষি অর্থনীতি আৰু কৃষিকার্যৰ পৰিৱেশ প্রকৃততে কেনে আছিল, সেই সন্দর্ভত নির্ভৰযোগ্য তথ্যৰ অভাৱ আছে৷ ঔপনিৱেশিক ব্রিটিছে সেই সময়ৰ কৃষি উদ্যোগক সীমাবদ্ধ ৰাখিছিল কেৱল চাহ বাগিচাৰ মাজতে৷ সেয়ে এটা শতিকাৰ আগতে আমাৰ এই অঞ্চলটো ধান, মাহ, মৰাপাট, সৰিয়হ বা উদ্যান শস্যৰ ক্ষেত্রত কিমান আগবঢ়া আছিল, সেয়া স্পষ্ট নহয়৷ কিন্তু স্বাধীনতাৰ পাছত আৰম্ভ হোৱা পৰিকল্পনা সময় আৰু নেহৰুবাদী অর্থনীতিৰ সময়ত দেশৰ আন প্রান্তৰ লগতে অবিভক্ত অসমেও কিছু পৰিমাণে আগবাঢ়িবলৈ ধৰে৷ পঞ্চবার্ষিক পৰিকল্পনা কাল আৰম্ভ কৰিয়ে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ক’লে– Everything else can wait, but not agriculture’৷ নেহৰুৰ নেতৃত্বতে ষাঠিৰ দশকতে দেশৰ আন প্রান্তত শস্যৰ ‘হাই ৱেল্ডিং ভেৰাইটী’ৰ বীজৰ সূচনা হ’ল৷ ১৯৫১–৫২ চনৰ পৰা ভাৰতে খাদ্য শস্যৰ উৎপাদন প্রতি বছৰে ৬০ লাখ নিযুত টনকৈ বৃদ্ধি কৰি আনিবলৈ সক্ষম হৈছিল৷ কিন্তু লক্ষণীয়ভাৱে পঞ্চবার্ষিক পৰিকল্পনাৰ দশকসমূহত অসমে কৃষি উৎপাদনৰ ক্ষেত্রত মূল ভূমিৰ ৰাজ্যসমূহৰ সৈতে খোজ মিলাব নোৱাৰিলে৷ ইয়াৰ পাছত ভাৰত চৰকাৰে প্রণয়ন কৰা ‘ৰাষ্ট্রীয় কৃষি নীতি–২০০০’য়ে দেশৰ কৃষিখণ্ডৰ লগত কেতবোৰ নতুন চিন্তাৰ সংযোজন কৰিলে৷ সংবিধানৰ ‘ৰাইট টু লাইফ’ ধাৰণাৰ লগত সংযোজিত কৰা হ’ল কৃষি আৰু কৃষকৰ ভৱিষ্যতৰ বিষয়ক৷ দেশে অর্থনৈতিক বিশ্বায়নক আদৰি লোৱাৰ পাছত প্রণীত এই ৰাষ্ট্রীয় কৃষি নীতি–২০০০ত কোৱা হৈছে–‘Agriculture is a way of life, a tradition, which for centuries, has shaped the thought, the outlook, the culture and economic life of India. Agriculture, therefore is and will continue to be central of all strategies for socio-economic development of the country. Rapid growth of agriculture is essential not only to achieve self reliance at national level but also at household food security and to bring about equity in distribution of income and wealth resulting in rapid reduction in poverty level.’ আপাততঃ এই নীতিয়ে গুৰুত্বপূর্ণ কথাই কৈছে৷ অথচ অসমৰ দৰে ৰাজ্যৰ উপান্ত খেতিয়কৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্রত এই নীতিয়ে সদায় নীৰৱতা অৱলম্বন কৰি আহিছে৷
