নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত শিক্ষক অবিহনে চলিছে ৩১৪ বিদ্যালয়

  •  ১০ হাজাৰৰো অধিক স্কুলত নাই বিজুলী সংযোগ
  • সহস্রাধিক চৌহদত নাই শৌচাগাৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ভৱিষ্যতৰ নাগৰিকক গঢ় দিয়া ৰাজ্যৰ প্রাথমিক শিক্ষাখণ্ডৰ দুখ লগা ছবি উন্মোচিত হৈছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে কৰা এক সমীক্ষাত৷ প্রাথমিক স্তৰৰ শিক্ষাৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি গ্রহণ কৰা সত্ত্বেও ৰাজ্যত এতিয়াও শিক্ষকবিহীনভাৱে চলি আছে ৩১৪খন প্রাথমিক শিক্ষানুষ্ঠান৷ এক বিবৃতিত সন্মিলনীৰ সভাপতি অখিল চন্দ্র নাথ আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে সমীক্ষা সন্দর্ভত সদৰী কৰি কয় যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিতে ১৭খন প্রাথমিক বিদ্যালয়ে শিক্ষকৰ অভাৱত মৃত্যুৰ ক্ষণ গণিছে৷ সন্মিলনীৰ অন্তর্গত ৩২খন জিলাৰ ৫১টা শিক্ষা মহকুমাৰ ৩৩,৮২৯খন বিদ্যালয় সামৰি চলোৱা এই সমীক্ষাৰ তথ্য অনুসৰি তেজপুৰত সর্বাধিক ৫৫খন বিদ্যালয়ত নাই এজনো শিক্ষক৷

আনহাতে ৰাজ্যখনৰ মুঠ ৪,৪৪৪খন বিদ্যালয় চলি আছে এজন শিক্ষকেৰে৷ শিক্ষাৰ অধিকাৰ আইনেও এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদান কৰিব পৰা নাই বুলি উল্লেখ কৰি সন্মিলনীৰ নেতাদ্বয়ে বিবৃতিটোত কয়– ‘৬টাকৈ শ্রেণী একেটা গৃহতে পঢ়ুৱাই থকা বিদ্যালয়ৰ সংখ্যা হৈছে ১,৬৬৪খন৷ প্রথম বর্ষৰ গুণোৎসৱৰ অন্তত ঘোষণা কৰাতকৈও বর্তমান এই শিক্ষানুষ্ঠানসমূহৰ অৱস্থা তথৈবচ হৈ পৰিছে৷ ২০২০ বর্ষত বিধানসভাৰ মজিয়াত প্রকাশ কৰা তথ্য অনুসৰি এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা আছিল ৩,০৮৫খন৷ কিন্তু চলিত বর্ষৰ ১ জানুৱাৰীলৈ এজন শিক্ষকেৰে চলা প্রাথমিক বিদ্যালয়ৰ সংখ্যাই প্রায় ৪,৫০০ৰ ঘৰ স্পর্শ কৰে৷ সন্মিলনীৰ বাহিৰত থকা তিনি জিলাৰ বিভাগীয় তথ্য অনুসৰি পশ্চিম কার্বি আংলঙত ২৪৫, কার্বি আংলঙত ২২৫ আৰু ডিফুত ২০৭খন বিদ্যালয়ত কর্মৰত হৈ আছে মাত্র এজন শিক্ষক৷ এতিয়াও সহস্রাধিক বিদ্যালয়ত নাই শৌচাগাৰ, ১০ হাজাৰতকৈও অধিক প্রাথমিক বিদ্যালয়ত আজি পর্যন্ত বিজুলীৰ সংযোগ প্রদান কৰা হোৱা নাই৷ বেছিভাগ বিদ্যালয়ৰে ডেস্ক–বেঞ্চৰ অৱস্থাও জৰাজীর্ণ৷ প্রায় কুৰি বছৰ ধৰি বিদ্যালয়সমূহত দিয়া হোৱা নাই ডেস্ক–বেঞ্চ৷ শিকন সামগ্রীৰ বাবে পূর্বে ধন দিয়া হৈছিল যদিও সেয়া বহু বছৰ পূর্বেই বন্ধ হৈ পৰিছে৷ আন্তঃগাঁথনিৰ ধনেৰে শিকন সামগ্রীও ক্রয় কৰিবলগীয়া হৈছে৷’

