নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজ শিক্ষকৰ পদ প্রাদেশিকীকৰণত বাদ পৰিছে অর্হতাপূর্ণ শিক্ষক

শিক্ষক–কর্মচাৰী ঐক্যমঞ্চৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  ৰাজ্যৰ ১৩৪খন মহাবিদ্যালয়ৰ ৬৯০টা পদ প্রাদেশিকীকৰণৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা তালিকা ত্রুটিপূর্ণ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম শিক্ষক–কর্মচাৰী ঐক্যমঞ্চই৷ সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত ঐক্যমঞ্চৰ উপদেষ্টা মৌলানা খাইৰুজ জামানে কয় যে যোগ্য শিক্ষকক বঞ্চিত কৰি উচ্চ শিক্ষা সঞ্চালকালয়ে বৈষম্যমূলকভাৱে পদ প্রাদেশিকীকৰণৰ তালিকা প্রকাশ কৰিছে৷ যাৰ ফলত পদ প্রাদেশিকীকৰণৰ বাবে সকলো যোগ্যতা থকা সত্ত্বেও বিগত ২০–২৫ বছৰ ধৰি শিক্ষকতা কৰি অহা কলেজ শিক্ষক বঞ্চিত হ’বলগীয়া হৈছে৷ সেয়েহে উচ্চ শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা এই তালিকাখনৰ ক্ষেত্রত মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ হস্তক্ষেপ দাবী কৰি তেওঁ কয়– ‘২০–২৫ বছৰ ধৰি কাম কৰি অহা অধ্যাপক–ধ্যাপিকা বঞ্চিত হৈছে৷ পি এইচ ডি, নেট, শ্লেট সকলো অর্হতা থকা সত্ত্বেও বহুসংখ্যক অধ্যাপক–ধ্যাপিকাৰ নাম অন্তর্ভুক্ত হোৱা নাই সদ্যঘোষিত প্রাদেশিকীকৰণৰ তালিকাত৷ ২০১৩ চনত এই শিক্ষকসকলক অর্হতা নথকা বাবে প্রাদেশিকীকৰণৰ আওতালৈ অনা নাছিল৷ পৰৱর্তী সময়ত চৰকাৰী নিয়ম অনুসৰি কলেজ শিক্ষকসকলে অর্হতা আহৰণ কৰে৷ কিন্তু ইয়াৰ পিছতো এইবাৰো এই শিক্ষকসকল বঞ্চিত হ’বলগীয়া হৈছে৷ শিক্ষামন্ত্রীয়ে কৰা ঘোষণাত আমি সন্তুষ্ট আৰু কৃতজ্ঞ৷ কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা তালিকাখন শুদ্ধ নহয়৷ সেয়েহে শীঘ্রে এখন শুদ্ধ তালিকা প্রকাশ কৰি যোগ্যতাসম্পন্ন সকলোকে পদ প্রাদেশিকীকৰণৰ ব্যৱস্থা কৰিব লাগে৷’ পদ প্রাদেশিকীকৰণৰ দাবীৰে আগন্তুক বিধানসভা অধিৱেশনৰ পূর্বে ৰাজ্যৰ ১২৬গৰাকী বিধায়কক স্মাৰক–পত্র প্রদান কৰিব বুলি উল্লেখ কৰি তেওঁ কৰযোৰে চৰকাৰক অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰে৷ আনহাতে, উচ্চ শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা তালিকা সন্দর্ভত জামানে কয় যে ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণ কৰা শিক্ষকক পদ প্রাদেশিকীকৰণৰ তালিকাত অন্তর্ভুক্ত কৰা হোৱা নাই৷ বহু শিক্ষকৰ পদ শিক্ষানুষ্ঠানসমূহত শিক্ষার্থীৰ নামভর্তিৰ হাৰ কম হোৱাৰ বাবেই বঞ্চিত কৰা হৈছে৷ ইয়াৰ বিপৰীতে একাংশ বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণ কৰি অহা কলেজ শিক্ষকৰ পদৰ প্রাদেশিকীকৰণৰ বাবে