কৃষিক্ষেত্রত প্রযোজিত নীতি–আইনসমূহৰ বহু স্ববিৰোধিতাৰ বর্তমানৰ পথাৰ আৰু বজাৰ উভয়তে আধিপত্য বিস্তাৰ কৰাৰ বাবে যে কৃষক সমাজে ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব, সেই কথা স্পষ্ট৷ খেতিয়কে তেওঁলোকৰ কৃষি উৎপাদনৰ মান নিশ্চিত কৰা আৰু বজাৰত প্রত্যক্ষভাৱে আধিপত্য সৃষ্টি কৰাই হ’ল এইক্ষেত্রত মূল প্রত্যাহ্বান৷ অসমৰ কৃষি আৰু কৃষি উদ্যোগ খণ্ডত যি সম্ভাৱনা লুকাই আছে, তাক আমি কেইটামান নির্দিষ্ট ভাগত ভগাব পাৰোঁ৷ সেই কৃষিকার্যসমূহৰ ভিতৰত প্রধান হ’ল– ধান খেতি, ফলমূল আৰু উদ্যান শস্যৰ খেতি, দুগ্ধ উৎপাদন আৰু পশুপালন, মীনপালন৷ এই চাৰিওটা ভাগৰ কৃষিকর্মই পথাৰ আৰু বজাৰত বিশেষ আধিপত্য বিস্তাৰ কৰি আহিছে৷ এই কৃষিকর্মকেইটাই কৃষিক বৃত্তি হিচাপে গ্রহণ কৰিব বিচৰা নতুন প্রজন্মৰ যুৱক–যুৱতীসকলৰ্ প্রতি কি ধৰণে সম্ভাৱনা পুহি ৰাখিছে, তাক তলত চমুকৈ আলোকপাত কৰিব পাৰি এনেধৰণে–
ধান খেতিৰ অর্থনীতি
ক’ভিড–১৯ অতিমাৰীৰ সময়ত ল’বলগীয়া অর্থনৈতিক ব্যৱস্থাপনা সন্দর্ভত অৱসৰী আমোলা সুভাষ চন্দ্র দাসৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটীয়ে ৰাজ্যৰ মুখ্যমন্ত্রীৰ ওচৰত দাখিল কৰা প্রতিবেদনখনেই এই মুহূর্তত অর্থনৈতিক পৰিস্থিতিৰ বিশ্লেষণৰ বাবে শেহতীয়া সমল৷ এই প্রতিবেদন অনুসৰি বর্তমানে অসমত কৃষিজীৱী পৰিয়ালৰ সংখ্যা ২৭.২০ লাখ৷ আনহাতে, কৃষি শ্রমিকৰ সংখ্যা ১২.৬৪ লাখ৷ অর্থাৎ ৰাজ্যত কৃষিকর্মত নিয়োজিত লোকৰ সংখ্যা হ’ল ৩৭.৩১ লাখ৷ এই পৰিসংখ্যা ৰাজ্যৰ মুঠ কর্মশক্তি(work force) ৫৩ শতাংশ৷ আকৌ অসমৰ মুঠ কৃষিভূমি ৪০.৯৯ লাখ হেক্টৰৰ ২৮.১১ লাখ হেক্টৰ ভূমিহে খেতিৰ উপযোগী বা কৃষিকার্য কৰি থকা হৈছে৷ তথ্য অনুসৰি অসমৰ মুঠ ভূ–ভাগৰ ৩৫.