আনহাতে প্রথম বছৰৰ গুণোৎসৱত চিনাক্ত হোৱা অভাৱসমূহ পূৰণৰ বাবে ২০১৯–২০ বর্ষৰ বাজেটত অতিৰিক্ত ধন আবণ্টন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল যদিও সেই সন্দর্ভত কোনো তথ্য বর্তমান উপলব্ধ নহয় বুলি সদৰী কৰে সন্মিলনীয়ে৷ গুণোৎসৱৰ জৰিয়তে পোহৰলৈ অহা দুর্বলতাসমূহ দূৰ কৰাৰ পৰিৱর্তে যদিহে এই দুর্বলতাসমূহ অধিক বৃদ্ধি পায়, তেনেহ’লে পুনৰ গুণোৎসৱ আয়োজন কৰাৰ প্রয়োজনীয়তা ক’ত বুলি প্রশ্ন উত্থাপন কৰি সন্মিলনীৰ নেতাদ্বয়ে কয়– ‘কংগ্রেছ–গপ অথবা বিজেপি যি দলৰেই চৰকাৰ নহওক কিয় সকলোৱে ৰাজ্যৰ প্রাথমিক বিদ্যালয়সমূহৰ প্রতি উদাসীনতা প্রদর্শন কৰি আহিছে৷ আজিও বিদ্যালয়সমূহ মুৰব্বীবিহীন৷ নির্বাচনৰ পূর্বে কংগ্রেছ, বিজেপি সকলোৱে প্রাথমিক বিদ্যালয়সমূহত প্রধান শিক্ষক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ৰাজপাট দখলৰ পাছত কোনেও এই প্রতিশ্রুতি পূৰণ নকৰিলে৷ প্রধান শিক্ষকবিহীন বিদ্যালয়সমূহত গুণোৎসৱৰ তথ্য যোগানৰ বোজা কিয়? শিক্ষকবিহীন বা এজনীয়া শিক্ষকৰ বিদ্যালয়সমূহত চৰকাৰে কি গুণোৎসৱ পাতিব? সেয়েহে প্রথমে শিক্ষক নিযুক্তি আৰু তাৰ পাছত শিক্ষক–শিক্ষার্থীক অতি কমেও এটা বছৰৰ সময় দিহে গুণোৎসৱৰ আয়োজন কৰা হওক৷ কিয়নো বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষকৰ স্থিতি আদিৰ বাবে সকলো তথ্য জলজল–পটপট হৈ আছে৷’