এইবাৰ বৈষম্যমূলকভাৱে নাম সন্নিৱিষ্ট কৰা হৈছে৷ আনকি কম শিক্ষার্থীয়ে নামভর্তি কৰা কলেজৰ নামো প্রাদেশিকীকৰণৰ তালিকাত অন্তর্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে৷ ঐক্যমঞ্চৰ সভাপতি কুশল হালৈয়ে সংবাদ মেলত কয় যে নৱেম্বৰত প্রকাশ কৰিবলগীয়া প্রাথমিক পর্যায়ৰ পদ প্রাদেশিকীকৰণৰ ক্ষেত্রত যোগ্য আৰু অর্হতাসম্পন্নসকল সামৰি লোৱাৰ পদক্ষেপ গ্রহণ কৰিব লাগে৷ ইপিনে, সংবাদ মেলতে ঐক্যমঞ্চৰ সদস্যা দীপিকা গোস্বামী আৰু কিৰণ দাস ডেকাই প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ হতাশ হৈ পৰাত কান্দোনত ভাগি পৰে৷ বিগত ২০–২২ বছৰ ধৰি শিক্ষকতা কৰা সত্ত্বেও পদ প্রাদেশিকীকৰণৰ তালিকাত নাম অন্তর্ভুক্ত নোহোৱাত দুখ প্রকাশ কৰি মৰিগাঁৱৰ চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যাপিকা দীপিকা গোস্বামীয়ে চকুলো টুকি কয়– ‘২১ বছৰ ধৰি মহাবিদ্যালয়খনত মই শিক্ষকতা কৰি আহিছোঁ৷ মোৰ অধীনত শিক্ষা গ্রহণ কৰা বহু ছাত্র–ছাত্রী এতিয়া সমাজত প্রতিষ্ঠিত হৈছে৷ কিন্তু এতিয়া মোৰ পদটো প্রাদেশিকীকৰণৰ বাবে অযোগ্য হিচাপে বিবেচনা কৰা হৈছে যাক লৈ মই যথেষ্ট মানসিক অশান্তিত ভুগিছোঁ৷ আনকি কলেজলৈ যাবলৈও মানসিকভাৱে অপ্রস্তুত হৈ পৰিছোঁ৷ মোৰ লগত কাম কৰা শিক্ষক–শিক্ষয়িত্রীৰ পদ প্রাদেশিকীকৰণ হ’ল৷ কিন্তু সকলো যোগ্যতা থকা সত্ত্বেও মই বঞ্চিত হ’লোঁ৷ বিনাবেতনে ২০–২২ বছৰ ধৰি কাম কৰি আহিছোঁ৷ যদি যোগ্যতাই নাই, তেনেহ’লে মই প্রিজাইডিং বিষয়া, গুণোৎসৱৰ মূল্যায়নৰ বাবেও কিদৰে দায়িত্ব পালন কৰিলোঁ৷ আনকি বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাত বিশেষ পৰিদর্শক হিচাপেও চোৱাচিতা কৰিছোঁ৷’ আনহাতে কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা কিৰণ দাস ডেকাও কান্দোনত ভাগি পৰে আৰু দীপিকা গোস্বামীৰ দৰে একেটা সমস্যাৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰিছে বুলি উল্লেখ কৰে৷ চৰকাৰৰ বৈষম্যৰ বলি হৈ ৰাইজৰ পুতৌৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ মন্তব্য কৰি কৰযোৰে এই সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– ‘আমাৰ পৰিয়ালসমূহক ভাতে নামাৰিব৷ আমাকো জীয়াই থাকিবলৈ দিয়ক৷ আমি পঢ়ুওৱা শিক্ষার্থী টেট উত্তীর্ণ হৈ চাকৰি নিয়মীয়া হ’ল৷ কিন্তু আমি আজি প্রাদেশিকীকৰণৰ বাবে যোগ্য নহ’লোঁ৷’ উল্লেখ্য যে সংবাদ মেলখনত ঐক্যমঞ্চৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি ৭৬৮গৰাকী কলেজ শিক্ষকৰ পদ অনুমোদনৰ বাবে চৰকাৰে গ্রাহ্য কৰিছিল৷ কিন্তু সম্প্রতি ইয়াৰ ৬৯০টা পদহে প্রাদেশিকীকৰণৰ বাবে বিবেচনা কৰিছে৷

You might also like