১ শতাংশ কৃষিভূমি আৰু তাৰে ৯১ শতাংশতে বিভিন্ন প্রজাতিৰ ধান খেতি কৰা হয়৷ ৩৭ লাখ কৃষক পৰিয়াল আৰু কৃষি শ্রমিকে প্রতি বছৰে অসমৰ মাটিত ৯৭ লাখ নিযুত টন ধান উৎপাদন কৰে বুলি ইতিমধ্যে চৰকাৰী তথ্যতেই প্রমাণিত হৈছে৷ চৰকাৰে নির্ধাৰণ কৰা নূ্যনতম সমর্থিত মূল্য (এম এছ পি) প্রতি কুইণ্টলত ১,৮৬৮ টকা আটাইখিনি উৎপাদিত ধানৰ ক্ষেত্রত হিচাপ কৰিলে অসমৰ ধানৰ অর্থনীতিৰ আয়তন ১৮,০০০ কোটি টকাৰ৷ উৎপাদিত ধানৰ ৩০ শতাংশ কৃষক পৰিয়ালে ঘৰত খোৱাৰ বাবে ব্যয় কৰে বুলি ধৰিলেও তেওঁলোকে ১২ হাজাৰ কোটি টকাৰ ধান বজাৰলৈ উলিয়াই দিয়াৰ বাবে সমর্থৱান৷ সেই দিশৰ পৰা অসমৰ ২৭ লাখ কৃষক পৰিয়ালে বজাৰলৈ উলিয়াই দিয়া ধানৰ পৰা প্রতি বছৰে গড়ে ৪৫ হাজাৰ টকা লাভ কৰিব পাৰে৷ সেই দিশৰ পৰা ধানৰ অর্থনীতি এক সবল অর্থনীতি৷ কিন্তু চৰকাৰে নূ্যনতম সমর্থন মূল্যত এই বছৰ ধান কিনাৰ সিদ্ধান্ত লৈছে মাত্র ৩.৬ লাখ নিযুত টন৷ অর্থাৎ উৎপাদিত ধানৰ ৯৩ লাখ নিযুত টনেই এইবাৰো নূ্যনতম সমর্থিত মূল্যৰ পৰা বঞ্চিত হ’ব৷ তদুপৰি চৰকাৰে প্রতিশ্রুতি দিয়া অংশ ধানো এতিয়ালৈকে ক্রয় কৰা হোৱা নাই৷ সেয়ে অসমৰ কৃষকৰ ধানৰ অর্থনীতিয়ে গতি লাভ কৰিবলৈ লাগে কৃষকে নিজেই সৃষ্টি কৰিব পৰা সমর্থিত হাৰৰ মূল্যৰ সংগঠিত বজাৰ৷ সেয়া সম্ভৱ হ’লে বর্তমানৰ ৩৭ লক্ষ কৃষক–শ্রমিকৰ উপৰি আন প্রায় দহ লাখ লোক প্রত্যক্ষভাৱে লাভান্বিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে ইয়াৰ লগত সংযুক্ত হৈ আছে কৃষি যান্ত্রিকীকৰণ, উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰ তথা বীজৰ স্বাধীনতাৰ বিষয়৷
ফলমূল, উদ্যান শস্যৰ প্রসাৰৰ সম্ভাৱনা
অসমৰ মুঠ মাটিকালিৰ ৬.০৮ লাখ হেক্টৰ ভূমিহে উদ্যান শস্যৰ বাবে উপযোগী৷ উল্লেখ কৰা ভাল যে ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ ১৭ শতাংশই বানাক্রান্ত হোৱা বাবে উদ্যান শস্যৰ ক্ষেত্রত অসম আজিও বহু পিছপৰি আছে৷ কিন্তু তাৰ মাজতে বতৰৰ শাক–পাচলি বাদ দিও অসমৰ কৃষকে প্রতি বছৰে ৪৫০ কোটি টকাৰ ফলমূল উৎপাদন কৰে৷ এই ফলমূলবোৰৰ ভিতৰত আছে বিভিন্ন জাতৰ কল, সুমথিৰা, নেমু, আমলখি, আনাৰস, বগৰী, আম আদি৷ শেহতীয়াকৈ ড্রেগন ফ্রুইটছ, ষ্ট্রবেৰীৰ দৰে অধিক লাভদায়ক ফলৰ খেতিৰ প্রতি কৃষক সমাজ আগ্রহী হোৱা পৰিলক্ষিত হৈছে৷ বিজ্ঞানসন্মতভাৱে কৰিলে এবিঘা মাটিত ষ্ট্রবেৰী খেতি কৰি তিনি লাখ টকা উপার্জন কৰিব পাৰি৷ অসমৰ মাটি এচিডিক হোৱা সত্ত্বেও শোণিতপুৰ, নগাঁও, তিনিচুকীয়া, গোলাঘাট, বাক্সা, চিৰাঙকে