ইপিনে দুবছৰে বিদ্যালয়ৰ মুখ দেখা নোপোৱা শিক্ষার্থীৰ শৈক্ষিক মূল্যায়ন কৰি কোনো ভাল ফল লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁলোকে কয় যে পাঠদান নোহোৱাকৈ, মুখ্যমন্ত্রীৰ বিশেষ বৃত্তি পৰীক্ষা নপতাকৈ গুণোৎসৱ কেনেকৈ সম্ভৱ? শিক্ষক নিযুক্তি দি অন্ততঃ এবছৰৰ শিক্ষক–ছাত্রৰ মাজত শৈক্ষিক আদান–প্রদান ঘটাৰ পাছতহে গুণোৎসৱ পাতিলে লাভদায়ক হ’ব৷ অন্যথা এয়া এক উৎসৱহে পালন কৰা হ’ব৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিজে প্রণয়ন কৰা আইন নিজেই ভংগ কৰাৰ লগতে ৰাজ্যপালৰ অনুমোদিত সিদ্ধান্তৰ ভিত্তিত সম্পাদন কৰা চুক্তি ভংগ কৰি আহিছে বুলি উল্লেখ কৰি সন্মিলনীয়ে কয় যে শিক্ষকক প্রাপ্যৰ পৰা বঞ্চিত কৰি মনোকষ্ট প্রদান কৰি আহিছে৷ প্রতি তিনি মাহত শিক্ষকৰ সমস্যা শুনিবলৈ আনুষ্ঠানিকভাৱে প্রতিশ্রুতি প্রদান কৰা শিক্ষামন্ত্রীয়ে আবেদন কৰাৰ পাছতো আলোচনাৰ বাবে আমন্ত্রণ নকৰে বুলি উল্লেখ কৰি শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে অহা ২০ এপ্রিল চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ ২০ এপ্রিলৰ ভিতৰত বৃত্তি পৰীক্ষাৰ দিন ঘোষণা কৰা, প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে লোৱা সিদ্ধান্ত কার্যকৰী কৰা, ঠিকাভিত্তিক শিক্ষকসকলৰ প্রাপ্য মৰগীয়া বানচ আদায় দিয়া, স্নাতক শিক্ষকৰ পৰা কর্তন কৰা গ্রেড পে’ ঘূৰাই দিয়া আৰু আর্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি কৰিবলৈ সন্মিলনীয়ে দাবী উত্থাপন কৰিছে৷ এইক্ষেত্রত চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰিলে ৰাজপথত ধাৰাবাহিকভাৱে প্রাথমিক শিক্ষকসকলে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷

উল্লেখ্য যে প্রাথমিক শিক্ষক সন্মিলনীৰ সমীক্ষাৰ তথ্য অনুসৰি বিভিন্ন শিক্ষা মহকুমাত শিক্ষকবিহীন বিদ্যালয়ৰ সংখ্যা এনেধৰণৰ– শদিয়াত ৫খন, তিনিচুকীয়াত ১খন, ডিব্রুগড়ত ৩৮খন, চৰাইদেউত ২খন, নাজিৰাত ৭খন, মাজুলীত ৪খন, তিতাবৰত ৪খন, গোলাঘাটত ৫খন, বোকাখাতত ২খন, কলিয়াবৰত ১খন, হোজাইত ২খন, মৰিগাঁৱত ৬খন, গুৱাহাটীত ৩৭খন, ৰঙিয়াত ২খন, গোৱালপাৰাত ৩১খন, জোনাইত ৫খন, ধেমাজিত ১২খন, লখিমপুৰত ৪খন, গহপুৰত ৬খন, বিশ্বনাথ চাৰিআলিত ৪খন, তেজপুৰত ৫৫খন, বৰপেটাত ৭খন, উত্তৰ শালমাৰাত ৩খন, দক্ষিণ শালমাৰাত ৫খন, তামুলপুৰত ৭খন, মুছলপুৰত ১৯খন, শালবাৰীত ৫খন, কোকৰাঝাৰত ৫খন, গোসাঁইগাঁৱত ১খন, হাইলাকান্দিত ১৫খন, শিলচৰত ৯খন, লক্ষীপুৰত ৩খন, বঙাইগাঁৱত ১খন আৰু বজালীত ১খন৷ আনহাতে ৬টাকৈ শ্রেণী একেটা গৃহতে পাঠদান হৈ থকা বিদ্যালয়ৰ শিক্ষা মহকুমাসমূহ হৈছে– তিনিচুকীয়াত ৪০খন, ডিব্রুগড়ত ৮০খন, শিৱসাগৰত ১৫২খন, বোকাখাতত ৪০খন, কলিয়াবৰত ৬খন, নগাঁৱত ৩৮খন, হোজাইত ৯৫খন, মৰিগাঁৱত ৩৪২খন, জোনাইত ৭০খন, ঢ়কুৱাখনাত ৩০খন, বিশ্বনাথ চাৰিআলিত ১০১খন, তেজপুৰত ১১খন, বৰপেটাত ২৪০খন, মাণিকপুৰত ১১খন, উত্তৰ শালমাৰাত ৫৩খন, বিলাসীপাৰাত ১৭৯খন, ওদালগুৰিত ৯১খন, মুছলপুৰত ৩০খন, লক্ষীপুৰত ৫৫খন৷

You might also like