নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ ভিতৰত পঞ্চম স্থানত অসম

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ–পূর্বাঞ্চল নিঃসন্দেহে উন্নয়নৰ দিশে আগবাঢ়িছে৷ পিছে অষ্টলক্ষীৰ অন্যতম ৰাজ্য হিচাপে ধোবাংবাং অসমৰ উন্নয়নৰ অৱস্থা৷ কেন্দ্রীয় ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডীৰ উপস্থিতিত আজি নিটি আয়োগে উন্মোচন কৰা এক প্রতিবেদনত ইয়াৰ বহিঃপ্রকাশ ঘটিছে৷ নিটি আয়োগে আজি প্রকাশ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অর্থাৎ এছ ডি জি সূচক ২০২১–২২ শীর্যক প্রতিবেদনখনত দেখা গৈছে উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে পঞ্চম৷ দৰিদ্র আৰু বুভুক্ষু ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম৷

উল্লেখ্য যে ছাষ্টেনেবল ডেভেলপমেণ্ট গ’ল্ছ অনুসৰি ২০৩০ চনৰ ভিতৰত এশ শতাংশ দৰিদ্রতা নির্মূল, ক্ষুধার্তৰ সংখ্যা শূন্যলৈ হ্রাস কৰা, সুস্বাস্থ্য, গুণগত শিক্ষা, শান্তি আৰু ন্যায় স্থাপন আদিকে ধৰি মুঠ ১৬টা শীতানৰ ওপৰত ভিত্তি কৰি নিটি আয়োগে ৰাজ্যসমূহৰ সূচক নির্ধাৰণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত পঞ্চমখন ৰাজ্য হিচাপে ২০২১–২২ চনৰ বাবে অসমৰ সূচকৰ পৰিসীমা হৈছে ৬২.৬৭ৰ পৰা ৭১.৭৩ৰ ভিতৰত৷ উত্তৰ–পূর্বাঞ্চলৰ মুঠ ১০৩খন জিলাৰ ভিতৰত সামগ্রিক অসমৰ কামৰূপ মেড্র’পলিটন জিলাখনে ১৮সংখ্যক স্থান লাভ কৰিছে৷ আৰু ইয়াতেই সন্তুষ্ট হৈ থাকিবলগীয়া হৈছে অসম৷ সামগ্রিক উন্নয়নৰ নিৰিখত সর্বনিম্ন জিলা হিচাপে ডিমা হাচাওৰ স্থান হৈছে ৮৪৷ মন কৰিবলগীয়া যে নিটি আয়োগে এছ ডি জি সূচকত মুঠ চাৰিটা ভাগত বিভক্ত কৰিছে৷ ০–৪৯ হৈছে এছপাইৰেণ্ট (পদপ্রার্থী) জিলা, ৫০–৬৪ হৈছে পাৰফৰমাৰ (সম্পাদনকাৰী) জিলা, ৬৫–৯৯ হৈছে ফ্রণ্ট ৰানাৰ (আগশাৰী) জিলা আৰু সূচকত ১০০ নম্বৰ পোৱা মানে এচিভাৰ অর্থাৎ লক্ষ্যত উপনীত হোৱা জিলা৷

লক্ষণীয়ভাৱে সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ কোনো এখন জিলাই এছপাইৰেণ্ট কিম্বা এচিভাৰৰ মর্যাদা লাভ কৰিব পৰা নাই যদিও ক্ষুধা নিবাৰণৰ সূচকত ১৮খন জিলাই তালিকাৰ সর্বনিম্ন স্থান লাভ কৰি এছপাইৰেণ্ট জিলা হিচাপে পৰিগণিত হৈছে৷ তালিকাত এই জিলাসমূহ হৈছে বাক্সা (১০৩), চিৰাং (১০২), কোকৰাঝাৰ (১০১), ওদালগুৰি (১০০), লখিমপুৰ (৯৮), ধেমাজি (৯৮), বঙাইগাঁও (৯৬), হাইলাকান্দি (৯৪), ধুবুৰী (৯৪), তিনিচুকীয়া (৯৩), যোৰহাট (৯২), নগাঁও (৮৭), কার্বি আংলং (৮৭), গোলাঘাট (৮৭), ডিমা হাচাও (৮৭), কামৰূপ মেড্র’পলিটান (৮৩), দৰং (৮৩), কাছাৰ (৮৩)৷ ক্ষুধা নিবাৰণৰ সূচকত এই জিলাসমূহে লাভ কৰিছে ৩৫ৰ পৰা ৪৯ সূচকাংক৷ ক্ষুধা নিবাৰণৰ তালিকাত অসমৰ শ্রেষ্ঠ জিলা হিচাপে বৰপেটাৰ স্থান হৈছে উত্তৰ–পূর্বাঞ্চলৰ ১০৩খন জিলাৰ ভিতৰত ৬৯৷ সূচকত লাভ কৰিছে ৫৮৷

আনহাতে, দৰিদ্রতা নির্মূলৰ ক্ষেত্রত ৰাজ্যৰ কামৰূপ মেড্র’পলিটান জিলাখনে কিছু উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ উক্ত শীতানত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত জিলাখনে চতুর্থ স্থান লাভ কৰিছে যদিও সূচকত দেখা গৈছে কামৰূপ মেড্র’পলিটনৰ সূচকাংক ৭৮৷ দৰিদ্রতা নির্মূলৰ লক্ষ্যৰে অসমৰ ভিতৰত আটাইতকৈ পিছপৰি আছে কার্বি আংলঙে৷ ৫০ শতাংশ সূচকাংকৰে তালিকাৰ ৮১নং স্থানত আছে জিলাখন৷ লক্ষণীয়ভাৱে অসমৰ ২৩খন জিলাক ফ্রণ্ট ৰানাৰ হিচাপে চিহ্ণিত কৰা হৈছে যদিও সূচকাংকৰ ক্ষেত্রত এই জিলাবোৰৰ অৱস্থা যথেষ্ট পুতৌজনক৷ আন ৪খন জিলা পাৰফৰমাৰ হিচাপে চিহ্ণিত কৰা হৈছে৷ লক্ষণীয়ভাৱে নতুনকৈ গঠন কৰা অসমৰ ছয়খন জিলাক নিটি আয়োগৰ এছ ডি জি সূচকৰ তালিকাৰ পৰা বাহিৰত ৰখা হৈছে৷ এই জিলাসমূহ হৈছে বিশ্বনাথ, চৰাইদেউ, হোজাই, মাজুলী, দক্ষিণ শালমাৰা–মানকাচৰ আৰু পশ্চিম কার্বি আংলং৷ উল্লেখ্য যে ‘এছ ডি জি সূচক ২০২১–২২’ শীর্ষক প্রতিবেদন উন্মোচনী অনুষ্ঠানত কেন্দ্রীয় ড’নাৰ মন্ত্রীৰ উপৰি নিটি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ আৰু চি ই অ’ অমিতাভ কান্তেও উপস্থিত থাকে৷ এছ ডি জি সূচকৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ কোন কোন ঠাইসমূহ পিছপৰি আছে, সেয়া চিহ্ণিত কৰাৰ উপৰি কোন কোন খণ্ডত কিমান পৰিমাণে বিনিয়োগ কৰাৰ অৱকাশ আছে, সেয়া জানিবলৈ সহায় কৰিব বুলি কেন্দ্রীয় ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডীয়ে মন্তব্য কৰে৷

You might also like