ধৰি কেইবাখনো জিলাৰ কৃষকে এনে খেতিৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈছে৷ তথ্য অনুসৰি উদ্যান শস্যৰ ভিতৰতে পৰা শাক–পাচলিৰ বাদেও অসমত ফলমূলৰ বজাৰখনৰ আয়তন বার্ষিক তিনি হাজাৰ কোটিৰ৷ মাটিৰ গুণাগুণ আৰু জলবায়ুৰ লগত খাপ খুৱাই অসমৰ নতুন প্রজন্মৰ অতি কমেও দুই লাখ যুৱক–যুৱতীয়ে সম্পৰীক্ষাৰ যোগেদি ফলমূলৰ খেতিত মনোনিৱেশ কৰিব পাৰে৷ অসমত এক হেক্টৰ বা তাতকৈ কম কৃষিভূমি থকা কৃষকৰ সংখ্যাই অধিক৷ শেহতীয়া চৰকাৰী তথ্য মতে, এই সংখ্যা ১৮,৩১,১১৫জন৷ ই মুঠ কৃষকৰ ৬৭.৩ শতাংশ৷ অতি লক্ষণীয়ভাৱে এনে উপান্ত কৃষকৰ হাততেই আছে উদ্যান শস্যৰ বাবে উপযোগী কৃষিভূমি৷ গতিকে তেওঁলোকে নিজৰ হাতত থকা সীমিত পৰিমাণৰ ভূমিকেই সম্ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰে৷ ফলমূলৰ খেতিৰ ক্ষেত্রত মূল প্রত্যাহ্বান হ’ল বিজ্ঞানসন্মত সংৰক্ষণ আৰু বিপণন৷ এইক্ষেত্রত চৰকাৰী পৃষ্ঠপোষকতাৰ অধিক প্রয়োজন আছে৷ সংৰক্ষণ আৰু সু–সংগঠিত বিপণন ব্যৱস্থাৰ অভাৱৰ বাবেই বহুজনে ফলমূলৰ খেতিৰ প্রতি আগ্রহী হৈ উঠা নাই৷
দুগ্ধ উৎপাদন আৰু পশুধন পালন
তথ্য অনুসৰি অসমত আজিৰ তাৰিখত গাখীৰৰ বার্ষিক উৎপাদন ৯৭০ নিযুত লিটাৰ৷ কিন্তু জনসংখ্যাৰ বিপৰীতে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছার্চৰ (আই চি এম আৰ) হিচাপ অনুসৰি ৰাজ্যখনত গাখীৰৰ প্রয়োজন হ’ল ২,৫৮৮ নিযুত লিটাৰ৷ ৰাজ্যৰ গো–পালকে ৯৭০ নিযুত লিটাৰ গাখীৰ উৎপাদন কৰাৰ বিপৰীতে বাহিৰৰ পৰা আমদানি হোৱা গাখীৰেৰে অসমৰ বজাৰত বছৰটোত উপলব্ধ হোৱা গাখীৰৰ পৰিমাণ ১,৩৭০ নিযুত লিটাৰ৷ অর্থাৎ তাৰ পাছতো গাখীৰৰ ঘাটিৰ পৰিমাণ বছৰি ১,২১৮ নিযুত লিটাৰ৷ একেদৰে আই চি এম আৰৰ মাপক অনুসৰি অসমত প্রতি বছৰে প্রয়োজন হোৱা মাংসৰ পৰিমাণ ৩৫২ হাজাৰ নিযুত টন৷ কিন্তু ৰাজ্যই নিজে উৎপাদন কৰিছে মাত্র ৫০.৪০ হাজাৰ নিযুত টন৷ আমদানিকৃতকে ধৰি বজাৰত উপলব্ধ মাংসৰ পৰিমাণ মাত্র ৭৭.৬০ হাজাৰ টন৷ অর্থাৎ বজাৰত ঘাটিৰ পৰিমাণ ২৮০ হাজাৰ টন৷ কণীৰ ক্ষেত্রত বছৰি অসমত কণীৰ প্রয়োজন ৫৭,৬০০ লাখটা৷ অসমে নিজে উৎপাদন কৰিছে মাত্র ৫,০১৪.৬১ লাখটা কণী৷ বজাৰলৈ বছৰি বাহিৰৰ পৰা আহিছে প্রায় ১১,০০০ লাখ কণী৷ তথ্যই আঙুলিয়াই দিছে যে দুগ্ধ উৎপাদন, পশুপালন আৰু কণী উৎপাদনৰ ক্ষেত্রত অসমৰ নতুন প্রজন্মৰ যুৱক–যুৱতীসকলে বহু কাম কৰাৰ সুযোগ আছে৷ দেখা যায় যে অসমত ছাগলী আৰু গাহৰি পালনৰ ক্ষেত্রত বহু সম্ভাৱনা লুকাই আছে৷ বর্তমানে অসমত উৎপাদিত ছাগলীৰ মাংসৰ পৰিমাণ ১৫.১৮ হাজাৰ মেট্রিকটন, যি মুঠ উৎপাদিত মাংসৰ ৩০.১২ শতাংশ৷ উৎপাদিত গাহৰিৰ মাংসৰ পৰিমাণ ১৯.৪০ হাজাৰ মেট্রিকটন, যি মুঠ উৎপাদনৰ ৩৮.৪৯ শতাংশ৷ একেদৰে হাঁহ–কুকুৰাৰ মাংস উৎপাদিত হৈ আছে মাত্র ১০.৭৩ হাজাৰ মেট্রিকটন৷ এই পৰিমাণ মুঠ মাংস উৎপাদনৰ ২১.২১ শতাংশ৷ অসমৰ বজাৰত মাংসৰ পৰিমাণ লক্ষণীয়ভাৱে ঘাটি আছে৷ উৎপাদনৰ পৰিমাণ যদি ছয় গুণো বৃদ্ধি পায়, তেতিয়াও বজাৰৰ অভাৱ হ’ব নালাগে৷ কিন্তু এইক্ষেত্রত মূল প্রভাৱী শক্তি হ’ল উপভোক্তাৰ ক্রয় ক্ষমতা৷ সেই সন্দর্ভত সমসাময়িকভাৱে অধ্যয়ন হোৱা উচিত৷ নহ’লে তৰুণ পশুপালক আশাহত হোৱাৰো আশংকা আছে৷ তথাপি ক’ব পাৰি, উত্তৰ–পূবৰ আন ৰাজ্যৰ বজাৰ আৰু ৰপ্তানিৰ সুবিধা খোল খালে অসমৰ অতি কমেও চাৰি লক্ষ যুৱক–যুৱতীয়ে পশুপালনকে জীৱিকা হিচাপে লোৱাৰ পূর্ণ সুযোগ আছে৷ উদাহৰণস্বৰূপে আই চি এম আৰৰ খাদ্য মাপক স্পর্শ কৰাৰ বাবে যদি প্রতিজন লোকৰ বিপৰীতে আধা কেজি মাংসৰ যোগান নিশ্চিত কৰিব লাগে, তেতিয়াহ’লে অসমত আজিয়েই ১৯ লাখ ছাগলী পালনৰ প্রয়োজন আছে, যি কথা সম্ভৱ৷
মীনপালনৰ ক্ষেত্রত ইতিমধ্যে আগবাঢ়িছে অসম
যোৱা দশকটোত অসমৰ কৃষি অর্থনীতিলৈ আশা কঢ়িয়াই অনা খণ্ডটোৱে হৈছে মীনপালন৷ আজিৰে পৰা দহ বছৰ আগলৈ যিদৰে অন্ধ্রপ্রদেশৰ পৰা ট্রাক কিম্বা ৰে’লেৰে মাছ আহিছিল, সেই আমদানিৰ বহু পৰিমাণে কমিছে৷ অসমৰ প্রায় প্রতিটো প্রান্তৰ মীনপালকে নিজাববীয়া প্রচেষ্টাৰে এই কাম কৰি দেখুৱাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই(WHO) নির্ধাৰণ কৰা মাপক অনুসৰি প্রতিগৰাকী লোকে গড়ে বছৰি মাছ খাব লাগে ১১ কিলোগ্রাম৷ সেই অনুসৰি অসমবাসীৰ বাবে প্রতি বছৰে ৩৫০ হাজাৰ নিযুত টন মাছৰ প্রয়োজন৷ অতি লক্ষণীয়ভাৱে এই পৰিমাণৰ চাহিদাৰ বিপৰীতে অসমৰ মীনপালকে উৎপাদন কৰে ৩২৭ হাজাৰ নিযুত টন৷ অর্থাৎ উৎপাদন ঘাটি আছে ২৩ হাজাৰ নিযুত টন মাছৰ৷ এই সময়ত অসমলৈ বাহিৰৰ পৰা মাছ আহি আছে বছৰি ১১,৪৫০ নিযুত টন৷ উল্লেখনীয় যে অসমত মীনপালন হোৱা পুখুৰীয়ে সামৰি লোৱা মাটিকালি ৬২,০০০ হেক্টৰ৷ প্রতি হেক্টৰ মাটিকালিত বছৰি ২,০০০ কিলোগ্রাম মাছ উৎপাদন কৰিব পাৰি৷ অসমৰ বিলত প্রতি হেক্টৰত উৎপাদিত হয় ৪৫০ কিলোগ্রাম মাছ৷ আনহাতে, ৪,৮২০ কিলোমিটাৰ দৈর্ঘ্য পূর্ণ কৰা ৰাজ্যৰ নদী খণ্ডয়ো মীন উৎপাদনলৈ অৰিহণা আগবঢ়াই আহিছে আৰু আর্থিক সম্ভাৱনাও সঞ্চিত হৈ আছে৷
পথাৰৰ পৰা বজাৰলৈ… কেৱল শ্লোগান নহয়
আমাৰ কৃষকে পথাৰতে সীমাবদ্ধ নাথাকি বজাৰ দখলৰ অভিযান চলাব লাগে বুলি ইতিমধ্যে বিভিন্ন মহলত শ্লোগান আৰম্ভ হৈছে৷ এয়া যেন অম্বিকাগিৰিয়ে দিয়া আহ্বান বাস্তৱায়িত কৰাৰ সময়৷ কিন্তু বজাৰেই আজিও আমাৰ কৃষকৰ সন্মুখত প্রধান প্রত্যাহ্বান৷ খাদ্য শস্য কিম্বা মাছ, মাংস, কণীৰ চাহিদা আৰু যোগানৰ আকাশ–পাতাল তাৰতম্যই আমাক কৃষিখণ্ডত নিয়োজিত হ’বলৈ উৎসাহিত কৰিলেও তাৰ বাস্তৱ ছবিখন কেতিয়াও মসৃণ নহয়৷ বজাৰৰ নিজা ব্যাকৰণ আছে৷ এই ব্যাকৰণ চলিছে বজাৰৰ আধিপত্য অব্যাহত ৰখা মধ্যভোগী আৰু খুচুৰা বিক্রেতাৰ আঙুলিৰ ঠাৰত৷ এওঁলোকৰ ওচৰত সাধাৰণ কৃষক, গো–পালক, পশুধন পালক আজিও অসহায়৷ অতি লক্ষণীয়ভাৱে শেহতীয়া সময়ছোৱাত পুঁজিপতি গোষ্ঠীৰ মালিকানাধীন কিছুসংখ্যক কোম্পানীয়ে অসমৰ মাটিত ‘কণ্ড্রেক ফার্মিং’ আৰম্ভ কৰিছে৷ দেখা গৈছে, খেতিয়কৰ সলনি কোম্পানীহে আজি পথাৰৰ পৰা বজাৰলৈ গৈছে৷ আনহাতে, পৰম্পৰাগতভাৱে তৎপৰ স্থানীয় মধ্যভোগীৰ কথা আছেই৷ বিগত প্রায় ডেৰটা দশকত আমি যিমান কৃষকৰ লগত কথা পাতিছোঁ, সকলোৰে সমস্যা এটাই– উচিত দামৰ বজাৰ৷ তেওঁলোকে সঠিক ‘মূল্য শৃংখল’ৰ value chain) কেতিয়াও অংশীদাৰ হ’ব পৰা নাই৷ এয়াই আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ ট্রেজেডী৷ এই প্রেক্ষাপটত কিছুসংখ্যক স্বেচ্ছাসেৱী সংগঠন, আনকি বিশ্ববেংকৰ পুঁজি বিনিয়োজিত প্রকল্পই কৃষি বাণিজ্যত কৃষকৰ অংশগ্রহণ নিশ্চিত কৰাৰ বাবে কৃষক সংগঠন গঠন কৰি আছে৷ বজাৰত কৃষক আৰু কৃষক সন্তানৰ প্রত্যক্ষ অংশগ্রহণেহে এনেবোৰ উদ্যোগ বাস্তৱায়িত কৰিব আৰু ‘পথাৰৰ পৰা বজাৰলৈ’ শ্লোগানক অধিক মহিমামণ্ডিত কৰি তুলিব৷
(নয়নজ্যোতি ভূঞা এই সংখ্যাৰ অতিথি লেখক)